“জোনাকী পৰুৱা” ৰ বিষয়ে অৱশ্যে চলচিত্ৰ প্ৰেমী দৰ্শকক নতুনকৈ কিবা এটা জনোৱাৰ দৰকাৰ নাই। ছবিখনে দৰ্শকক ইমানেই অধিক আকৰ্ষণ কৰিছে যে চচিয়েল মিডিয়াতো ই জনসাধাৰণৰ বহুল চৰ্চা লাভ কৰিছে। যিসকলে বৰ্তমানলৈ ছবিখন উপভোগৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকেও হয়টো অইন কোনো দৰ্শকৰ পৰা মতামত লাভ কৰি ছবিখন চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। উক্ত ছবিখনত দুই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল ক্ৰমে বেঞ্জামিন দৈমাৰী আৰু পলাশ মেছ। ইতিমধ্যে বেঞ্জামিনৰ সৈতে ৰূপালীপৰ্দাই এক্সক্লুচিভ কিছু কথা-বতৰা পাতিছে; ছবিখনৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি “সমকামীতা” ৰ দৰে এক সংবেদনশীল বিষয়বস্তুক হৃদয়ংগম কৰি যেতিয়া চৰিত্ৰ এটা ৰূপায়ন কৰা হয় তেতিয়া কেনে অনুভৱ হয়, এই বিষয়ে এইবাৰ ৰূপালীপৰ্দাই প্ৰশ্ন কৰিছিল অভিনেতা পলাশ মেছক। নেশ্বনেল স্কুল অৱ ড্ৰামাৰ পৰা অভিনয়ৰ শিক্ষা গ্ৰহণ কৰা এই গৰাকী অভিনেতাই কয় যে, “ছবিখনৰ পৰিচালক প্ৰকাশ ডেকাক মই লগ পাইছিলো মায়ানগৰীত অৰ্থাৎ মুম্বাইত। পৰিচালক জনৰ কাহিনী অথবা তেওঁৰ কাহিনী কোৱা মাধ্যমবোৰ বৰ সুন্দৰ। এবাৰ তেওঁ মোক এই ছবিখনৰ বাবে মাতিব পঠিয়ালে, চৰিত্ৰটো “Gay” ৰ বুলি কোৱাৰ লগতে সমাজৰ এই বিষয়বস্তুটোক লৈ পৰিচালকগৰাকীয়ে বুজাইছিল। আচলতে , সঁচা কথা ক’বলৈ এই বিষয়টোক মই ব্যক্তিগতভাৱেও অনুভৱ কৰিছো যদিও এই বিষয়টো লগতে এনেধৰণৰ চৰিত্ৰ এটা মোৰ বাবে নতুন। প্ৰকাশ ডেকাৰ সৃষ্টিশীলতাৰ ওপৰত মোৰ বিশ্বাস আছিল আৰু সেইবাবেই মই ছবিখনৰ বাবে একাষাৰেই মান্তি হৈছিলো।”

অভিনেতা গৰাকীয়ে কয় যে, “মোৰ বাবে বিষয়টো যদিও নতুন আছিল তথাপিও মই এনে একাংশ তৃতীয় লিংগৰ সৈতে কথা পাতিছো বা সংযোগ কৰি পাইছো। মই দিল্লীৰ NSD ত অধ্যয়নৰত; মোৰ চুলি দীঘল আছিল তেতিয়া। এবাৰ মই নিশা ১১-১২ মান বজাত এটিএম ৰ পৰা টকা উলিয়াবলৈ গৈছিলো তেতিয়া “কল চেন্টাৰত” নাইবা নিশা কাম ব্যক্তিসকলৰ মাজৰ এগৰাকীয়ে মোক তেওঁ নিজৰ লগত যাম নেকি সুধিছিল আৰু টকা দিম বুলিও কৈছিল; তেওঁ Gay বুলি মোৰ আগত প্ৰকাশ কৰিছিল। কিন্তু, যেতিয়া মই কথাটো সহজ কৰি লয় তেওঁক মই মোৰ বিষয়ে জনালো আৰু সেই ব্যক্তিগৰাকীৰ সৈতে মই কথাও পাতিছিলো যে তেওঁলোক কিয় এনে হৈ পৰে অথবা তেওঁ কোন? এই আটাইবোৰ কথা মোৰ ছবিখনৰ বিষয়টোৰ সৈতে জড়িত হৈ পৰিল গতিকে মই ইয়াক আৰু অধিক হৃদয়ংগম কৰিবলৈ পালো। অসমৰ সমাজতো এনে কিছু লোক আছে; যিয়ে এতিয়াও সমাজৰ আগত নিজৰ চিনাকী লুকুৱাই ৰাখিছে। আমি সাধাৰণ জনজীৱনত দেখাই পাওঁ এনে পৰিস্থিতিবোৰ; কেতিয়াবা আমি তেওঁলোকক “মতামূৰী” বা “মাইকীমূৰী” বুলি সম্বোধন কৰি দিওঁ। এই কথাবোৰ মনৰ ভিতৰত ৰাখিয়ে পৰিচালকৰ পৰিচালনাৰ সৈতে চৰিত্ৰটো ৰূপায়ন কৰিবলৈ সক্ষম হ’লো।”

অভিনেতা গৰাকীৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত পলাশ মেছে কয় যে, “এখন ছবিৰ পৰিকল্পনা কৰিছো যিখনত পৰিচালনা লগতে অভিনয়ো মই কৰিম। সমাজত নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ড্ৰাগছৰ ব্যৱহাৰ আৰু ড্ৰাগছ ব্যৱসায়ী মাফিয়া গিৰিক লৈ প্ৰকল্পটোৰ পৰিকল্পনা কৰিছো। ১০ দিনৰ শ্বুটিং কৰিলো অৱশ্যে আমি; তাৰোপৰি আন এখন ছবি “মহাবাহু” ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত মই অভিনয় কৰিম। যিখনৰ অভিনয়ৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আনহাতে FTII ৰ যুৱক এজনৰো প্ৰকল্প এটাৰ সৈতে জড়িত হ’ম; অক্টোবৰৰ ১-২ তাৰিখৰ পৰা অন্তিম পৰ্যায়ৰ শ্বুট আৰম্ভ হ’ব।”
Add comment