Rupaliparda.com
"মোক ষ্টাৰ কিডৰ বাবে ছবিখনৰ পৰা আঁতৰোৱা হৈছে"- সমীৰা ৰেড্ডি 1

“মোক ষ্টাৰ কিডৰ বাবে ছবিখনৰ পৰা আঁতৰোৱা হৈছে”- সমীৰা ৰেড্ডি

নেপোটিজিমৰ বিষয়টোক ছবি ক্ষেত্ৰখনত ইতিমধ্যে বাৰম্বাৰ উঠোৱা হৈছে; কিন্তু সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত এই বিষয়টোৱে অধিক প্ৰকাশ লাভ কৰিলে জনসাধাৰণৰ মাজত। উক্ত বিষয়টোক লৈ বিভিন্নজন বলীউড তাৰকাই নিজ মত প্ৰকাশ কৰিছে আৰু বৰ্তমান এই বিষয়ত মত ব্যক্ত কৰিবলৈ আগবাঢ়ি আহিছে অভিনেত্ৰী সমীৰা ৰেড্ডি। অভিনেত্ৰী গৰাকীয়ে কয় যে, “মোক তিনিখন ছবিৰ পৰা আঁতৰাই পঠোৱা হৈছিল আৰু কোনো যথোপযুক্ত কাৰণো মোক দিয়া নাছিল। এবাৰ মোক ষ্টাৰ কিডৰ বাবে ছবিৰ পৰা আঁতৰোৱা হৈছিল আৰু বাকী দুখনত মোক আঁতৰোৱা হৈছিল কাৰণ অভিনেতা গৰাকীৰ বন্ধুত্ব অইনৰ লগত গভীৰ আছিল।” অভিনেত্ৰী গৰাকীয়ে আগলৈ কয় যে, “মই এখন ছবি গ্ৰহণো কৰিছিলো কিন্তু পিছত মোক প্ৰযোজক গৰাকীয়ে নিজ অফিচত মাতি আনিছিল আৰু কৈছিল যে এতিয়া মই সেই ছবিখনৰ অংশীদাৰ নহয়। মোৰ শুনি বহুত বেয়া লাগিছিল আৰু ভাবিছিলো যে সঁচাকৈ হয়টো মই অভিনয়ৰ বাবে নহয়।

"মোক ষ্টাৰ কিডৰ বাবে ছবিখনৰ পৰা আঁতৰোৱা হৈছে"- সমীৰা ৰেড্ডি 2
"মোক ষ্টাৰ কিডৰ বাবে ছবিখনৰ পৰা আঁতৰোৱা হৈছে"- সমীৰা ৰেড্ডি 3


মই নিজৰ মাকো আহি কথাটো কৈছিলো। কিন্তু পিছলৈ মোৰেই অনুৰাগী এগৰাকীয়ে মোক কৈছিল যে মোক ষ্টাৰ কিডৰ বাবে ছবিখনৰ পৰা আঁতৰোৱা হৈছে। ছবিখনৰ নাম মই ক’ব নোৱাৰো কিন্তু ই মোৰ অভিনয় জীৱনৰ প্ৰথম ভাগৰ ছবি আছিল।” বলীউড ক্ষেত্ৰখনক লৈ সমীৰা ৰেড্ডি ক্ষোভিত নেকি বুলি প্ৰশ্ন কৰাত অভিনেত্ৰী গৰাকীয়ে কয়, “ক্ষেত্ৰখনে মোক বহু কিবা কিবি দিছে। মোৰ হৃদয় ইয়াৰ বাবে একেবাৰেই চাফা। মই সন্মান কৰো এই ক্ষেত্ৰখনক।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.