Rupaliparda.com
সুশান্তৰ কাহিনীক অইনলৈ পঠিয়ালে সচিন তিৱাৰীয়েঃ 1

সুশান্তৰ কাহিনীক অইনলৈ পঠিয়ালে সচিন তিৱাৰীয়েঃ

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতেই তেওঁৰ কাহিনীটোক কেন্দ্ৰ কৰি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে এখন ছবিৰ; যাৰ নাম হৈছে “সুসাইড অৰ মাৰ্ডাৰ”। ছবিখনৰ মূখ্য চৰিত্ৰ ৰূপায়নৰ বাবে বিচাৰ কৰি উলিওৱা হৈছিল সুশান্তৰ দৰেই কিছু একে দেখা তথা টিক-টক ষ্টাৰ সচিন তিৱাৰীক। ছবিখনৰ ইতিমধ্যে মুকলিও কৰা হৈছিল দুখনকৈ পোষ্টাৰ কিন্তু ছবিখনৰ পৰিচালনাৰ পূৰ্বেই সংকটত পৰিলে সচিন। ছবিখনৰ প্ৰযোজক মৰুত সিং আৰু ইয়াৰ পৰিচালনা সনোজ মিশ্ৰাৰ।

সুশান্তৰ কাহিনীক অইনলৈ পঠিয়ালে সচিন তিৱাৰীয়েঃ 2

দুয়োগৰাকীয়ে সচিন তিয়াৰীলৈ এখন লিগেল নটিছ প্ৰেৰণ কৰে আৰু আৰোপ লগায় যে আহিবলগীয়া এই অভিনেতা গৰাকীয়ে ছবিখনৰ স্ক্ৰীপ্ট কোনো এজন নতুন পৰিচালক আৰু প্ৰযোজকলৈ প্ৰেৰণ কৰে। ন্যুজ এজেঞ্জী এ.আই.এন.এচৰ ৰিপোৰ্টনুসৰি প্ৰযোজক মৰুতে কয় যে, “সচিনক নটিচ প্ৰেৰণ কৰা এবছৰ হৈ গ’ল যদিও বৰ্তমানলৈ তেওঁৰ ফালৰ পৰা কোনোধৰণৰ উত্তৰ আমি নাই পোৱা। বৰঞ্চ তেওঁ আমাৰ ফোনৰো উত্তৰ নিদিয়ে; শেহতীয়াকৈ মই জানিব পাৰিছিলো যে সচিনে আমাৰ ছবিৰ স্ক্ৰীপ্ট অইন কোনো পৰিচালক আৰু প্ৰযোজকক প্ৰেৰণ কৰিছে।”

সুশান্তৰ কাহিনীক অইনলৈ পঠিয়ালে সচিন তিৱাৰীয়েঃ 3


লগতে পৰিচালক সনোজেও সেই একেখিনি কথা বাখ্যা কৰি কয় যে, “বলীউডত নেপোটিজিমৰ চৰ্চা চলি থকা সময়ছোৱাতে হোৱা সুশান্তৰ মৃত্যুয়ে সকলোকে দুখ দিছে। আমি সচিনক ছবিখনৰ স্ক্ৰীপ্ট শুনাইছিলো আৰু প্ৰকল্পটোৰ বিষয়ে বাখ্যা কৰিছিলো। কিন্তু দূৰ্ভাগ্যবশত আমাৰ সৈতে প্ৰতাৰণা কৰা হ’ল। তেওঁ অইন কোনো প্ৰযোজক আৰু পৰিচালক গোষ্ঠীক ছবিখনৰ বিষয়ে প্ৰেৰণ কৰে।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.