Rupaliparda.com
"মই ৰাইজৰ শিল্পী, ৰাইজৰ সৈতে থাকিম"- বৰ্ণালী কলিতা 1

“মই ৰাইজৰ শিল্পী, ৰাইজৰ সৈতে থাকিম”- বৰ্ণালী কলিতা

সম্প্ৰতি সময়ৰ চৰ্চিত বিষয়টোৱে হৈছে “শিল্পীয়ে কৰা ৰাজনীতিত যোগদান”; কি কংগ্ৰেছ দল অথবা কি বিজেপি। নিজ নিজ বিচাৰনুসৰি একোটাকৈ দলত যোগদান কৰি ৰাইজৰ অবিৰত সেৱাত ব্ৰতী থকাৰ যেন পৰিকল্পনা কৰিছে এতিয়া অসমীয়া শিল্পী সমাজে। কি যতীন; কি বাবু; কি আশা অথবা কি সীমান্ত শেখৰ; প্ৰত্যেকেই এতিয়া সক্ৰিয় ৰূপত আগবাঢ়ি আহিছে এই ৰাজনৈতিক ক্ষেত্ৰখনলৈ। যোগদান কৰা বিষয়টোক লৈ কোনোজন লোক যদি সুখী হৈছে; আনহাতে কোনোজনে কৰিছে সমালোচনা। আচলতে, সঁচা কথা ক’বলৈ গ’লে শুভকামনা জনোৱা অনুৰাগীতকৈ একাংশ লোকৰ সমালোচনাই অধিক প্ৰাধান্য লাভ কৰিছে এতিয়া। চচিয়েল মিডিয়াত “ক’ভিড” ৰ সজাগতা পোষ্টতকৈ বৰ্তমান সমালোচনা ও ককৰ্থনাৰে ভৰি পৰিছে একাংশৰ চচিয়েল মিডিয়াৰ ওৱাল। উক্ত বিষয়টোক লৈ আন অসমীয়া শিল্পীয়ে কোনো ধৰণৰ ব্যক্তিগত মন্তব্য কৰিবলৈ নাই বিচৰা যদিও শিল্পী সকলৰ এনে কাৰ্যক সঁহাৰিও কিন্তু জনোৱা নাই তেওঁলোকে। ব্যক্তিগত ইচ্ছানুসাৰে ৰাজনৈতিক দলত যোগদান কৰা বুলিয়ে মন্তব্য কৰে একাংশই; এনে পৰিপ্ৰেক্ষিততে, এই বিষয়ত ৰূপালীপৰ্দাই কথা পাতিছিল কন্ঠশিল্পী বৰ্ণালী কলিতাৰ সৈতে। জানিব বিচাৰিছিল এই বিষয়ত কন্ঠশিল্পী গৰাকীৰ মতামত; ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে বৰ্ণালীয়ে জনায় যে,

"মই ৰাইজৰ শিল্পী, ৰাইজৰ সৈতে থাকিম"- বৰ্ণালী কলিতা 2


“কা বিৰোধী আন্দোলনত সক্ৰিয় ভাৱে জড়িত আছিলো, আজি আছো আৰু আগলৈও থাকিম। কোনো গায়ক-গায়িকা, অভিনেতা-অভিনেত্ৰীয়ে যদি “কা” বিৰোধী মঞ্চক ব্যৱহাৰ কৰি ৰাজনীতিলৈ গৈছে; সেয়া তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত। মই “বৰ্ণালী কলিতা” হোৱাত কোনো ৰাজনৈতিক দল বা কোনো সংগঠনৰ অৰিহণা নাই। আছে কেৱল ৰাইজৰ মৰম আৰু আশীৰ্বাদ; চৰকাৰ যাৰেই নহওঁক, ই এক ব্যৱস্থাহে। চৰকাৰী সাহায্য, চৰকাৰী অনুদান লোৱা মানেই চৰকাৰৰ খনৰ দলটোক সমৰ্থন কৰা নুবুজায়। চৰকাৰ ৰাইজেই পাতে, ৰাইজেই ভাঙে। চৰকাৰৰ ভাল কৰ্মক সদায় সমৰ্থন কৰিম আৰু অন্যায় হ’লে ৰাইজৰ সৈতে প্ৰতিবাদ কৰিম।”

"মই ৰাইজৰ শিল্পী, ৰাইজৰ সৈতে থাকিম"- বৰ্ণালী কলিতা 3


কন্ঠশিল্পী গৰাকীয়ে আগলৈ কয় যে, “ৰাজনৈতিক দলৰ সৈতে জড়িত নোহোৱাকৈও ৰাইজৰ হকে সেৱা আগবঢ়াব পাৰি আৰু মই আগবঢ়াই আহিছো। “কা” বিৰোধিতা মঞ্চক ব্যৱহাৰ কৰি ৰাজনীতি নাই কৰা আৰু আগন্তুক সময়তো নকৰো। মই ৰাইজৰ শিল্পী, ৰাইজৰ সৈতে থাকিম।” বৰ্ণালী কলিতাৰ এনে মন্তব্যই হয়টো নিশ্চয় সকাঁহ প্ৰদান কৰিব কন্ঠশিল্পী গৰাকীৰ অনুৰাগীক। ৰাজ্যত সংঘটিত প্ৰতিটো বিষয়ত সক্ৰিয়ভাৱে নিজ মন্তব্য আগবঢ়ায় কন্ঠশিল্পী বৰ্ণালী কলিতাই। বানপানী অথবা জনসাধাৰণে অতদিনৰ পৰা সন্মুখীন হোৱা ক’ভিড পৰিস্থিতিয়েই নহওঁক কিয়; ৰাইজৰ মাজৰ এগৰাকী হৈ প্ৰায়ে জনসাধাৰণৰ সৈতে হাতে হাত ধৰি আগবাঢ়ে বৰ্ণালী কলিতা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform