Rupaliparda.com
অংকিতা লোখণ্ডেৰ দীঘলীয়া পোষ্টঃ উমৈহতীয়াকৈ ব্যক্ত কৰিলে বহু কথা- 1

অংকিতা লোখণ্ডেৰ দীঘলীয়া পোষ্টঃ উমৈহতীয়াকৈ ব্যক্ত কৰিলে বহু কথা-

সুশান্ত সিং ৰাজপুতৰ পূৰ্ব প্ৰেয়সী অংকিতা লোখণ্ডে বিগত বহু দিনৰ পৰা সুশান্তৰ মৃত্যুৰ পিছত এই বিষয়টোক লৈ সক্ৰিয় হৈ আছিল। এইখিনি সময়ত অংকিতাৰ ওপৰতো বিভিন্ন জনে প্ৰশ্ন উঠাইছিল, তেওঁকো সমালোচনা কৰিছিল গতিকে এই আটাইবোৰৰ প্ৰতিউত্তৰ দিবলৈ অংকিতাই চচিয়েল মিডিয়াত আপলোড কৰে এক পোষ্ট। য’ত তেওঁ নিজাববীয়াকৈ বহু কথাই ব্যক্ত কৰে। অভিনেত্ৰী গৰাকীয়ে লিখে যে, “মই কেতিয়াও এনেকৈ কোৱা নাই যে সুশান্তক হত্যা কৰা হৈছে আৰু নিৰ্দ্দিষ্টকৈ হত্যাকাৰী এইজন হয়। মই সদায় সুশান্তৰ বাবে ন্যায় বিচাৰিছো আৰু তেওঁৰ পৰিয়ালৰ সৈতে থিয় হ’বলৈ চেষ্টা কৰিছো। মই মাত্ৰ এইটো বিচাৰিছো যে তথ্য বিচাৰক সকলে যাতে শুদ্ধটোক বাহিৰলৈ লৈ আনে।

https://www.instagram.com/p/CE7A8achrmM/?utm_source=ig_web_copy_link

অংকিতা লোখণ্ডেৰ দীঘলীয়া পোষ্টঃ উমৈহতীয়াকৈ ব্যক্ত কৰিলে বহু কথা- 2


মোক বিধৱা লগতে সতিনী সম্বোধন কৰা হ’ল যদিও মই কেতিয়াও একো প্ৰতিউত্তৰ নাই দিয়া।” ইয়াৰ উপৰিও অংকিতাই কয় যে, “মই সুশান্তৰ বিষয়টোক লৈ এইবাবেই সক্ৰিয় হ’ব বিচাৰিছিলো যাতে মই সুশান্তৰ ২০১৬ চনৰ মানসিক স্থিতিৰ বিষয়ে জনসাধাৰণক ক’ব পাৰো।” অংকিতা নিজৰ পোষ্টটোৰ দ্বাৰা ৰিয়াকো প্ৰশ্ন কৰে আৰু কয় যে, “তেওঁ কৈছিল সুশান্ত হতাশ গ্ৰস্ত হৈ আছে। এগৰাকী হতাশ গ্ৰস্ত লোকক কিয় ড্ৰাগছ দিয়া হয়? হতাশ গ্ৰস্ত লোকক ড্ৰাগছ দিলে তেওঁ সেইটোৱে ৰাষ্টা ল’বলৈ বিচাৰিব যিটো সুশান্তে ল’লে।” অংকিতাই ৰিয়াৰ ওপৰত আৰু কেইবাটাও আৰোপ পোষ্টটোৰ দ্বাৰা লগায়

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.