Rupaliparda.com
কেইবাগৰাকীও সুদক্ষ সংগীতশিল্পীৰ প্ৰচেষ্টাৰে আহি আছে "অভিমান্যু ২"- 1

কেইবাগৰাকীও সুদক্ষ সংগীতশিল্পীৰ প্ৰচেষ্টাৰে আহি আছে “অভিমান্যু ২”-

অসমীয়া সংগীত প্ৰেমী শ্ৰোতাৰ মাজলৈ আহিবলৈ সাজু হৈছে “অভিমান্যু” এলবামটোৰ দ্বিতীয়টো সংস্কৰণ । ২০১৪ চনত মুক্তিপ্ৰাপ্ত “অভিমান্যু” ৰ প্ৰথমটো সংস্কৰণৰে সফলতা লাভ কৰাৰ পিছতেই মুক্তি লাভ কৰিবলৈ সাজু হৈছে ইয়াৰ দ্বিতীয়টো সংস্কৰণ । কেইবাগৰাকীও সুদক্ষ তথা জনপ্ৰিয় গায়ক লগতে কলা-কুশলী লগ হৈ নিৰ্মিত এই এলবামটোক লৈ বৰ্তমান অপেক্ষাৰত জনসাধাৰণ । আচুৰ্য্য বৰপাত্ৰকে আৰম্ভ কৰি মন্টুমণি শইকীয়া, ৰিন্টু শইকীয়া, সঞ্জয় বৰা, নবীন বৰা, শ্যামল ভূঞা, বিতুৰাজ ভৰালী আৰু প্ৰাণদীপ আদি একাংশ প্ৰতিষ্ঠিত কন্ঠশিল্পীয়ে কন্ঠদান কৰা মুঠ ৭টা গান সন্নিৱিষ্ট এই এলবামটিয়ে আগন্তুক ৬ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে । সমীৰণ মলয়, শ্যামল ভূঞা, জিন্টু নেওঁগ, শংকৰজ্যোতি বৰুৱা আৰু ৰবীন বৰাৰ পৰিকল্পনাৰে নিৰ্মিত এই এলবামটোৰ বিভিন্ন পোষ্ট আৰু বাণীবন্ধনৰ দৃশ্যাংশ ইতিমধ্যে চচিয়েল মিডিয়া যোগে পোষ্ট কৰি জনসাধাৰণক আকৰ্ষণ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে অভিমন্যু পৰিয়ালে ।

কেইবাগৰাকীও সুদক্ষ সংগীতশিল্পীৰ প্ৰচেষ্টাৰে আহি আছে "অভিমান্যু ২"- 2
কেইবাগৰাকীও সুদক্ষ সংগীতশিল্পীৰ প্ৰচেষ্টাৰে আহি আছে "অভিমান্যু ২"- 3


উল্লেখ্য যে, প্ৰথম “অভিমান্যু” এলবামটোৰ প্ৰতিটো গীতৰ সমান্তৰালকৈ বৰ্তমানেও জনসাধাৰণৰ মন মগজুত থকা তিনিটি গীত হৈছে “অভিমান্যু”, “যদুপতি” আৰু “কৃষ্ণ উপজিলে” । ইয়াৰ পৰৱৰ্তী এলবামটো অৰ্থাৎ ইয়াৰ দ্বিতীয়টো সংস্কৰণৰ বাবে ২০১৭ চনতেই চেষ্টা চলাইছিল যদিও কিছু পৰিস্থিতিৰ কবলত পৰি এয়া সম্পূৰ্ণ হৈ উঠা নাছিল । উক্ত এলবামটোৰ গীত সমূহৰ ভিতৰত চাৰিটা গীতৰ কথা সমীৰণ মলয়ৰ । বাকীকেইটা গীত লিখিছে অচ্যুত বৰা, মুনিন বৰা আৰু পাপু বৰঠাকুৰে । সহযোগী কণ্ঠশিল্পী দিগন্ত হাজৰিকা, পাপু বৰঠাকুৰ আৰু শ্যামন্ত মাধৱ দত্ত । গীতকেইটি বাণীবন্ধন কৰা হৈছে শংকৰজ্যোতি বৰুৱাৰ দ্বাৰা ষ্টুডিঅ’ হাৰ্মনিক্সত আৰু মনদীপ বৰাৰ দ্বাৰা এম ষ্টুডিঅ’ত । শব্দ সংমিশ্ৰণ কৰিছে শংকৰজ্যোতি বৰুৱাই (ষ্টুডিঅ’ হাৰ্মনিক্স)। গীত সমূহৰ সংগীত ব্যৱস্থাপনা অচ্যুত বৰা, বিষ্ণু বৰা, শ্যামল ভূঞা আৰু জ্যোতি ৰঞ্জন বৰুৱাৰ। বাদ্যযন্ত্ৰ সংগত কৰিছে অচ্যুত বৰা, বিষ্ণু বৰা, শ্যামল ভূঞা, জিন্টু নেওঁগ, জ্যোতি ৰঞ্জন বৰুৱা, দুৰ্গেশ্বৰ বৰা, ভাস্কৰজ্যোতি কলিতা, মনদীপ বৰা আৰু প্ৰশান্ত বৰাই ।


ইউটিউব যোগে মুক্তি পাবলগীয়া এই গীত কেইটিৰ বাবে জনসাধাৰণৰ সমানে উৎসাহী হৈ আছে সমীৰণ, শ্যামল, শঙ্কৰ, জিন্টু, ৰবীনকে ধৰি এলবামটোৰ সৈতে জড়িত প্ৰতিগৰাকী কন্ঠশিল্পী আৰু কলা-কুশলী ।

Add comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform