“নুপূৰ” নামৰ সেই সৰল-সহজ ছোৱালীজনীৰ চৰিত্ৰটো নিশ্চয় আপোনালোকৰ সকলোৰে মনত আছে। কিয়নো এই চৰিত্ৰটোৱে প্ৰত্যেকৰে হৃদয়ত ঠাই বনাইছিল। প্ৰত্যেকেই চৰিত্ৰটোৰ সৈতে হাঁহিছিল-কান্দিছিল; আগন্তুক সময়ত অভিনেত্ৰী জুনু নাথক ৰং চেনেলত সম্প্ৰচাৰিত হ’বলগীয়া ধাৰাবাহিক “নমামী” ত দেখিবলৈ পোৱা যাব। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া তেওঁৰ অভিনয় যাত্ৰাৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “মোৰ যাত্ৰা আৰম্ভ হৈছিল ২০১৭ চনৰ শেষ ভাগৰ পৰাহে। মোৰ এই ক্ষেত্ৰখনত জড়িত হোৱা কথাটো একেবাৰে অপৰিকল্পিত আছিল; পূৰ্বতে সত্ৰীয়া নৃত্য শিকিছিলো লগতে ভিন্ন ঠাইত পৰিৱেশন কৰিছিলো যদিও কলেজত পঢ়ি থকা সময়ছোৱালৈ এইবোৰ প্ৰায় বাদেই পৰিছিল। প্ৰত্যেকগৰাকী পিতৃ-মাতৃয়ে এটাই আশা কৰে যে নিজৰ সন্তানে ভালকৈ পঢ়ি এটা চাকৰি কৰক। ঠিক তেনেকৈ মোৰ ক্ষেত্ৰতো হৈছিল; মই চাকৰি কৰিছিলো। কিন্তু এবাৰ মই পঢ়ি থকা প্ৰতিষ্ঠান খনত ফটোশ্বুটৰ প্ৰয়োজন হৈছিল গতিকে মইও সাধাৰণ এটা ফটোশ্বুট কৰিছিলো প্ৰাঞ্জল প্ৰতীম দাৰ ওচৰত; তেওঁ বহু ধৰণে মোক গাইড কৰিছিলে এগৰাকী দাদা হিচাপে।”

অভিনেত্ৰী গৰাকীয়ে আগলৈ কয় যে, “মোৰ যিখন প্ৰথম ছবি “ককাইদেউ বিন্দাছ” বুলি; ছবিখনৰ প্ৰযোজনা টীম “ড্ৰীম প্ৰডাকচনে” সেইটো সময়তে নতুন মুখৰ সন্ধান চলাইছিল আৰু বহু ফটোগ্ৰাফাৰৰ পৰা ফটো বোৰ যোগাৰ কৰিছিল। মোৰ ফটোখন তেনেকৈয়ে তেওঁলোকে পাই মোক অডি’শ্বনৰ বাবে মাতিছিল। সঁচা কথা ক’বলৈ গ’লে, এই আটাইবোৰ কথা প্ৰথম অৱস্থাত মই বিশ্বাস একেবাৰেই কৰা নাছিলো কিন্তু পিছলৈ অডিশ্বনৰ দিনা মই এনেই আছিলো বাবে কেনেকৈনো কি কৰে এবাৰ চাবলৈ অথবা নিজকে সেই পৰিস্থিতিটোত সংযোজন কৰিবলৈ ওলাই গৈছিলো। অডি’শ্বন তেনেদৰেই তিনিদিন মান চলিল; অন্য বহু ল’ৰা-ছোৱালীও আচলতে আছিল তাত। এইক্ষেত্ৰখনৰ কোনো জন ব্যক্তিক মই চিনি নাপাওঁ; কেতিয়াও এইবোৰৰ সৈতে জড়িত নাছিলো। কিন্তু যেতিয়া মোক কোৱা হৈছিল যে মোক ছবিখনৰ চৰিত্ৰটোৰ বাবে গ্ৰহণ কৰিছে তেতিয়া মই যিমান সুখী হৈছিলো, ভিতৰি ভয় মই তাতকৈ বেছি খাইছিলো। কিন্তু, ছবিখনৰ প্ৰযোজনা টীম ড্ৰীম প্ৰডাকচন, পৰিচালক ধ্ৰুৱ জ্যোতি বৰদলৈ দাদায়ে মোক অভিনয় কৰাত ইমান সহজ কৰি তুলিছিলে যে মই বিশ্বাসে কৰিব পৰা নাছিলো। মইটো একচন কোৱাৰ লগে লগে কঁপিবলৈ লৈছিলো কিন্তু আটাইবোৰে মোক অভিনয় কৰাত সহায় কৰিছিল। ভবা নাছিলো যে, এই কামটোৰ পিছতো মই বেলেগ কাম পাম। কিন্তু, এটা সঁচা কথা যে,ভাগ্যই তোমাক য’লৈকে টানিব; তালৈকে যাব লাগিব। মোৰো ছাগে ভাগ্যত এইটোৱে আছিল।”

