Rupaliparda.com
বিয়েৰ গ্ৰীল্সে অক্ষয় কুমাৰক খুৱাব "Elephant Poop Tea" - 1

বিয়েৰ গ্ৰীল্সে অক্ষয় কুমাৰক খুৱাব “Elephant Poop Tea” –

বলীউড খিলাড়ী অক্ষয় কুমাৰক এইবাৰ দেখিবলৈ পোৱা যাব অৰণ্যৰ ভিন্ন অসুবিধাৰ সৈতে যুঁজ দিয়া। অতিশীঘ্ৰে অক্ষয় কুমাৰক “ইন টু ডা ৱাইল্ড ৱিথ বিয়েৰ গ্ৰীল্স” ত দেখিবলৈ পোৱা যাব। শ্ব’টোত যে অক্ষয় কুমাৰৰ আগমন ঘটিব তাৰ ঘোষণা পূৰ্বেই কৰা হৈছিল; আকৌ এইবাৰ অক্ষয় কুমাৰে চচিয়েল মিডিয়াত শ্ব’টোৰ এটা প্ৰমো’ শ্বেয়াৰ কৰে য’ত তেওঁক বিয়েৰ গ্ৰীল্সৰ সৈতে অৰণ্যত ঘূৰি ফুৰা দেখিবলৈ পোৱা যায়। এক মিনিটৰ এই ভিডিঅ’টো অক্ষয় কুমাৰৰ আগমনৰ দ্বাৰাই আৰম্ভ হয়; তাৰ পিছতেই তেওঁ বিয়েৰ গ্ৰীল্সৰ সৈতে দুঃসাহসিক কাৰ্যাৱলীৰ পিনে আগবাঢ়ে। এই যাত্ৰাত তেওঁলোক পানীত সাঁতোৰে, ৰঁচিৰে ওলমে আৰু ভয়ানক জন্তুবোৰৰ সৈতে মুখামুখি হয়। শ্ব’টোৰ এটা ৰোমাঞ্চক কথা এয়ে যে, হাতীৰ বিষ্ঠাৰে চাহ খুওঁৱা হ’ব এইবাৰ অক্ষয় কুমাৰক; য’ত অক্ষয় কুমাৰে নিজেই কেতিয়াও চাহ নাখাইছিল। চচিয়েল মিডিয়াত পোষ্টটো শ্বেয়াৰ কৰি অক্ষয় কুমাৰে লিখে, “মোৰ “ইন টু ডা ৱাইল্ড ৱিথ বিয়েৰ গ্ৰীল্স” ত হ’বলগীয়া দুঃসাহসিক কামবোৰৰ এক অনুমান হৈছিল কিন্তু মোক বিয়েৰ গ্ৰীল্সে “Elephant Poop Tea” খুৱাই আচম্বিত কৰি দিলে।”

https://www.instagram.com/p/CEir_CenM4h/?igshid=1vta1t4lxg51e
বিয়েৰ গ্ৰীল্সে অক্ষয় কুমাৰক খুৱাব "Elephant Poop Tea" - 2


এই খণ্ডটো ১১ চেপ্তেম্বৰ তাৰিখে টেলিভিছন পৰ্দাত সম্প্ৰচাৰিত কৰা হ’ব। চেনেলে নিজ ব্যক্তিগত একাউন্টত এই খণ্ডটোৰ বিষয়ে শ্বেয়াৰ কৰি কয় যে, “আমি মাত্ৰ এটাই কথা ক’ব পাৰো যে #IntoTheWildWithBearGrylls ৰ এই খণ্ডটো ৰোমাঞ্চক আৰু মনোৰঞ্জনপূৰ্ণ হ’ব।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.