Rupaliparda.com
"মইও এগৰাকী ৰাজনৈতিকভাৱে সক্ৰিয় সাধাৰণজন আৰু মই ইয়াক নুই নকৰো"- দীপলিনা ডেকা 1

“মইও এগৰাকী ৰাজনৈতিকভাৱে সক্ৰিয় সাধাৰণজন আৰু মই ইয়াক নুই নকৰো”- দীপলিনা ডেকা

সম্প্ৰতি পৰিস্থিতিত ক’ভিডেই হওঁক নাইবা ৰাজনৈতিক স্থিতিয়েই হওঁক; এই আটাইবোৰেৰে এক অশান্ত পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে ৰাজ্যত। “শিল্পী” শব্দটোক একাংশই কৰা উপলুঙাৰ লগতে আন একাংশই নানানটা প্ৰশ্নৰো উত্থাপন কৰিছে শিল্পী সমাজৰ ওপৰত। ৰাজনীতিত কৰা যোগদানৰ পিছতেই সংবাদ মাধ্যম লগতে অসমীয়া সৰ্বসাধাৰণ ৰাইজৰ মনত কেইবাটাও প্ৰশ্নৰ সৃষ্টি হৈছে; যাৰ বাবে তেওঁলোকে আন অভিনেতা-অভিনেত্ৰী, কন্ঠশিল্পী সমূহৰো মতামত জানিবলৈ ব্যতিব্যস্ত হৈ পৰিছিল। ঠিক তেনেক্ষেত্ৰতেই এইবাৰ ৰাজহুৱাকৈ নিজ স্থিতি জনাইছে কন্ঠশিল্পী দীপলিনা ডেকাই। কন্ঠৰ লগতে নিজ কথাৰে দৰ্শকৰ হৃদয়ত বাস কৰা কন্ঠশিল্পী দীপলিনাই এটি পোষ্ট যোগে কয় যে, “আমি এক অশান্ত পৰিৱেশৰ সৈতে বাস কৰি আছো। মোকো বহুতেই ৰাজনীতি, জাতি তথা “কা” বিৰোধী আন্দোলন আদিৰ বিষয়ে প্ৰশ্ন কৰি আহিছে। কিন্তু এটা কথা যে,যি ব্যক্তিৰ যি ধৰণৰ মতাদৰ্শ ; সি তাত অটল থকাটোহে গুৰুত্বপূৰ্ণ।

"মইও এগৰাকী ৰাজনৈতিকভাৱে সক্ৰিয় সাধাৰণজন আৰু মই ইয়াক নুই নকৰো"- দীপলিনা ডেকা 2


আকৌ, দীপলিনাই লিখে যে, “সঁচা অৰ্থত মইও এগৰাকী ৰাজনৈতিকভাৱে সক্ৰিয় সাধাৰণজন আৰু মই ইয়াক নুই নকৰো। আৰু, আমি যেতিয়াৰ পৰাই আমাৰ চিষ্টেমটোক লৈ নিজৰ মানসিকতা ব্যক্ত কৰিবলৈ ল’ম তেতিয়াৰ পৰাই আমি নিজক “উন্নত” বুলি ক’ব পাৰিম।” দুদিন পূৰ্বে কৰা এই পোষ্টটোক বৰ্তমান আকোঁৱালি লোৱাৰ লগতে কন্ঠশিল্পী গৰাকীৰ অনুৰাগীয়ে ইয়াক যথেষ্ট পৰিমাণে সঁহাৰিও জনাইছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.