Rupaliparda.com
প্ৰেমৰ কাল ৰূপ; অভিমান-অভিযোগৰ কাহিনী "দূৰে দূৰে"- 1

প্ৰেমৰ কাল ৰূপ; অভিমান-অভিযোগৰ কাহিনী “দূৰে দূৰে”-

প্ৰেম; সংজ্ঞাহীন এক সুন্দৰ অনুভূতি। ই কেতিয়াবা কোনোজন ব্যক্তিৰ আগবঢ়াৰ কাৰণ আৰু কেতিয়াবা ই কোনোজন ব্যক্তিৰ পিছুৱাই অহাৰ কাৰণ। মুঠতে, “প্ৰেম” বোলা বস্তুটো চিৰদিন স্বৰ্গীয়; ই সদায় মনলৈ আনন্দ কঢ়িয়ায়। আৱেগৰ সৃষ্টি কৰে; কিন্তু যেতিয়া ই অতিমাত্ৰা হৈ পৰে তেতিয়া জনসাধাৰণক টানি লৈ যায় হতাশাৰ মাজলৈ। আৱেগপ্ৰৱণতাই ইমানেই অধিক আগ্ৰাসনত লৈ পেলাই যে জনসাধাৰণৰ মানসিক স্থিতিৰ ক্ষেত্ৰত ই এক প্ৰশ্ন হৈ পৰে। “হতাশা”; সম্প্ৰতি সময়ত অধিক পৰিমাণে ব্যৱহৃত এটা শব্দ। ই বহু জনসাধাৰণক নিজৰ মাজলৈ টানি নিয়া বুলি ইতিমধ্যে বাতৰি অথবা সংবাদ পত্ৰ যোগে দেখিবলৈ পাইছে ৰাইজে। বৰ্তমান পৰিপ্ৰেক্ষিতত, ই হাঁহাকৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে কেওঁদিশে। “লক-ডাউনে” বহু বহু দিনলৈ আপোনজনৰ ইজনক-আনজনৰ পৰা দূৰ কৰাৰ উপৰিও আৰ্থিক নাটনিৰো সৃষ্টি কৰিছে। বৰ্তমান সময়ত বহু আপোনজন দূৰ হৈছে; কোনোজন যদি পৰিস্থিতিৰ কবলত পৰি নহ’লে কোনোজন আঁতৰিছে নিজৰ দোষৰ বাবে। এইকেইটা দিনতে শ শ চুটি ছবিৰ মুক্তি ইতিমধ্যে হৈছে; নিত্য-নতুন বিষয়বস্তু তথা বৰ্তমান সময়ৰ সৈতে সন্নিৱিষ্ট একোটা কাহিনীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে একোখন সুন্দৰ চুটি ছবি। শেহতীয়াকৈ এখন চুটি ছবিৰ এটি গীতে আকৰ্ষণ কৰিছিল নৱপ্ৰজন্মক; ইয়াৰ উপৰিও এই চুটি ছবিখনৰ কাহিনীভাগ আছিল আজিৰ নৱপ্ৰজন্মই সংযোগ স্থাপন কৰিব পৰা এটা বিষয়। চুটি ছবিখনৰ নাম হৈছে “দূৰে দূৰে”; বেদান্তৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনক এতিয়া আকোঁৱালিছে অসমীয়া দৰ্শকে।


প্ৰেমৰ এক সুন্দৰ অথচ এটা সময়ত প্ৰেমে লোৱা এক ভয়ংকৰ ৰূপৰ কাহিনীক লৈ নিৰ্মাণ কৰি উলিওৱা হৈছে “দূৰে দূৰে”। ছবিখনৰ চিত্ৰনাট্য উল্লেখনীয় লগতে ইয়াৰ পৰিচালনাৰ ক্ষেত্ৰতো নৱপ্ৰজন্মৰ সৃষ্টি হিচাপে ই আকৰ্ষণীয়। ধাৰাবাহিকতা অথবা অভিনয়ৰ ক্ষেত্ৰত ইয়াক আৰু অধিক উন্নত কৰিব পৰা গ’লেহেঁতেন যদিও বৰ্তমান সময়ৰ এক কাহিনীক উপস্থাপন কৰাৰ বাবে ই দৰ্শকৰ মন টানিবলৈ সক্ষম হৈছে। সাহ নোৱাজতৰ সহ পৰিচালনাৰে এই চুটি ছবিখনত অভিনয় কৰিছে অৰিন্দম বৰ্মন, চৰ্চিতা শৰ্মা আৰু মুন্না মেধি বৰ্মনে। মনোজ বণিয়া আৰু মানস ৰাজবংশীৰ দৃশ্যগ্ৰহণেৰে চুটি ছবিখনৰ ডি.আই উদ্দীপ্ত কলিতাৰ।

প্ৰেমৰ কাল ৰূপ; অভিমান-অভিযোগৰ কাহিনী "দূৰে দূৰে"- 2


চুটি ছবিখনত সংযোজিত গীতটোৰ কথা অৰিন্দম বৰ্মণ, দেৱাশীষ কাশ্যপ আৰু জিষ্ণু ভৰদ্বাজৰ। গীতটিত কন্ঠদান কৰিছে দেৱাশীষে লগতে গীতটিৰ সংগীত দিছে বাবন বৰ্নিল আৰু অঞ্জনে। গীতটিৰ শব্দ সংমিশ্ৰণ পিংকু দাসৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform