ৰাজনীতি, দূৰ্নীতি, ধনী-দূখীয়াৰ বিভাজন ইত্যাদি কথাবোৰ আচলতে বৰ্তমান সময়ৰ একেবাৰেই সুলভ কথা। কোনোৱে ইয়াৰ ফল প্ৰতিটো সময়ত উপভোগ কৰে আৰু কাৰোবাৰ বাবে ই নিজৰ জীৱন নিৰ্বাহৰ এক সুন্দৰ উপায় ৰূপে পৰিগণিত হৈ পৰে। দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে হঠাতেই দেশত আৰম্ভ কৰা বিমুদ্ৰাকৰণৰ প্ৰক্ৰিয়াই খাঁটি খোৱা লোকৰ জীৱনত যেন আশাৰ সঞ্চাৰ বোঁৱাইছিল। সকলোৱে ভাবিছিল দেশত দূনীৰ্তি কমাৰ লগতে আমাৰ উন্নয়নশীল দেশে সফলতাৰ মুখ দেখিবলৈ পাব। কিন্তু, এয়া যেন সকলো ধোঁৱা চাঙৰ ওপৰত। একাংশই কলা ধন বগালৈ পৰিণত কৰাৰ বিকল্প পথ বাচি ল’লে আৰু খাঁটি খোৱা লোকৰ জীৱনৰ মানদণ্ড ডাল সেই একে ঠাইতেই যেন স্তব্ধ হৈ পৰিল। এনে কাহিনী, বিষয়ক আমি সকলোৱে হৃদয়ংগম অথবা চকুৰ আগত নেদেখিলেও উক্ত বিষয়বোৰৰ বিষয়ে সৰ্বসাধাৰণৰ মুখে মুখে চৰ্চা হোৱা শুনিবলৈ পাইছো। “কুবিত”; ৩০ মিনিট দৈৰ্ঘ্যৰ এখন সুন্দৰ চুটি ছবি। কলা ধন তথা একাংশৰ কলা অধ্যায় উদঙাবলৈ সক্ষম হৈছে এই “কুবিত” শীৰ্ষক চুটি ছবিখনে।
চুটি ছবিখনৰ এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ যোৱা কথাটোৱে বাৰুকৈয়ে আকৰ্ষণ কৰিলে দৰ্শকক। এনে এক বিষয়বস্তু; তাতেই আকৌ চুটি ছবিখনত কাহিনীভাগৰ উপস্থাপনে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল দৰ্শকক। অভিনয় তথা অভিনেতা-অভিনেত্ৰী সমূহে নিজ নিজ চৰিত্ৰ সমূহক লৈ দেখুওৱা আগ্ৰহে আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছিল “কুবিত” ক। সূদৰ্শন নাথ আৰু মৃন্ময় শইকীয়াৰ দ্বাৰা পৰিচালিত এই চুটি ছবিখনে চৰ্চা লাভ কৰিছে বৰ্তমান সৰ্বত্ৰে। কাহিনী আৰু চিত্ৰনাট্য সূদৰ্শন নাথৰ লগতে ইয়াত অভিনয় কৰিছে বনদীপ শৰ্মা, সূদৰ্শন নাথ, ত্ৰিদিশা পৰাশৰ, প্ৰতীম হাজৰিকা, সপ্তৰ্ষি গগৈ, সচিন্দ্ৰ শৰ্মা আৰু তপন গোস্বামীয়ে। মৃন্ময় শইকীয়াৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰে চুটি ছবিখনৰ পোষ্টাৰ ডিজাইন দেৱব্ৰত ফুকনৰ। সংগীত জয়াদিত্য চৌধাৰীৰ।

চচিয়েল মিডিয়াতো একাংশই ভাইৰেল কৰা এই চুটি ছবিখনে সমাজৰ এক দেখা-নেদেখা কাহিনীৰ এফালক উপস্থাপন কৰিবলৈ সক্ষম হৈছে। “কুবিত” ৰ দৰেই অসমীয়া জনসাধাৰণে যেন আকৌ কিছু এনে চুটি ছবিক উপভোগ কৰিবলৈ সক্ষম হয়।
Add comment