Rupaliparda.com
গাখীৰেৰে প্ৰস্তুত কোনো বস্তু সেৱন নকৰে মালাইকা আৰোৰাইঃ 1

গাখীৰেৰে প্ৰস্তুত কোনো বস্তু সেৱন নকৰে মালাইকা আৰোৰাইঃ

মালাইকা আৰোৰা সেই অভিনেত্ৰী সকলৰ মাজৰ এগৰাকী যিয়ে নিজৰ ফিটনেছক লৈ সক্ৰিয় হৈ থাকে। তেওঁৰ গাত বয়স বৃদ্ধিৰ চাপো আচলতে দেখিবলৈ পোৱা নাযায়; নিজক কেনেদৰে পৰিচালিত কৰিব লাগে এই বিষয়ত মালাইকা আৰোৰা সদায় উৰ্দ্ধত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মালাইকাই নিজৰ ফিটনেছৰ বিষয়ে মন্তব্য কৰি কয় যে, “বয়স বৃদ্ধি কেৱল এটা অংক মাত্ৰ; বয়সক ৰখাব নোৱাৰি, কিন্তু “ডাইট” বয়স অনুসৰি সলনি কৰি গৈ থাকিব পাৰি। বিগত এটা বৰ্ষৰ পৰা মই গাখীৰৰ পৰা উৎপন্ন হোৱা কোনো সামগ্ৰীয়ে নাখাওঁ; গতিকে মই মনত ৰাখো যে ইয়াৰ পৰা মোৰ দেহে পাবলগীয়া ভিটামিন যাতে মই বেলেগ সাধাৰণ খাদ্যৰ পৰা পাওঁ।

গাখীৰেৰে প্ৰস্তুত কোনো বস্তু সেৱন নকৰে মালাইকা আৰোৰাইঃ 2

সকলোতকৈ অধিক গুৰুত্বপূৰ্ণ এয়াই যে মই ঘৰৰ খাদ্য খাওঁ; “ঘি” মোৰ সকলোতকৈ প্ৰিয় বস্তু। মোৰ খাদ্য হয়টো ঘি, অলিভ অইল নহ’লে নাৰিকল তেলত প্ৰস্তুত হয়। যদিহে ঘৰৰ পৰা দূৰ বিদেশলৈ গৈছো তেতিয়াও মই থলুৱা সামগ্ৰী উপভোগ কৰিবলৈ বিচাৰো। খোৱাক লৈ কোনো টেনচন মই নলওঁ; সেউজীয়া খাদ্যত যি উপলদ্ধ হয় মই তাকেই গ্ৰহণ কৰো। মই এইটোৱে ক’ব বিচাৰো যে থলুৱা খোৱা, থলুৱাক প্ৰচাৰ কৰা।”

গাখীৰেৰে প্ৰস্তুত কোনো বস্তু সেৱন নকৰে মালাইকা আৰোৰাইঃ 3


বিগত কিছুদিনৰ পৰা মালাইকা পূৰ্ণ সক্ৰিয় ৰূপত আছে। ফিটনেছৰ উপৰিও তেওঁৰ সুন্দৰতাৰো অনুৰাগী হৈছে বিভিন্ন জন। অভিনেত্ৰী গৰাকীয়েও অনুৰাগীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায়ে বহু ঘৰুৱা টিপছ দিয়া দেখিবলৈ পোৱা গৈছে। মুঠতে, নিজৰ সমান্তৰালকৈ আনকো পূৰ্ণৰূপত ফিট আৰু সুন্দৰ কৰি ৰখাৰ প্ৰয়াস কৰিছে এতিয়া অভিনেত্ৰী মালাইকা আৰোৰাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.