Rupaliparda.com
"বিজেপিক ভালপাওঁ বুলিয়েই যে তেওঁৰ ১০০ শতাংশই যে কাম ভাল পাম"- প্ৰাঞ্জল পৰশ 1

“বিজেপিক ভালপাওঁ বুলিয়েই যে তেওঁৰ ১০০ শতাংশই যে কাম ভাল পাম”- প্ৰাঞ্জল পৰশ

অসমীয়া শিল্পী সমাজৰ ৰাজনীতিলৈ ধাৱমান হোৱা কাৰ্যত এতিয়া একাংশৰ প্ৰশ্ন; একাংশৰ সমালোচনাই জৰ্জৰিত কৰিছে চচিয়েল মিডিয়া। অইন শিল্পী সকলৰ প্ৰতিক্ৰিয়াও সমুখলৈ অহা দেখিবলৈ পোৱা গৈছে এতিয়া। বৰ্ণালী কলিতাৰ সমান্তৰালকৈ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এতিয়া কন্ঠশিল্পী প্ৰাঞ্জল পৰশে। সৰুৰ পৰা সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা এই গৰাকী কন্ঠশিল্পীৰ “অ দাইদে”, “কলংকিনী ৰাধা” শীৰ্ষক গীত সমূহৰ জনপ্ৰিয়তা লেখত ল’বলগীয়া। “কা” বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা প্ৰাঞ্জল পৰশৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ এক্সক্লুচিভ সাক্ষাৎকাৰ যোগে যেতিয়া তেওঁক শিল্পীয়ে ৰাজনৈতিক ক্ষেত্ৰত কৰা যোগদানৰ বিষয়ত প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “এইটো আচলতে এটা ব্যক্তিগত কথা, ৰাজনৈতিক ক্ষেত্ৰত অহা বুলি মই একাষাৰেই “শিল্পী” শব্দটো ব্যৱহাৰ কৰিবলৈ বেয়া পাইছো। ইয়াৰ মাজত কোনোবাজন অভিনেতা হ’ব পাৰে অথবা অভিনেত্ৰী হ’ব পাৰে; কোনোবাজন কলা-কুশলী অথবা গায়ক-গায়িকাও হ’ব পাৰে। শিল্পীসত্তা থাকিলেহে আচলতে এগৰাকী শিল্পী হ’ব পাৰে আৰু সঁচা কথা ক’বলৈ গ’লে “শিল্পী” য়ে আজি এটা দলত অথবা কাইলৈ আন এটা দলত সচৰাচৰ নাথাকে। “কা” বিৰোধিতা আমিও কৰিছো কিন্তু আজি যিসকল “কা” বিৰোধী লোকক দেখিছো তেওঁলোকে আকৌ আন এটা দললৈ গৈ “কা” ক সন্মতি জনোৱাও আমি দেখিছো; বাৰু, সেয়া তেওঁলোকৰ ব্যক্তিগত মতামত।

"বিজেপিক ভালপাওঁ বুলিয়েই যে তেওঁৰ ১০০ শতাংশই যে কাম ভাল পাম"- প্ৰাঞ্জল পৰশ 2


আনহাতে, এটাও কথা সঁচা যে কোনোজন অভিনেতা-অভিনেত্ৰী অথবা গায়ক-গায়িকাই যে ৰাজনৈতিক দলত যোগদান কৰিব নোৱাৰে সেই বুলিও ক’তো লিখা নাই কাৰণ সেয়া তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ। তেওঁলোক একোখন ক্ষেত্ৰত এটা নিৰ্দ্দিষ্ট নামেৰে জনপ্ৰিয় হোৱাৰ পূৰ্বে এওঁলোক একোগৰাকীকৈ ভাৰতীয় নাগৰিক। কিন্তু, এটাই আশা কৰিছো যাতে এয়া যি হয় আছে সেয়া সমাজৰ হিতৰ বাবে হওঁক। তেওঁলোক ৰাজনৈতিক ক্ষেত্ৰখনত আগবঢ়াৰ লগে লগে সাংস্কৃতিক দিশৰ আসোঁৱাহ সমূহো দূৰ কৰক। মই ৰামেশ্বৰ পাঠক দেৱৰেই নাম ল’ম; তেওঁ নিজৰ অন্তিম কালত যেনেদৰে আৰ্থিক সমস্যাত ভূক্তভোগী হৈছিল তেনে অসুবিধা অনাগত দিনত যাতে মনোৰঞ্জন ক্ষেত্ৰ খনৰ সৈতে জড়িত কোনোৱে সন্মুখীন নহওঁক তাৰ প্ৰতি লক্ষ্য ৰখাটো মই বিচাৰিছো।” আগন্তুক সময়ত “কা” বিৰোধী আন্দোলনত পুনৰ বাৰ যোগদান কৰিব নে নাই বুলি ৰূপালীপৰ্দাই কৰা প্ৰশ্নৰ উত্তৰত প্ৰাঞ্জল পৰশে জনায় যে,

"বিজেপিক ভালপাওঁ বুলিয়েই যে তেওঁৰ ১০০ শতাংশই যে কাম ভাল পাম"- প্ৰাঞ্জল পৰশ 3


“আমৰ অগ্ৰজ সকলে যিখিনি কথা আমাক শিকাইছে সেইখিনি আমি চালি-জাৰি চালো তথাপিও এটা কথা ক’বই লাগিব যে আজি ৰাজনৈতিক দল হিচাপত মই বিজেপিক সমৰ্থন কৰো। আৰু, আমি ভাল পাওঁ বাবেই হয়টো আজি বিজেপি শাসনত আছে। কিন্তু, বিজেপিক ভালপাওঁ বুলিয়েই যে তেওঁৰ ১০০ শতাংশই যে কাম ভাল পাম সেইটো একেবাৰেই গ্ৰহণযোগ্য নহয়। পিছলৈ যদিও মই কোনো দলক সহাঁৰি জনাও তৎস্বত্বেও “কা” ক লৈ মোৰ স্থিতি অটল থাকিব। “কা” এটা তেওঁলোকৰ আইন; যিটো তেওঁলোকে মানিব বিচাৰিছে কিন্তু আমি মানিব নাই বিচৰা।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform