Rupaliparda.com
এইবাৰ "মেঘালী" ৰ সৈতে নীল আকাশঃ 1

এইবাৰ “মেঘালী” ৰ সৈতে নীল আকাশঃ

আকৌ এটি নতুন গীতৰ সৈতে আহি আছে কন্ঠশিল্পী নীল আকাশ। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত তেওঁৰ “প্ৰহেলিকা” লগতে “অ’ আকাশ” গীতটিয়ে ইতিমধ্যে লাভ কৰিছে জনপ্ৰিয়তা। “লক-ডাউন” ৰ মাজতেই অনুৰাগীক কিছু সকাহ দিয়াৰ মানসেৰে মুক্তি কৰি দিয়া হৈছিল উক্ত গীত দুটি। পুনৰ বাৰ “মেঘালী” শীৰ্ষক গীতটিৰ সৈতে শ্ৰোতাৰ মাজত আহিবলৈ সাজু হৈছে নীল আকাশ। উক্ত গীতটিৰ লিৰিকেল ভিডিঅ’টোক চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰী তাৰিখেই মুকলি কৰি দিয়া হৈছিল। প্ৰায় আটাইবোৰ গীতেৰেই জনপ্ৰিয় নীল আকাশ বৰ্তমানৰ এগৰাকী জনসাধাৰণৰ শীৰ্ষস্থানত থকা শিল্পী। তেওঁৰ গীত সমূহক লৈ উৎসাহিত হৈ থকাও দেখিবলৈ পোৱা যায় একাংশক। আচলতে, গীত সমূহৰ মাজেৰে জনসাধাৰণক কিবা এটা নতুন প্ৰদান কৰাৰ চেষ্টাও নকৰা নহয় তেওঁ। উল্লেখ্য যে, সামাজিক ব্যাধি মাজত সৰ্বসাধাৰণ ৰাইজৰ কাষ চপাওঁ দেখিবলৈ পোৱা যায় কন্ঠশিল্পী গৰাকী।


প্ৰথম “হুঁচৰি বিহু” ত নাচি তাৰ পিছত কেইবাখনো বিহু মঞ্চত গীত পৰিৱেশন কৰি সংগীত জীৱনৰ আৰম্ভণি কৰিছিল নীল আকাশে। তেওঁৰ যাত্ৰাটোৰ মাজতেই লুকাই আছে তেওঁৰ কষ্ট ও সংগ্ৰাম; নীল আকাশৰ প্ৰথম একক এলবাম আছিল “বিহুৱান”; তাৰ পিছত একেটা বৰ্ষত অৰ্থাৎ ২০১৬ ত তেওঁ মুক্তি কৰে তেওঁৰ আনটো এলবাম “এনাজৰী।” উক্ত দুয়োটা এলবামতেই পোৱা জনসাধাৰণৰ বহুল সঁহাৰিয়ে নীল আকাশক বৰ্তমান এই স্থানত প্ৰতিষ্ঠিত কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.