Rupaliparda.com
টি.আৰ.পি লালসাত পুনৰ সিদ্ধাৰ্থ শুক্লাক আমন্ত্ৰণঃ 1

টি.আৰ.পি লালসাত পুনৰ সিদ্ধাৰ্থ শুক্লাক আমন্ত্ৰণঃ

বিগ বছৰ ১৩ নং সংস্কৰণটোৱে এক উল্লেখনীয় সফলতা পাবলৈ সক্ষম হৈছিল। ১৩ নং সংস্কৰণটোৰ বহুল সফলতাৰ পিছতেই ২০২০ চনৰ নতুন বিগ বছৰ সংস্কৰণটোৰ ওপৰত এক প্ৰশ্ন আহি পৰিছে। বিগত বৰ্ষৰ বিগ বছে টি.আৰ.পি লাভ কৰাৰ এক মূখ্য কাৰণ ৰূপে সিদ্ধাৰ্থ শুক্লাৰ নাম ল’ব পৰা যায়। এইবাবেই, সিদ্ধাৰ্থ শুক্লাক “শুভ” বুলি ভাৱিয়ে অভিনেতা গৰাকীক পুনৰ বাৰ বিগ বছ হাউচলৈ পঠিওৱাৰ পৰিকল্পনা কৰিছে এতিয়া বিগ বছ নিৰ্মাতাই। বিগ বছ ফেনক্লাৱৰ শেহতীয়া খবৰনুসৰি জানিব পৰা গৈছে যে, সিদ্ধাৰ্থ শুক্লাক এগৰাকী আলহী অতিথি ৰূপত শ্ব’টোত দুই সপ্তাহৰ বাবে আহিবলৈ অফাৰ দিয়া হয়। সিদ্ধাৰ্থ শুক্লাৰ উল্লেখনীয় ভাৱে থকা অনুৰাগীৰ সংখ্যাৰ বাবেই তেওঁক বিগ বছ নিৰ্মাতাই শ্ব’টোলৈ পুনৰ বাৰ অনাৰ প্ৰস্তুতি চলাইছে যাতে ১৪ নং সংস্কৰণটোৱেও এক সফলতা লাভ কৰে। বিগ বছ ১৩ সংস্কৰণটোৱে নিজ দীঘলীয়া যাত্ৰা অতিক্ৰম কৰাৰ সমান্তৰালকৈ এই শ্ব’টো সফল কৰাত এক ডাঙৰ হাত আছিল শ্বেহনাজ আৰু সিদ্ধাৰ্থ শুক্লাৰ যুঁটিটোৰ। যুঁটিটোক চাবলৈ অপেক্ষাও কৰি ৰৈছিল বিভিন্ন জনে।

টি.আৰ.পি লালসাত পুনৰ সিদ্ধাৰ্থ শুক্লাক আমন্ত্ৰণঃ 2
টি.আৰ.পি লালসাত পুনৰ সিদ্ধাৰ্থ শুক্লাক আমন্ত্ৰণঃ 3


বিগত বৰ্ষৰ চিজনটোত সিদ্ধাৰ্থৰ গেমে প্ৰতিজন দৰ্শককে আমোদ প্ৰদান কৰিছিল। এইবাৰো যদি সিদ্ধাৰ্থ শুক্লা শ্ব’টোত আহিবলৈ সাজু হয় তেনেহ’লে ইয়াতকৈ ডাঙৰ আমোদ তেওঁৰ অনুৰাগীৰ বাবে আন একোৱে হ’ব নোৱাৰে। এই বিষয়ত অৱশ্যে সিদ্ধাৰ্থৰ আধিকাৰিক পুষ্টি সমুখলৈ অহা নাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.