Rupaliparda.com
"কিন্তু আকৌ অন্য ধৰণে অন্য ৰূপত দৰ্শকে দেখিবলৈ পাব"- কমল লোচন 1

“কিন্তু আকৌ অন্য ধৰণে অন্য ৰূপত দৰ্শকে দেখিবলৈ পাব”- কমল লোচন

কমল লোচন বুলি ক’ম নে বিক্ৰম বুলি ; যিটো নামেই আপোনালোকক নকওঁ কিয় সেইটো নামকেই হয়টো আকোঁৱালি ল’ব আপোনালোকে। তেওঁৰ অভিনয় অথবা চৰিত্ৰটোৰ ভিতৰত সোমাই যোৱা এই অভিনেতা গৰাকীক লৈ বৰ্তমান আকৰ্ষিত ৰাজ্যৰ প্ৰায় অধিকাংশ দৰ্শক। দীঘল চুলিৰে আহি অভিনয়ৰ আন এক ৰোমাঞ্চিত ৰূপ উপস্থাপন কৰা কমল লোচনৰ অভিনয় এতিয়া সৰ্বত্ৰে চৰ্চিত; তেওঁ অভিনীত প্ৰকল্প সমূহৰ বিষয়বস্তুও লেখত ল’বলগীয়া। এখন সৰু গাঁৱৰ পৰা উঠি অহা কমল লোচনে নিজ স্থিতি মজবুত কৰিছে এতিয়া দৰ্শকৰ মন মগজুত। কেইবাখনো লেখত ল’বলগীয়া চুটি ছবিত অভিনীত এই অভিনেতাগৰাকীয়ে শেহতীয়াকৈ সম্পূৰ্ণ কৰিলে ৰং চেনেল যোগে সম্প্ৰচাৰিত এখন জনপ্ৰিয় ধাৰাবাহিক “দুটি মনৰ জোনাক” ৰ যাত্ৰা। ইয়াৰ কাহিনী আৰু সচৰাচৰ চলি থকা একঘেয়ামীতা এৰি আগবাঢ়ি অহা উক্ত ধাৰাবাহিকখনৰ সফলতাও আছিল মন কৰিবলগীয়া। ইয়াৰ মূখ্য চৰিত্ৰ কেইটাৰ লগতে থকা সহকাৰী চৰিত্ৰকেইটাও দৰ্শকৰ হৃদয়ত ঠাই বনাইছিল। চৰিত্ৰটোৰ বিষয়ে কমল লোচনৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ কথা-বতৰা যোগে তেওঁ জনায় যে, “দুটি মনৰ জোনাক” ধাৰাবাহিকখনৰ “বিক্ৰম” চৰিত্ৰটো কৰিলো; ভাল লাগিলে কৰি।”

"কিন্তু আকৌ অন্য ধৰণে অন্য ৰূপত দৰ্শকে দেখিবলৈ পাব"- কমল লোচন 2


আগলৈ তেওঁ কয় যে, “আমি একোগৰাকী অভিনেতাই অভিনয় কৰো আচলতে নিজৰ মনেৰে আৰু ইয়াত যেতিয়া দৰ্শকে আমি ৰূপায়ন কৰা চৰিত্ৰটো আকোঁৱালি লয়, পচন্দ কৰে তেতিয়া সেই চৰিত্ৰটো কৰিবলৈ আৰু বেছি উৎসাহ পোৱা যায়। ভৱিষ্যতে এনে ধৰণৰে যে কোনো চৰিত্ৰ ৰূপায়ন কৰিম; সেই বিষয়ে একেবাৰতেই কয় দিব নোৱাৰি আচলতে। অভিনেতা/অভিনেত্ৰীৰ অভিনয় জীৱনটোৱে তেনেকুৱা যে আমি বেলেগ বেলেগ চৰিত্ৰ ৰূপায়ন কৰিবলৈ সুবিধা পাওঁ তথা বিভিন্ন চৰিত্ৰ জীয়াবলৈ সুবিধা পাওঁ। গতিকে, আগন্তুক আৰু বেলেগ ধৰণৰ চৰিত্ৰৰে দৰ্শকৰ মাজলৈ আহিব বিচাৰিম। কেতিয়ালৈ আহো একেষাৰেই কৈ দিব নোৱাৰো; কিন্তু আকৌ অন্য ধৰণে অন্য ৰূপত দৰ্শকে দেখিবলৈ পাব।” সঁচা কথা ক’বলৈ গ’লে, সম্প্ৰতি সময়ত সৃষ্ট পৰিৱেশৰ প্ৰতি যদি লক্ষ্য ৰাখি কোৱা হয় তেতিয়াহ’লে সৰ্বসাধাৰণ ৰাইজক এই সময়ত কিছু আমোদৰ প্ৰয়োজন; আৰু এই আমোদ প্ৰদান কৰাত সফল হৈছিল “দুটি মনৰ জোনাক”।

"কিন্তু আকৌ অন্য ধৰণে অন্য ৰূপত দৰ্শকে দেখিবলৈ পাব"- কমল লোচন 3


কটন বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত কেইবাগৰাকীও বন্ধু- বান্ধৱীৰ সৈতে লগ হৈ “প্ৰয়াস নাট্যগোষ্ঠী” শীৰ্ষক এটি নাট্যদল গঠন কৰি বহু ঠাইত নাট পৰিৱেশন কৰিছিল কমল লোচনে। পূৰ্বেও এক সাক্ষাৎকাৰত কমল লোচনে উল্লেখ কৰিছিল যে দৰ্শকে আকোঁৱালি লোৱা ধৰণেই তেওঁ চৰিত্ৰবোৰ ৰূপায়ন কৰা কথা ভাৱে যদিও সদায় তেওঁ এটা নিজে মনে বিচৰা চৰিত্ৰৰ বাবে অপেক্ষা কৰি থাকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform