Rupaliparda.com
উমৈহতীয়াকৈ নিজ স্থিতি বুজাই দিলে জুবিন গাৰ্গেঃ নিৰপেক্ষ লোকেৰে এইবাৰ গঠন হ'ব আৰ্টিষ্ট ইলেভেন- 1

উমৈহতীয়াকৈ নিজ স্থিতি বুজাই দিলে জুবিন গাৰ্গেঃ নিৰপেক্ষ লোকেৰে এইবাৰ গঠন হ’ব আৰ্টিষ্ট ইলেভেন-

চচিয়েল মিডিয়াত কৰা জুবিন গাৰ্গৰ আনুষ্ঠানিক ঘোষণাৰ মাজতেই খলকনি সচেতন মহলত। নিশা চচিয়েল মিডিয়াত পোষ্ট আপলোড কৰি উমৈহতীয়াকৈ নিজ স্থিতি বুজাই দিলে জুবিন গাৰ্গে। কোনো নিৰ্দ্দিষ্ট ৰাজনৈতিক দলত যোগদান কৰা অভিনেতা-অভিনেত্ৰী, কন্ঠশিল্পী অথবা কলা-কুশলীক জুবিনে নিষিদ্ধ কৰিলে আৰ্টিষ্ট ইলেভেনত। নিৰপেক্ষ শিল্পী সকলৰ যোগদানেৰেহে এইবাৰ ভৰিব আৰ্টিষ্ট ইলেভেন। সাম্যবাদী লোকে খেলিব এইবাৰ ফুটবল ইলেভেন; উক্ত কথাখিনি চচিয়েল মিডিয়াত প্ৰচাৰ চলা পিছতেই ভাইৰেল হৈ পৰিছে খবৰটো। বৰ্তমান চৰ্চিত বিষয়নুসৰি শিল্পী সকলে ৰাজনৈতিক দলত কৰা যোগদানে বিগত দিনৰ পৰা বহুল হাৰত সমালোচনাৰ সৃষ্টি কৰি আহিছে। ইয়াৰ মাজতেই, একাংশই জুবিন গাৰ্গকো এই বিষয়ত টানিবলৈ চেষ্টা কৰিছিল; কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে ঘোষণা কৰা পিছতেই হাৰ্টথ্ৰৱ গৰাকীক লৈ হোৱা কোঁচকাৱাজৰ দ্ৰুতগতিত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিল যদিও শেহতীয়াকৈ জুবিনে দিয়া পোষ্টত ফুটি উঠিছে কন্ঠশিল্পী গৰাকীৰ স্থিতি।

উমৈহতীয়াকৈ নিজ স্থিতি বুজাই দিলে জুবিন গাৰ্গেঃ নিৰপেক্ষ লোকেৰে এইবাৰ গঠন হ'ব আৰ্টিষ্ট ইলেভেন- 2
উমৈহতীয়াকৈ নিজ স্থিতি বুজাই দিলে জুবিন গাৰ্গেঃ নিৰপেক্ষ লোকেৰে এইবাৰ গঠন হ'ব আৰ্টিষ্ট ইলেভেন- 3


অৰ্থনৈতিক বিপ্লৱ অনাৰ মানসেৰে ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা আলোচনাৰ পিছত জুবিন গাৰ্গক লৈও একাংশই সমালোচনা কৰা দেখিবলৈ পোৱা গৈছিল। তৎস্বত্বেও, জুবিন গাৰ্গে বাৰম্বাৰ নিজৰ স্থিতি অটল থকাৰ সিদ্ধান্ত লৈ “কা” বিৰোধী আন্দোলনত সক্ৰিয় ৰূপে পুনৰ বাৰ থিয় দিয়াৰো কথা সুঁৱৰাই দিয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.