Rupaliparda.com
বি-টাউন ড্ৰাগছ কেছঃ 1

বি-টাউন ড্ৰাগছ কেছঃ

বি-টাউনৰ অধিকাংশ লোকক বৰ্তমান টানি অনা হৈছে সুশান্ত সিং ৰাজপুতৰ মৃত্যু তথা তেওঁ আৰু তেওঁৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ ড্ৰাগছৰ বিষয়টোক লৈ। ইতিমধ্যে ৰিয়া ভাতৃ সৌভিক সহিতে আন চাৰিগৰাকী লোকৰ জামিন খাৰিজ কৰিছে ন্যায়ালয়ে। কিন্তু, বৰ্তমান ন-ন তথ্যই সচেতন মহলত খলকনিৰ সৃষ্টি কৰিছে। খবৰনুসৰি, এন চিবিৰ দ্বাৰা হোৱা সোধ-পোছত ৰিয়াই কেইবাগৰাকীও আন আন বলীউড চিলেব্ৰেটীৰ নাম উল্লেখ কৰে। সেইকেইজন হৈছে ক্ৰমে সাৰা আলি খান, ৰকুলপ্ৰীত, ডিজাইনাৰ সিমোন মিৰাণ্ডা আৰু সুশান্তৰ বান্ধৱী ৰোহিণী আয়াৰ লগতে ছবি নিৰ্মাতা মুকেশ ছাৱড়া। ৰিয়া চক্ৰৱৰ্তীৰ মতে, উক্ত আটাইকেইজন লোকেই ড্ৰাগছ কেছত সমানেই জড়িত হৈ আছিল। আৰু, যেতিয়াৰ পৰাই এইখিনি কথা সমুখলৈ আহিছে তেতিয়াৰ পৰাই চচিয়েল মিডিয়াত মিমৰ ঢৌৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ৰকুলপ্ৰীত আৰু সাৰাৰ বিভিন্ন মিম ট্ৰেণ্ডিঙত আহি পৰিছে চচিয়েল মিডিয়াত।

https://twitter.com/roshanjha_89/status/1304495141579706369?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1304495141579706369%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Fzeenews.india.com%2Fhindi%2Fentertainment%2Fbollywood%2Fafter-rhea-chakraborty-reveals-names-to-ncb-sara-ali-khan-rakul-preet-singh-memes-go-viral-on-internet%2F746204
https://twitter.com/RanjeetSbairwa/status/1304472031660929026?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1304472031660929026%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Fzeenews.india.com%2Fhindi%2Fentertainment%2Fbollywood%2Fafter-rhea-chakraborty-reveals-names-to-ncb-sara-ali-khan-rakul-preet-singh-memes-go-viral-on-internet%2F746204


আনহাতে, আন এক তথ্যত জানিব পৰা গৈছিল যে লক-ডাউনৰ সময়ত ৫০০ গ্ৰাম গাঞ্জাৰ ডেলিভাৰী কৰোৱা হৈছিল। লক-ডাউন” ৰ সময়ছোৱাৰ কিছু সময় সুশান্তে অতিবাহিত কৰিব খুজিছিলে ৰিয়া চক্ৰৱৰ্তীৰ বাসগৃহত। এইখিনি কথাৰ পৰাই আন এক তথ্য বাহিৰলৈ আহিছে যে সুশান্ত ৰিয়াৰ বাসগৃহলৈ যাব বিচৰা সময়ছোৱাত তেওঁলোকৰ বাবে প্ৰথমতেই ৫০০ গ্ৰাম গাঞ্জা পঠিয়াই দিয়া হৈছিল। এপ্ৰিল মাহত তেওঁলোকৰ বাবে এই কুৰিয়াৰটো সৈতে জড়িত আছিল সুশান্তৰ ঘৰত কৰ্মৰত দীপেশ আৰু ৰিয়াৰ ভাতৃ সৌভিকো।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.