Rupaliparda.com
"কাঞ্চনজংঘা" ৰ এবছৰঃ উৎসাহী অনুৰাগী- 1

“কাঞ্চনজংঘা” ৰ এবছৰঃ উৎসাহী অনুৰাগী-

বিগত বৰ্ষৰ জনপ্ৰিয় ছবি সমূহৰ মাজৰ এখন হৈছে “কাঞ্চনজংঘা”; জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত তথা মূখ্য চৰিত্ৰত অভিনীত এই ছবিখনৰ বস্ক অফিচ কালেকচন আছিল লেখত ল’বলগীয়া। জাঁউৰিয়ে জাঁউৰিয়ে দৰ্শক গৈ ভিৰ কৰিছিল “কাঞ্চনজংঘা” উপভোগৰ বাবে। বিগত বৰ্ষৰ চলিত মাহৰ ৬ তাৰিখৰ দিনটোতেই ছবিখনেই লাভ কৰিছিল মুক্তি; অসমত দক্ষিণৰ চুপাৰহিট ছবি “বাহুৱলী” ৰ ৰেকৰ্ড ভাঙিবলৈও সক্ষম হৈছিল উক্ত ছবিখনে। “কাঞ্চনজংঘা” ছবিখন সমাজৰ তথাকথিত কিছু নিয়মক উদ্দেশ্যি নিৰ্মাণ কৰা হৈছিল। নেতা-বিষয়াৰ কেলেংকাৰীৰ পৰা আদি কৰি জাতিভেদৰ কিছু নগ্ন নীতিকো উপস্থাপন কৰা হৈছিল জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি “কাঞ্চজংঘা” ত। ছবিখনৰ বৰ্ষপুতিত নিজৰ মত ব্যক্ত কৰি এতিয়া চচিয়েল মিডিয়াত পোষ্ট দিছে অভিনেতা, গীতিকাৰ তথা চিত্ৰকাৰ শশাংক সমীৰে।জুবিন গাৰ্গৰ অসমীয়া চিনেমাক এক উচ্চতালৈ লয় যাবলৈ কৰা যি প্ৰচেষ্টা; সেই প্ৰচেষ্টাই “কাঞ্চনজংঘা” ৰ দ্বাৰা আকাশলংঘী সফলতা লাভ কৰিছিল বুলি ক’লেও অতিৰঞ্জিত নহ’ব। “কাঞ্চনজংঘা” ৰ নাম লোৱাৰ লগে লগে হয়টো আপোনালোকেও বহু স্মৃতি ৰোমন্থন কৰিবলৈ সক্ষম হৈছে।

"কাঞ্চনজংঘা" ৰ এবছৰঃ উৎসাহী অনুৰাগী- 2


সেই স্মৃতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে আপোনালোকক পুনৰ বাৰ জনাওঁ আহক “কাঞ্চনজংঘা” ই এসপ্তাহৰ ভিতৰত প্ৰতিটো দিনত কিমান লাখকৈ টকা লাভ কৰিছিলঃ

"কাঞ্চনজংঘা" ৰ এবছৰঃ উৎসাহী অনুৰাগী- 3


০৬-০৯-১৯ঃ ৪০ লাখ
০৭-০৯-১৯ঃ ৪০ লাখ
০৮-০৯-১৯ঃ ৫৯.১ লাখ
০৯-০৯-১৯ঃ ৩৯.৮ লাখ
১০-০৯-১৯ঃ ৪৪.৫ লাখ
১১-০৯-১৯ঃ ৩৫.৫ লাখ
১২-০৯-১৯ঃ ৩১.৪ লাখ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.