Rupaliparda.com
মাতৃহাৰা অংগৰাগ পাপন মহন্তঃ; কন্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাইঃ 1

মাতৃহাৰা অংগৰাগ পাপন মহন্তঃ; কন্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাইঃ

অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ এক দুঃখবৰ। এক উজ্জ্বল নক্ষত্ৰ খহি পৰিছে অসমীয়া মনোৰঞ্জন জগত খনৰ পৰা; শোকস্তব্ধ অসমীয়া সাংস্কৃতিক জগত খনৰ লগতে সৰ্বসাধাৰণ ৰাইজ। আজি দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰিলে কন্ঠশিল্পী অৰ্চনা মহন্তই; গুৱাহাটীস্থিত হেল্থ চিটি হাস্পাতালত শেষ উশাহ লয় কন্ঠশিল্পী গৰাকীয়ে। বিগত ১৪ জুলাইৰ পৰা হাস্পাতালত ভৰ্তি হৈ আছিল অৰ্চনা মহন্ত। মগজুৰ ৰক্তক্ষৰণৰ বাবে চিকিৎসাধীন হৈ আছিল কন্ঠশিল্পী গৰাকী। অৰ্চনা মহন্তৰ মৃত্যু অসমীয়া সাংস্কৃতিক ক্ষেত্ৰৰ এক ডাঙৰ ক্ষতি; এগৰাকী কন্ঠশিল্পী হোৱাৰ সমান্তৰালকৈ অৰ্চনা মহন্ত আছিল “বিহু সম্ৰাট” খগেন মহন্তৰ পত্নী আৰু ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠিত কন্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ মাতৃ।

মাতৃহাৰা অংগৰাগ পাপন মহন্তঃ; কন্ঠশিল্পী অৰ্চনা মহন্ত আৰু নাইঃ 2

উল্লেখ্য যে, কিছুদিন পূৰ্বে মাতৃ সূস্থ হৈ উঠাৰ খবৰ ব্যক্ত কৰিছিল অংগৰাগ পাপন মহন্তই। কেইবাটাও কালজয়ী গীত ক্ৰমে “জোনটি ওলালে তৰাটি ওলাব”, “পাহাৰৰ জুৰিটি”, “শালিকী অ’ই”, “অ ফুলপাহ” ইত্যাদি বৰ্তমানেও জনসাধাৰণৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হৈছে। অৰ্চনা মহন্তৰ স্বামী খগেন মহন্তৰ ২০১৪ চনৰ ১২ জুন তাৰিখে দেহাৱসান ঘটিছিল।

https://www.instagram.com/p/CEYjr6jnk6y/?utm_source=ig_web_copy_link
https://www.instagram.com/p/CEYpa8RBGgt/?utm_source=ig_web_copy_link
https://www.instagram.com/p/CEYnGE_JV39/?utm_source=ig_web_copy_link


খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ যুঁটীয়া গীতসমূহে বৰ্তমানেও আলোড়িত কৰিছে অসমীয়া সংগীত প্ৰেমী শ্ৰোতাক। দুয়ো কন্ঠশিল্পীয়ে মঞ্চত একেলগে কৰা গীত পৰিৱেশনৰ চৰ্চা এতিয়াও ৰাজ্যজুৰি চলি থাকে। অৰ্চনা মহন্তই মৃত্যুৰ সময়ছোৱাত অংগৰাগৰ দুই পুত্ৰ-কন্যাকো এৰি যায়। অৰ্চনা মহন্তৰ মৃত্যুত শোকাহত হোৱা অসমীয়া সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাগৰাকীও কন্ঠশিল্পী তথা অভিনেতা-অভিনেত্ৰীয়ে চচিয়েল মিডিয়া যোগে একোটা পোষ্ট কৰি নিজৰ শোক ব্যক্ত কৰে। মুঠতে, ২০২০ চনে সকলোলৈ কঢ়িয়াইছে শোকৰ। ইজন-সিজনকৈ হোৱা একোগৰাকী শিল্পীৰ বিয়োগে খালী কৰিছে এতিয়া সাংস্কৃতিক ক্ষেত্ৰ।

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform