শেহতীয়া খবৰ অনুসৰি সুশান্ত সিং ৰাজপুতৰ বিষয়ত আকৌ এক নতুন খবৰ সমুখলৈ আহিছে। সিদ্ধাৰ্থ পিঠানীয়ে চি.বি.আইৰ ওচৰত বাখ্যা কৰে যে ৰিয়া চক্ৰৱৰ্তীয়ে ৮ জুন তাৰিখে সুশান্তৰ বাসগৃহ এৰাৰ পূৰ্বে ৮ খনকৈ হাৰ্ড ড্ৰাইভ নষ্ট কৰি পেলায়। বৰ্তমান চি.বি.আইয়ে প্ৰতিদিনে স্বৰ্গীয় সুশান্তৰ নিত্য-নতুন কথা সমুখলৈ অনা দেখিবলৈ পোৱা গৈছে। চি.বি.আইয়ে মুম্বাই আৰক্ষীৰ পৰা সুশান্তৰ কেছটো লৈ লোৱা পিছতেই বিভিন্ন জন লোকক মতাই আনি তেওঁলোকৰ সৈতেও কথা-বতৰা আৰম্ভ কৰে।

মূখ্য লোকৰ ভিতৰত এজন হৈছে সিদ্ধাৰ্থ পিঠানী; এই সিদ্ধাৰ্থ পিঠানী সেইজনেই ব্যক্তি যিগৰাকী সুশান্ত সিং ৰাজপুতৰ ফ্লেটমেট আছিল আৰু অভিনেতা গৰাকীৰ মৃত্যুৰ সময়ছোৱাত তেওঁৰ বাসগৃহত উপস্থিত আছিল। সিদ্ধাৰ্থ পিঠানীৰ সৈতে ষষ্ঠ দিনলৈ চি.বি.আইয়ে নিজৰ ধাৰাবাহিক তদন্ত অব্যাহত ৰাখিছে। বৰ্তমান সিদ্ধাৰ্থে কোৱা মতে ৮ খন হাৰ্ড ড্ৰাইভ নষ্ট কৰা কথাটো কোনোপধ্যেই গ্ৰহণযোগ্য হৈ উঠা নাই।

জানিব পৰা মতে, সিদ্ধাৰ্থ পিঠানীয়ে চি.বি.আইক কয় যে ৮ জুন তাৰিখে অৰ্থাৎ ৰিয়াই সুশান্তৰ বাসগৃহ এৰি ওলাই যোৱা দিনটোত সৰ্বমুঠ ৮ খন হাৰ্ড ড্ৰাইভ নষ্ট কৰি পেলাইছিল। এই হাৰ্ড ড্ৰাইভ কেইখনত কি আছিল, কি তথ্যৰে পৰিপূৰ্ণ কৰা হৈছিল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত। সুশান্ত সিং ৰাজপুতৰ বিষয়টোত কোনো সঠিক স্থিতিলৈ আহিব পৰা নাই যদিও প্ৰত্যেক দিনাই ওলাই অহা নতুন খবৰে এতিয়া আচম্বিত কৰিছে জনসাধাৰণক।
Add comment