বিগত এমাহৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছে কন্ঠশিল্পী অৰ্চনা মহন্ত তথা অংগৰাগ পাপন মহন্তৰ মাতৃ। অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী প্ৰয়াত খগেন মহন্তৰ পত্নী অৰ্চনা মহন্ত ব্ৰেইন ষ্ট্ৰো’কত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হয় গুৱাহাটীস্থিত হেল্থ চিটি হাস্পাতালত। মাতৃৰ স্বাস্থ্যজনিত খবৰ প্ৰদান কৰিছে এতিয়া তেওঁৰেই পুত্ৰ অংগৰাগে। এমাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছে যদিও কন্ঠশিল্পী গৰাকীৰ বৰ্তমান পৰিস্থিতি পূৰ্বতকৈ উন্নত বুলিয়েই কয় তেওঁৰ পুত্ৰ পাপনে। খগেন মহন্ত আৰু অৰ্চনা মহন্ত দুয়ো মিলি বিভিন্ন খন মঞ্চত একেলগে গীত পৰিৱেশন কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। তেওঁলোকক যুঁটীয়াভাৱে পচন্দও কৰিছিল বিভিন্ন জনে। মাতৃৰ স্বাস্থ্যৰ খবৰ লাভ কৰিয়েই মুম্বাইৰ পৰা গুৱাহাটীলৈ ঢাপলি মেলিছিল পুত্ৰ অংগৰাগে। “লক-ডাউন” ৰ সমছয়ছোৱাত বিভিন্নটা নতুন কৰ্মৰ সৈতেও জড়িত হৈ আছিল অংগৰাগ। নিজ গীতৰ নতুন সংস্কৰণেৰে মনোৰঞ্জনো কৰোৱাইছিল অনুৰাগীৰ।


পাপনে শেহতীয়াকৈ এটি ভিডিঅ’ যোগে তেওঁৰ অনুৰাগী সমূহৰ আহ্বান অনুসৰি তেওঁৰ ইউটিউব চেনেলত আকৌ এবাৰ একটিভ থাকি বিভিন্ন গীত আপলোড কৰাৰ আশ্বাস প্ৰদান কৰে। তেওঁ কয় যে স্তব্ধতাৰ মাজতো শ্ৰোতা বা দৰ্শকৰ কাষ চপা মূল মাধ্যমটো বৰ্তমান ইউটিউব হৈ পৰিছে আৰু ইয়াতেই নিজৰ বিভিন্ন গীতক পুনৰ নতুন সংস্কৰণেৰে আপলোড কৰাৰ ব্যৱস্থা কৰিছে বুলি কন্ঠশিল্পী গৰাকীয়ে অনুৰাগীক জানিবলৈ দিয়ে। উল্লেখ্য যে, ৫০০ বছৰ পূৰণি কিছু সংখ্যক বৰগীতক লৈ তেওঁৰ কন্ঠৰেই মুক্তিপ্ৰাপ্ত “বৰগীত ঘোষা” ৰ প্ৰথমটো সংস্কৰণত অন্তৰ্ভূক্ত এটি বৰগীতৰ ভিডিঅ’ কিছুদিন পূৰ্বে মুকলি কৰে কন্ঠশিল্পী গৰাকীয়ে।
Add comment