Rupaliparda.com
অনুষ্কা শৰ্মাৰ গৰ্ভৱতী হোৱা খবৰতকৈ অধিক ভাইৰেল তেওঁৰ কাপোৰঃ 1

অনুষ্কা শৰ্মাৰ গৰ্ভৱতী হোৱা খবৰতকৈ অধিক ভাইৰেল তেওঁৰ কাপোৰঃ

শেহতীয়াকৈ বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ক্ৰিকেটাৰ বিৰাট কোহলীয়ে এক সুখবৰ ব্যক্ত কৰিছিল ৰাইজৰ মাজত। আগন্তুক বৰ্ষত এজন সৰু আলহী “বিৰুষ্কা” ৰ জীৱনলৈ অহাৰ কথা অনুৰাগীৰ মাজত জনাইছিল দম্পতীদ্বয়ে। দুয়ো এখন ফটো শ্বেয়াৰ কৰিছিল চচিয়েল মিডিয়াত; কিন্তু বৰ্তমান চচিয়েল মিডিয়াত ভাইৰেল এই ফটো কপি। “বিৰুষ্কা” ৰ জীৱনলৈ অহা সুখবৰটোতকৈ অধিক প্ৰাধান্য লাভ কৰিছে ফটোখনত অনুষ্কা শৰ্মাই পিন্ধি থকা কাপোৰ যোৰেহে। আচলতে, ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডেয়াইও যেতিয়া পিতৃসুখ লাভ কৰা বাতৰি পোন প্ৰথবাৰৰ বাবে জনসাধাৰণৰ মাজত প্ৰকাশ কৰিছিল তেতিয়া তেওঁ শ্বেয়াৰ কৰা ফটোখনত হাৰ্ডিকৰ পত্নী নতাশাইও সেই একেধৰণেৰে এযোৰ কাপোৰ পৰিধান কৰিছিল। বৰ্তমান চচিয়েল মিডিয়াত একাংশ মিম প্ৰস্তুতকাৰীয়ে ফটোখনক লৈ মিম শ্বেয়াৰ কৰাৰ লগতে একাংশই উক্ত অভিনেত্ৰী দুগৰাকীয়ে পৰিধান কৰা কাপোৰ যোৰক যাদুকৰী আখ্যা দিয়ে। একাংশইটো এয়াও কৈছে যে, সেই নিৰ্দ্দিষ্ট কাপোৰ যোৰ পৰিধান কৰাৰ পিছতহে মাতৃত্বৰ সুখ লাভ কৰিব পৰা যায়।

https://twitter.com/AKayRajput13/status/1299524355622227974?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1299524355622227974%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-anushka-sharma-polka-dot-dress-went-viral-and-hardik-pandya-wife-natasa-stankovic-also-weared-same-dress-before-pregnancy-20686731.html
https://twitter.com/beinghuman_kash/status/1299236118613778432?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1299236118613778432%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-anushka-sharma-polka-dot-dress-went-viral-and-hardik-pandya-wife-natasa-stankovic-also-weared-same-dress-before-pregnancy-20686731.html
https://twitter.com/whoSpSinghyadav/status/1299375216120877057?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1299375216120877057%7Ctwgr%5E&ref_url=https%3A%2F%2Fwww.jagran.com%2Fentertainment%2Fbollywood-anushka-sharma-polka-dot-dress-went-viral-and-hardik-pandya-wife-natasa-stankovic-also-weared-same-dress-before-pregnancy-20686731.html


বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই ২৭ আগষ্ট তাৰিখে এই কথা নিজ অনুৰাগীক জনায়। আইপিএলৰ বাবে স্বামী-স্ত্ৰী বৰ্তমান মুম্বাই বাসগৃহতেই আছে। আইপিএলৰ বাবে অভ্যাস কৰাৰ পূৰ্বেই বিৰাটে এটা সৰু পাৰ্টী দিয়ে। আনহাতে, অনুষ্কাই গৰ্ভধাৰণ কৰা পোষ্টটোৱে চচিয়েল মিডিয়াত লাভ কৰিছে ১৫ মিলিয়নতকৈও অধিক লাইক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.