“নূপুৰ” আৰু আহিবলগীয়া “নমামী” চৰিত্ৰটোৰ কোনগৰাকী তেওঁ ব্যক্তিগত জীৱনত বুলি প্ৰশ্ন কৰাত জুনুয়ে কয় যে, “ব্যক্তিগত জীৱনত মইয়ে “নুপূৰ” বা মই “নমামী” বুলি কয় দিব নোৱাৰো অথবা জুনু যে এগৰাকী বেলেগ সেইটোও মই ক’ব নোৱাৰো। “নুপূৰ” আছিলে এনে এক চৰিত্ৰ যিয়ে প্ৰতিটো সময়ত সকলোকে মৰমেৰে বান্ধিব পাৰে। আৰু, মই মানে “জুনু” য়ো এনে এগৰাকী ছোৱালী যিয়ে নিজৰ শেষ উশাহটোলৈ নিজৰ পৰিয়ালৰ সদস্য নাইবা প্ৰিয়জনৰ বাবে অহৰহ কাম কৰিব পাৰে। মোৰ এটা আন বেয়া স্বভাৱো আছে যে মই সহজতে সকলোকে বিশ্বাস কৰো। গতিকে, মই “নমামী” ৰ দৰেই হ’ম বা মইয়ে “নুপূৰ” আছিলো বুলি কয় দিব নোৱাৰো। কিন্তু, এইটোও ঠিক যে মোক মোৰ জীৱনত যাতে কোনোৱে আঙুলি টোঁৱাই কথা ক’ব নোৱাৰে মই তাৰ চেষ্টা কৰো। সন্মানটো মোৰ বাবে গুৰুত্বপূৰ্ণ; কাকো যাতে কোনো কাৰণতে মই দুখ নিদিও, মই তাৰ চেষ্টা কৰো। ব্যক্তিগত জীৱনত ক’বলৈ গ’লে মই এনেকুৱাই। এটা চৰিত্ৰৰ বাবে লিখোতাজনে এনে কিছু কামৰ সংযোজনো কৰিবলগীয়া হয় যিবোৰ হয়টো আমি ব্যক্তিগত জীৱনত কেতিয়াও নকৰিম। গতিকে তেনেকুৱা কথা; মই সাধাৰাণ কিন্তু মই “নমামী” নহওঁ অথবা “নুপূৰ” ও নহৈছিলো।”

আগন্তুক প্ৰকল্পৰ বিষয়ে সোধাত জুনুয়ে কয় যে, ” আগন্তুক পৰিকল্পনা বুলিবলৈ বহু কিবা কিবি আছে কিন্তু এতিয়ালৈ সঠিক হোৱা নাই। সমগ্ৰ পৃথিৱীৰ যিটো পৰিস্থিতি তাৰ বাবে আমি বহুখিনি পিছুৱাইও যাবলগীয়া হৈছে। মোৰ ভ্ৰাম্যমাণলৈ যোৱা কথা আছিল যদিও এইবছৰ এই সকলোবোৰেই স্তব্ধ হৈ পৰিল। গতিকে, চাওঁচোন কি হয়। ইয়াৰ উপৰিও মই নিজস্ব কিছু কাম কৰাৰ পৰিকল্পনা কৰিছো।”
Add comment