Rupaliparda.com
এজন ল'ৰা আৰু এজনী ছোৱালীৰ মাজৰ বন্ধুত্বঃ কি ভাৱে আৰ.জে পাহীয়ে? 1

এজন ল’ৰা আৰু এজনী ছোৱালীৰ মাজৰ বন্ধুত্বঃ কি ভাৱে আৰ.জে পাহীয়ে?

আৰ.জে পাহী অৰ্থাৎ প্ৰণামিকা ভূঞা; এগৰাকী সুললিত কন্ঠৰ গৰাকী। তেওঁৰ কন্ঠ তথা কথাই প্ৰতিজন শ্ৰোতাক মুগ্ধ কৰে। এটা নিৰ্দ্দিষ্ট সময়ত এই আৰ জে গৰাকীৰ কথাবোৰ শুনিবলৈ ৰৈ থকাও দেখিবলৈ পোৱা যায় তেওঁৰ অনুৰাগী সকলক। ২০০৮ চনৰ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা প্ৰণামিকাৰ এই যাত্ৰাই চলিত বৰ্ষত সম্পূৰ্ণ কৰিলে মুঠ ১২ টা বৰ্ষ। নৱপ্ৰজন্ম তথা অভিভাৱক সকলোৰে প্ৰতি নিজৰ দায়বদ্ধতা ৰখা এই গৰাকী আৰ.জেই শেহতীয়াকৈ ব্যক্তিগত ভাৱে খোলা ইউটিউব চেনেলৰো জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। প্ৰায়ে সুন্দৰ সুন্দৰ কথাৰে শ্ৰোতা-দৰ্শকৰ কাষ চপা পাহীৰ সদ্যমুক্তিপ্ৰাপ্ত ভিডিঅ’টোৱে আকৰ্ষণ কৰিছে এতিয়া সকলোকে। এজন ল’ৰা আৰু এজনী ছোৱালীৰ মাজত যে বন্ধুত্ব থাকিব নোৱাৰে সেয়া প্ৰায় খন চিনেমাৰ সংলাপত অন্তৰ্ভূক্ত কৰা হয় অন্যথা বহু লোকে ইয়াক লৈ নিজ মন্তব্যও দিয়া দেখিবলৈ পোৱা যায়। গতিকে এনেক্ষেত্ৰত নিজ মত ব্যক্ত কৰিছে এতিয়া জনপ্ৰিয় আৰ জে গৰাকীয়ে।

https://youtu.be/XJqE1qws8g4

এজন ল'ৰা আৰু এজনী ছোৱালীৰ মাজৰ বন্ধুত্বঃ কি ভাৱে আৰ.জে পাহীয়ে? 2


ৰূপালীপৰ্দাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাহীক তেওঁৰ কৰ্ম তথা কৰ্মক্ষেত্ৰৰ বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, “অভিজ্ঞতা বুলি ক’লে মই ভাল-বেয়া দুয়োটাৰে সন্মুখীন হৈছো। কিন্তু বেয়াতকৈ ছাগে ভালৰ সংখ্যাটো বেছি; সেইবাবেই মই যোৱা এঘাৰটা বছৰ একেটা কোম্পানীতে কাম কৰিছো। মৰম-শ্ৰদ্ধা যথেষ্ট পাইছো।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.