Rupaliparda.com
আকৌ চৰ্চাত কৰণ জহৰঃ ভাইৰেল হৈছে পাৰ্টীৰ ড্ৰাগছ ভিডিঅ'- 1

আকৌ চৰ্চাত কৰণ জহৰঃ ভাইৰেল হৈছে পাৰ্টীৰ ড্ৰাগছ ভিডিঅ’-

সুশান্ত সিং ৰাজপুতৰ বিষয়টোত সমুখলৈ অহা কেইবাটাও তথ্যৰ সমান্তৰালকৈ বৰ্তমান “ড্ৰাগছ” ৰ দৰে এক বিষয়ো অন্তৰ্ভূক্ত হৈ পৰিছে। ৰিয়াৰ হোৱাটচপৰ কথোকথনত “ড্ৰাগছ” ৰ বিষয় লৈ কথা হোৱা ইতিমধ্যে জনসাধাৰণে সংবাদ মাধ্যম যোগে শুনিছে। সুশান্তৰ এই কেছত ন-কৈ অন্তৰ্ভূক্ত হোৱা ড্ৰাগছৰ বিষয়টোক লৈ পুনৰ বাৰ চচিয়েল মিডিয়াত ভাইৰেল হৈছে কৰণ জহৰৰ বাসগৃহত হোৱা পাৰ্টীৰ এক ভিডিঅ’। বিগত বৰ্ষত হোৱা এই পাৰ্টীটোত উপস্থিত হোৱা তাৰকা কেইজন আছিল ক্ৰমে ৰণৱীৰ কাপুৰ, দীপিকা পাডুকন, বিকি কৌশল, মালাইকা আৰোৰা আদিকে ধৰি কেইবাগৰাকীও। নিশাৰ এই পাৰ্টীটোৰ এটা ভিডিঅ’ চচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈছিল আৰু একাংশই উক্ত পাৰ্টীটোত থকা তাৰকা সকলে ড্ৰাগছ সেৱন কৰা বুলিও আৰোপ লগাইছিল। আচলতে এই বিষয়ত নিজ স্পষ্টীকৰণ কৰণ জহৰে নিজেই দাঙি ধৰিছিল। তেওঁ কৈছিল যে, “মানে আপোনালোকৰ মতে কোনো লোকে নিজৰ নাকটোও খজুৱাব নোৱাৰে আৰু ফোনটো নিজৰ পিছৰটো পকেটতো সোমাই থ’ব নোৱাৰে।”

আকৌ চৰ্চাত কৰণ জহৰঃ ভাইৰেল হৈছে পাৰ্টীৰ ড্ৰাগছ ভিডিঅ'- 2


আকৌ তেওঁ কয় যে, “কাৰোবাৰ ওপৰত পৰা পোহৰটো যদি পাউদাৰ দৰে হয় তেতিয়াহ’লে তাত ভুল কি? এই পাৰ্টীত এনেবোৰ লোক আছিল যিয়ে গোটেই সপ্তাহটো কষ্ট কৰি কিছু ভাল সময় কটাবলৈ আহিছিল। মই ভালকৈ ভিডিঅ’ প্ৰস্তুত কৰিছিলো আৰু ইয়াত যদি কিবা ভুল থাকিল হৈ মই জানো ইয়াক শ্বেয়াৰ কৰিলো হয়? মই ইমানো মূৰ্খ নহয়।” কিন্তু বৰ্তমান এই কৰণ জহৰৰ এই ভিডিঅ’টোক বহুল ৰূপত ভাইৰেল কৰি তোলা হৈছে চচিয়েল মিডিয়াত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform