Rupaliparda.com
"কলা আমাৰ জীৱনৰ এক অভিন্ন অংগ"- ৰনদীপ হুড্ডা 1

“কলা আমাৰ জীৱনৰ এক অভিন্ন অংগ”- ৰনদীপ হুড্ডা

ক’ৰোণা সংক্ৰমণৰ বাঢ়ি অহা সংখ্যাৰ বাবে বৰ্তমানেও দেশত চিত্ৰগৃহ সমূহ খোলাৰ অনুমতি প্ৰদান কৰা নাই চৰকাৰে। বিগত ৬ মাহৰ পৰাই এই চিত্ৰগৃহ সমূহ বন্ধ হৈ আছে যদিও এতিয়া ইয়াক লৈ বিভিন্ন প্ৰতিক্ৰিয়া বাহিৰলৈ অহা দেখিবলৈ পোৱা গৈছে। হেছটেগৰ সৈতে চচিয়েল মিডিয়াত চলিছে ট্ৰেণ্ড। আৰু, এতিয়া এই বিষয়েই নিজ মত ব্যক্ত কৰিছে অভিনেতা ৰনদীপ হুড্ডাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত ৰণদীপে কয় যে, ” দেশৰ বিভিন্ন ঠাইত ইতিমধ্যে ছবিগৃহ সমূহ খুলিবলৈ লৈছে। শেহতীয়াকৈ হলীউডৰ ছবি “টেনেট” খনে মুক্তি লাভ কৰিছে আৰু ছবিখনে জনসাধাৰণৰ ভাল সঁহাৰি লাভ কৰিছে। কিন্তু ছবি সমূহক দেখুৱাবলৈ একোখন ছবিৰ নিৰ্মাণ হোৱাটোও প্ৰয়োজনীয়। মই আশা কৰিছো যে প্ৰযোজক সন্থা আৰু চৰকাৰে লগ হৈ এই বিষয়ত কোনো সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব।”

"কলা আমাৰ জীৱনৰ এক অভিন্ন অংগ"- ৰনদীপ হুড্ডা 2
"কলা আমাৰ জীৱনৰ এক অভিন্ন অংগ"- ৰনদীপ হুড্ডা 3


অভিনেতা গৰাকীয়ে আগলৈ কয় যে, মই বিশ্বাস কৰো যে ছবি ক্ষেত্ৰখনে আকৌ এবাৰ নিজৰ ভৰিত থিয় হ’ব পাৰিব। ই হাজাৰজন শ্ৰোতাৰ আমদানিৰ কাৰণ; ই লোকক মনোৰঞ্জন দিয়াৰ সমান্তৰালকৈ ই দৰ্শকক কামো প্ৰদান কৰে। আমি “লক-ডাউন” ৰ সময়ছোৱাত এক গুৰুত্বপূৰ্ণ কথা অনুভৱ কৰিছো যিটো হ’ল মনোৰঞ্জনৰ মহত্ব; ডিজিটেল প্লেটফৰ্ম বোৰত আমি কন্টেন্ট বোৰ ৰাখিবলৈ চেষ্টা কৰিছিলো। কলা আমাৰ জীৱনৰ এক অভিন্ন অংগ; আমি আগন্তুক সময়ত নিশ্চয়কৈ পূৰ্বৰ স্থিতিলৈ ঘূৰি আহিম।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.