Rupaliparda.com
শিশু কন্ঠশিল্পী শ্ৰুতি মাধুৰ্য্যৰ কন্ঠৰে শুনক তৰালী শৰ্মাৰ "আহিবা তুমি দুপৰ নিশা"- 1

শিশু কন্ঠশিল্পী শ্ৰুতি মাধুৰ্য্যৰ কন্ঠৰে শুনক তৰালী শৰ্মাৰ “আহিবা তুমি দুপৰ নিশা”-

কন্ঠশিল্পী তৰালী শৰ্মাৰ প্ৰতিটো গীতেই সংগীত প্ৰেমী শ্ৰোতাৰ বাবে আৱেগ; নহয়নে? সেই অনুপাতে তেওঁৰ অনুৰাগীও যথেষ্ট। তেওঁৰ গীতসমূহে শ্ৰোতা-দৰ্শকৰ হৃদয়ত এনেদৰে নিজৰ স্থিতি মজবুত কৰে যে বছৰ বছৰ ইয়াৰ ঠাই অইনক দিব পৰা নাযায়। সৰুৰ পৰা ডাঙৰলৈ; বয়সৰ কোনো ধৰণৰ হিচাপ নথকাকৈ অনুৰাগীয়ে সংগীতৰ ক্ষেত্ৰত তৰালী শৰ্মাক অনুসৰণ কৰা দেখিবলৈ পোৱা যায়। “আহিবা তুমি দুপৰ নিশা” শীৰ্ষক গীতটি এই শিল্পী গৰাকীৰ উল্লেখনীয় তথা জনপ্ৰিয় সংগীত; যিটো গীত বৰ্তমানেও প্ৰতিজন অসমীয়াৰ মন গহ্বৰত। আজি আপোনালোকক শুনাম এগৰাকী শিশু কন্ঠশিল্পীৰ কন্ঠৰে “আহিবা তুমি দুপৰ নিশা” শীৰ্ষক গীতটি।

শিশু কন্ঠশিল্পী শ্ৰুতি মাধুৰ্য্যৰ কন্ঠৰে শুনক তৰালী শৰ্মাৰ "আহিবা তুমি দুপৰ নিশা"- 2


গুৱাহাটীস্থিত নীলাচল জাতীয় বিদ্যালয়ৰ ছাত্ৰী এইগৰাকী শিশু শিল্পীৰ নাম হৈছে শ্ৰুতি মাধুৰ্য্য; শুনক চোন তেওঁৰ কন্ঠৰে এই গীতটিঃ

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.