বিতৰ্কিত ধাৰাবাহিক “বেগমজান” ৰ ওপৰত ৬০ দিনৰ বাবে আৰোপ কৰা হ’ল নিষেধাজ্ঞা। ৬০ দিনৰ বাবে ধাৰাবাহিকখন প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰে প্ৰশাসনে লগতে কেবল টেলিভিছন নেটৱৰ্ক ৰেগুলেচন এক্ট উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। ধাৰাবাহিকখন প্ৰচাৰৰ পিছত আৰম্ভ হোৱা বিতৰ্কৰ বাবেই এই সিদ্ধান্ত আৰক্ষী আয়ূক্তৰ। ৰেঙণি চেনেল যোগে সন্ধিয়া ৬.৩০, ৮.৩০ বজাত আৰু নিশা ১১ বজাত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনৰ পৰিচালনা পৱন মহন্তৰ। ধাৰাবাহিকখনত গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহ ৰূপায়ন কৰিছে প্ৰীতিকংকনা, মৃদুল বৰুৱা, কমলেশ শইকীয়া আৰু কেইবাগৰাকী ন-পূৰণি অভিনেতা-অভিনেত্ৰীয়ে। ধাৰাবাহিকখনক লৈ বিগত দিনৰ পৰাই চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট দি দৰ্শকক আপ্লুত কৰি ৰাখিছিল অভিনেত্ৰী প্ৰীতিকংকনাই। এগৰাকী ব্ৰাহ্মণ ছোৱালীক মুছলমানলৈ দিয়া বিবাহৰ দৃশ্যই ধাৰাবাহিক খনে “লভ জেহাদ” ক উদ্গনি জগোৱা বুলিও একাংশই মন্তব্য কৰে।


ইতিমধ্যে ধাৰাবাহিকখনক লৈ বিভিন্নটা সংগঠনৰ লগতে বিভিন্ন জন লোকে ধাৰাবাহিকখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এই ধাৰাবাহিকখনক লৈ বিগত দিনৰ পৰা বিতৰ্কৰ পিছতেই বৰ্তমান এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আনহাতে, উল্লেখ্য যে, কন্ঠশিল্পী সীমান্ত শেখৰ ধাৱমান হৈছে বিজেপিলৈ।
Add comment