Rupaliparda.com
"ময়ো 'ভবাই নাছিলোঁ' এই গীতটিত এনেদৰে একাত্ম হৈ পৰিম বুলি"- চন্দন দাস 1

“ময়ো ‘ভবাই নাছিলোঁ’ এই গীতটিত এনেদৰে একাত্ম হৈ পৰিম বুলি”- চন্দন দাস

শেহতীয়াকৈ “ভবাই নাছিলো” ময়ো ‘ভবাই নাছিলোঁ’ এই গীতটিত এনেদৰে একাত্ম হৈ পৰিম বুলি গীতটোৰ জনপ্ৰিয়তা আমি নুই কৰিব নোৱাৰো। জুবিন গাৰ্গ আৰু দীপলিনা ডেকাৰ কন্ঠই আকৰ্ষণ কৰিছিল প্ৰতিজন সংগীত প্ৰেমী শ্ৰোতাক। কন্ঠশিল্পী দুগৰাকীৰ সৈতে গীতটিত মন কৰিবলগীয়া আন এক চৰিত্ৰ আছিল চন্দন দাসৰ; গীতটিৰ ভিডিঅ’ত কৰা অভিনেতাগৰাকীৰ অভিনয়ে সংযোগ কৰিছিল সকলোকে। সপ্তম শ্ৰেণীত থাকোতেই “ৰাজপথৰ আলাপ” শীৰ্ষক এখন একাংকিকা নাটত অভিনয় কৰাৰ পৰাই অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱা চন্দন দাসক দেখিবলৈ পোৱা যাব হিমাংশু প্ৰসাদ দাসৰ “গৰু” ত। চলিত বৰ্ষৰ প্ৰথম ভাগতেই ছবিখন মুক্তি লাভ কৰা কথা আছিল যদিও পৰিস্থিতিৰ ফলত ছবিখনে বৰ্তমানলৈও লাভ কৰা নাই মুক্তি। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া চন্দন দাসক “ভবাই নাছিলো” ক লৈ প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “জুবিন গাৰ্গৰ কণ্ঠ অতুলনীয়। আকৌ দীপলীনাৰো কণ্ঠ আৰু অভিনয় অনবদ্য। সকলো ধৰণৰ শ্ৰোতা-দৰ্শকৰ মন জয় কৰিব পৰা বিধৰ। ময়ো ‘ভবাই নাছিলোঁ’ এই গীতটিত এনেদৰে একাত্ম হৈ পৰিম বুলি; গীতটো একেবাৰে নিজৰ বুলি অনুভৱ কৰি অভিনয় কৰিলোঁ। দৰ্শকে খুব মৰম দিলে। সুখী হৈছোঁ।

"ময়ো 'ভবাই নাছিলোঁ' এই গীতটিত এনেদৰে একাত্ম হৈ পৰিম বুলি"- চন্দন দাস 2


আগলৈ তেওঁ কয় যে, “ভাল কাম কৰিবলৈ দায়বদ্ধতা বাঢ়িছে। গীতটো জনপ্ৰিয় হোৱাৰ মূল কাৰণ হৈছে গীত ৰচকৰ পৰা আৰম্ভ কৰি সম্পাদনালৈ থকা প্ৰতিজনৰ আন্তৰিকতা আৰু সহায়-সহযোগ। আমি প্ৰত্যেকেই এই কামটো লৈ আনন্দিত।” ইয়াৰ উপৰিও সম্প্ৰতি সময়ৰ “শিল্পী” ক লৈ চলি থকা কোঁচকাৱাজৰ বিষয়ে তেওঁৰ ব্যক্তিগত মন্তব্যৰ বিষয়ে জানিবলৈ বিচৰাত অভিনেতা গৰাকীয়ে কয় যে, “শিল্পী’ শব্দটোৰ অৰ্থ অতি গভীৰ। কিন্তু মই জনাত ‘চিল্পী’ শব্দৰ একো অৰ্থ নাই। ৰাইজে অতবছৰে শিল্পী আখ্যা দি অহা মানুহখিনিক এই অৰ্থ নোহোৱা শব্দটোৰে বুজাবলৈ বাধ্য হোৱাটো লক্ষণীয় কথা। ৰাজনৈতিক মতাদৰ্শ সকলোৰে ভিন্ন হ’ব পাৰে। কিন্তু ৰাইজৰ সেৱা কৰিবৰ বাবেই ৰাজনৈতিক দলত যোগ দিয়াটো মোৰ বোধেৰে যুক্তিসংগত কথা যেন নালাগে।

"ময়ো 'ভবাই নাছিলোঁ' এই গীতটিত এনেদৰে একাত্ম হৈ পৰিম বুলি"- চন্দন দাস 3


মই ভাবোঁ, শিল্পী বুলি অভিহিত মানুহখিনিয়ে নিজৰ শিল্পকৰ্মৰেই ৰাইজৰ সেৱা কৰক, শিল্পকৰ্মৰেই পৃথিৱীখন ভাল লগা কৰি ৰাখক। ইয়াৰ লগতে, ৰূপালী পৰ্দালৈ আন্তৰিক ধন্যবাদ জনাইছো।” অভিনেতা গৰাকীৰ বৰ্তমান অনুৰাগীৰ সংখ্যা লেখত ল’বলগীয়া। চন্দন দাসৰ অভিনয়ে আকৰ্ষণ নকৰাকৈও থকা নাই সৰ্বসাধাৰণ ৰাইজক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.