এটা ৰোমান্টিক গীতৰ সৈতে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ কন্ঠই প্ৰতি গৰাকী অসমীয়া সংগীত প্ৰেমী শ্ৰোতাৰ হৃদয়ত গীতাৰ বজায়। “অনামিকা” ৰ পৰা আৰম্ভ কৰি “মন যায়” শীৰ্ষক গীতবোৰ চিৰ যুগমীয়া; যাক প্ৰতিটো মূহুৰ্ততে শুনিব পৰা যায়। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “ভবাই নাছিলো” ৰ দ্বাৰা যেন সংগীত প্ৰেমী শ্ৰোতাই উভতাই পাইছে জনপ্ৰিয় কন্ঠশিল্পী গৰাকীক। তাতেই আকৌ যুঁটীয়াভাৱে কন্ঠদান কৰিছে আন এগৰাকী অসমীয়া জনপ্ৰিয় কন্ঠশিল্পী তথা অভিনেত্ৰী লগতে যুৱপ্ৰজন্মৰ মৰমৰ দীপলিনা ডেকাই। বিগত বহু দিনৰ পৰা চৰ্চা লাভ কৰি থকা এই গীতটোৰ যেতিয়াই ভিডিঅ’টোৰ সৈতে সম্পূৰ্ণ গীতটি মুক্তি লাভ কৰিলে; তাৰ কিছু মূহুৰ্ত পিছতেই জনপ্ৰিয়তাৰ সমান্তৰালকৈ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল “ভবাই নাছিলো”। চন্দন দাস আৰু দীপলিনা ডেকা অভিনীত গীতটোৰ ভিডিঅ’টোত থকা কাহিনীভাগেও বাৰুকৈয়ে চুইছে জনসাধাৰণক। সৰল প্ৰেমৰ সম্পৰ্কটোৰ সুক্ষ্ম সুক্ষ্ম ভাৱানুভূতিৰ উপস্থাপনে জনসাধাৰণক আকৰ্ষণ কৰাত সক্ষম হৈছে।
দীপলিনা ও জুবিন গাৰ্গৰ এই সদ্যমুক্তিপ্ৰাপ্ত “ভবাই নাছিলো” গীতটিত কথা ৰাহুল দে’ দাসৰ আৰু গীতটিত সংগীত দিছে অনুপম কোঁৱৰে। গীতটিৰ পৰিচালনা প্ৰবীণ বৰাৰ আৰু পোষ্টাৰ ডিজাইন কৰিছে বুবুল চন্দ্ৰ মেধিয়ে। আনহাতে গীতটিত ভিডিঅ’ পৰিচালক ৰূপেও আছে দীপলিনা ডেকা আৰু ইয়াৰ দৃশ্যগ্ৰহণ অৰিন্দম ডেকাৰ। চিত্ৰনাট্য আৰু সহযোগী পৰিচালক হৈছে প্ৰণৱ ভৰালী। আটলাচ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত এই গীতটিয়ে ইউটিউবতো খলকনিৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, আগন্তুক সময়ত দীপলিনাৰ ডেকাৰ অনুৰাগীয়ে লাভ কৰিব আন এক সু-খবৰ। পোন প্ৰথমবাৰৰ বাবে এখন চুটি ছবিৰ সৈতে দেখিবলৈ পোৱা যাব কন্ঠশিল্পী তথা অভিনেত্ৰী গৰাকীক। ক্ৰাইমধৰ্মী এই চুটি ছবিখনত দীপলিনাক দেখিবলৈ পোৱা যাব এক ন-ৰূপত।
Add comment