Rupaliparda.com
সুশান্তলৈ ঋতৃষা শৰ্মাই যাঁচিলে গীতেৰে শ্ৰদ্ধাঞ্জলিঃ 1

সুশান্তলৈ ঋতৃষা শৰ্মাই যাঁচিলে গীতেৰে শ্ৰদ্ধাঞ্জলিঃ

বৰ্তমানেও একাংশ অনুৰাগীয়ে পাহৰিব পৰা নাই বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতক। মায়ানগৰীতেই নহয়; অসমীয়া শিল্পী সমাজৰ ভিন্ন জন চিলেব্ৰেটীয়েও ইতিমধ্যে সুশান্তক লৈ ভিন্ন পোষ্ট কৰা দেখিবলৈ পোৱা গৈছিল। অভিনেতা গৰাকীৰ মৃত্যুৰ বিষয়টো অতি সোনকালেই কোনো সিদ্ধান্তত উপনীত হোৱাটো বিচাৰিছে বৰ্তমান অসমীয়া শিল্পী সকলেও। আচলতে, সঁচা কথা ক’বলৈ গ’লে এগৰাকী সুদক্ষ অভিনেতাৰ মৃত্যুৰ পিছত অৱশ্যে চাৰিওফালে এক শোকৰ সৃষ্টি হয় আৰু শোকগ্ৰস্ত হৈ পৰে প্ৰত্যেকজন সৰ্বসাধাৰণ ৰাইজৰ লগতে শিল্পী সকল। সুশান্তৰ শেষৰখন ছবি “দিল বেছাৰা” ই খলকনি লগাইছিল সচেতন মহলত। অনুৰাগীৰ মন-গহ্বৰত ই স্থান লাভ কৰিছিল; ছবিখনৰ কাহিনীভাগৰ লগতে ইয়াৰ প্ৰতিটো গীতেই আছিল হৃদয়স্পৰ্শী। এইকেইটা দিনত সকলোৰে আটাইতকৈ প্ৰিয় হৈ পৰা গীতটো আছিল “মে তুমহাৰা”; গীতটিৰ একোটা সুন্দৰ কভাৰ আপোনালোক সকলোৱে ইতিমধ্যে উপভোগ কৰিছে কিন্তু এইবাৰ এগৰাকী অসমীয়া কন্ঠশিল্পী ঋতৃষা শৰ্মাৰ কন্ঠৰে উপভোগ কৰিবলৈ পাব এই গীতটোৰ কভাৰ। “লক-ডাউন”তেই কৰা কেইবাটাও সৃষ্টিৰ মাজৰ এটা হৈছে ঋতৃষাৰ কন্ঠৰে “মে তুমহাৰা”; গীতটিত তেওঁৰ সৈতে যুঁটীয়াভাৱে কন্ঠদান কৰিছে গৌৰাংগ শেখৰ শৰ্মাই।


ইটোৰ পিছত সিটো গীতৰ সৈতে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কন্ঠশিল্পী ঋতৃষা। তেওঁৰ সদ্যমুক্তিপ্ৰাপ্ত “আকৌ এদিন” য়েও লাভ কৰিছিল জনপ্ৰিয়তা। গীতটিত কন্ঠদান কৰাৰ লগতে ইয়াৰ পৰিচালনা আৰু গীতটিৰ ভিডিঅ’টোত অভিনয়ো কৰিছিল ঋতৃষাই। “লক-ডাউন” ৰ সময়ছোৱাত কন্ঠশিল্পী গৰাকীয়ে ব্যক্তিগত ইউটিউব চেনেলটোৰ বাবে বিভিন্নতা নতুন প্ৰকল্প হাতত লৈছিল। সমান্তৰালকৈ, তেওঁৰ এই প্ৰকল্প সমূহৰ দ্বাৰা সফলতাও লাভ কৰিছিল; এই কন্ঠশিল্পী গৰাকীৰ গীতৰ ভিন্নতাইও আচলতে প্ৰতিজন শ্ৰোতাক আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। কেৱল মাত্ৰ অসমীয়া গীত অথবা হিন্দী কভাৰ বুলিয়েই নহয়; মায়ানগৰীৰ প্ৰতিষ্ঠিত কন্ঠশিল্পীসমূহৰ সৈতেও নিজ নামটো সন্নিৱিষ্ট কৰিবলৈ প্ৰচেষ্টা চলাইছে ঋতৃষাই। “Gustakhiyaan” শীৰ্ষক গীতটিও হৈছে ইয়াৰ এক উদাহৰণ। উক্ত গীতটি মুক্তিৰ কিছু দিন পিছলৈ ট্ৰেণ্ডিঙত থকা দেখিবলৈ পোৱা গৈছিল গীতটো।

সুশান্তলৈ ঋতৃষা শৰ্মাই যাঁচিলে গীতেৰে শ্ৰদ্ধাঞ্জলিঃ 2


সম্প্ৰতি সময়ৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী হৈছে ঋতৃষা শৰ্মা। তেওঁৰ গীত আৰু গীতৰ বিষয়বস্তুয়ে এতিয়া বাৰুকৈয়ে আকৰ্ষণ কৰিছে জনসাধাৰণক। কন্ঠশিল্পী গৰাকীৰ আগন্তুক প্ৰতিটো প্ৰকল্পৰ বাবে বৰ্তমান অপেক্ষাৰত অনুৰাগী।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform