Rupaliparda.com
"আশা কৰিছো যাতে আগন্তুক সময়তো সকলোৱে মোক গীতসমূহক এনেদৰেই মৰম দিয়ক"- দীপান্বিতা ডেকা 1

“আশা কৰিছো যাতে আগন্তুক সময়তো সকলোৱে মোক গীতসমূহক এনেদৰেই মৰম দিয়ক”- দীপান্বিতা ডেকা

“মিছাকৈ নক’বি সঁচাকৈ সুধিছো”, “টিক টিক কৈ ৰঙা দুগালত চুমাটো আকোং যেন” ইত্যাদি কেইটামান শাৰী কৈ দিয়াৰ লগে লগে হয়টো আপুনিও সম্পূৰ্ণ গীতটি গাবলৈ মন কৰিব। আচলতে, এই গীতটি মুক্তি লাভ কৰা পিছতেই চচিয়েল মিডিয়াতো ই এক এনে চৰ্চা লাভ কৰিছিল; য’ত প্ৰত্যেকগৰাকী সংগীত প্ৰেমী শ্ৰোতা আপ্লুত হৈ পৰিছিল। গীতটিৰ সেই সুৱলা কন্ঠৰ আঁৰৰ কন্ঠশিল্পী গৰাকী হৈছে দীপান্বিতা ডেকা; গীতটিয়ে তেওঁক এক বহু পৰিমাণৰ শ্ৰোতা-দৰ্শকৰ মাজত চিনাকী কৰোৱাই দিছিল। ইউটিউবত মুক্তিপ্ৰাপ্ত এই গীতটিত বৰ্তমান ভিউৱাৰচৰ সংখ্যা হৈছে ১২ মিলিয়নতকৈও উৰ্দ্ধত। সেই অনুযায়ী, দীপান্বিতাৰ বৰ্তমানৰ অনুৰাগীৰ সংখ্যাও হৈছে লেখত ল’বলগীয়া। গতিকে, এই গৰাকী কন্ঠশিল্পীৰ অনুৰাগীৰ বাবেগ এক সু-খবৰ। আজিৰ ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষত আমাৰ সৈতে আছে দীপান্বিতা ডেকা; তেওঁৰ সৈতে পাতিম কিছু কথা। চাওঁচোন আহকঃ

"আশা কৰিছো যাতে আগন্তুক সময়তো সকলোৱে মোক গীতসমূহক এনেদৰেই মৰম দিয়ক"- দীপান্বিতা ডেকা 2

প্ৰশ্নঃ অসমীয়া সংগীত ক্ষেত্ৰখনত আপুনি কেতিয়াৰ পৰা জড়িত??

দীপান্বিতা ডেকাঃ মই সৰুৰ পৰাই অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰাই সংগীত শিকিবলৈ আৰম্ভ কৰিছিলো আৰু এই যাত্ৰা বৰ্তমানলৈ অব্যাহত আছে। কিন্তু, এই ক্ষেত্ৰখনত পেছাগত ভাৱে যোগদান মই ২০১৯ চনতহে কৰিছিলো। আৰু, উক্ত বৰ্ষটোতেই মোৰ প্ৰথমটো গীত “নীলিম আশা” ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল।

"আশা কৰিছো যাতে আগন্তুক সময়তো সকলোৱে মোক গীতসমূহক এনেদৰেই মৰম দিয়ক"- দীপান্বিতা ডেকা 3

প্ৰশ্নঃ শেহতীয়াকৈ মুক্তিপাপ্ত “মিছাকৈ ন’কবি” শীৰ্ষক গীতটিয়ে জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰিছে। আপুনি কি ক’ব??

দীপান্বিতা ডেকাঃ পোনপ্ৰথমে, মই সমূহ অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো; তেওঁলোকৰ ওচৰত আচলতে মই চিৰকৃতজ্ঞ যে তেওঁলোকে মোৰ এই গীতটিক ইমান মৰম আৰু সমাদৰ জনাইছে। লগতে, গীতটিৰ সৈতে জড়িত প্ৰত্যেকজন কলা-কুশলীকে মই এই পেজটোৰ দ্বাৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। দিগন্ত বৰদলৈ ছাৰ, জয় নিৰ্বাণ, চিন্ময় কৌশিক, প্ৰণয় দত্ত দা, নীল আকাশ দা, শচীন দা, কিশোৰ দা আদিকে ধৰি প্ৰতিজন ব্যক্তিয়ে মোৰ গীতটোৰ সফলতাৰ সৈতে জড়িত আৰু তেওঁলোকেই মোৰ গীতৰ কামবোৰ আগবঢ়াই নিয়াত যথেষ্ট সহায় আগবঢ়াইছিল। আৰু, এই সহায়ৰ বাবেই হয়টো আজি আপোনালোকে এই গীতটিক ইমান বেছি আঁকোৱালি লৈছে। লগতে, মোৰ পৰিয়ালৰ লোক সকলেও মোক গান গোৱাত যথেষ্ট সঁহাৰি জনায় আহিছে, অনুপ্ৰেৰণা দিছে; গতিকে আশা কৰিছো যাতে আগন্তুক সময়তো সকলোৱে মোক গীতসমূহক এনেদৰেই মৰম দিয়ক,সঁহাৰি জনাওঁক।

প্ৰশ্নঃ এটা “সংগীত” হ’বলৈ হ’লে তাত কি উপাদান থকাটো অত্যন্ত প্ৰয়োজনীয় বুলি আপুনি ভাবে?

দীপান্বিতা ডেকাঃ এটা সুন্দৰ “সংগীত” হ’বলৈ হ’লে তাত থকা কেৱল মাত্ৰ এটা উপাদানেই যে গীতটো সুন্দৰ কৰিব তেনে নহয়। ইয়াত থকা প্ৰতিটো উপাদান যেনে ধৰা কথা, সুৰ, সংগীত ইত্যাদি প্ৰতিটো বস্তুতেই মনোযোগ দিবলগীয়া হয়। আৰু, লগতে যেতিয়া এটা সংগীতৰ সৈতে নিজ অনুভৱটোক জড়িত কৰি গীতটিত কন্ঠদান কৰা হয় তেতিয়া ই আৰু অধিক শ্ৰোতাক সংযোগ কৰিব পাৰে; গীতটি তেতিয়া বেছি প্ৰাণ পাই উঠে।

"আশা কৰিছো যাতে আগন্তুক সময়তো সকলোৱে মোক গীতসমূহক এনেদৰেই মৰম দিয়ক"- দীপান্বিতা ডেকা 4

প্ৰশ্নঃ সংগীত ক্ষেত্ৰখনত কোন গৰাকী সংগীত শিল্পীৰ সৈতে যুঁটীয়া কন্ঠদানৰ ইচ্ছা?

দীপান্বিতা ডেকাঃ সৰুৰে পৰা জুবিন গাৰ্গৰ গীত শুনি ডাঙৰ হৈছো আৰু মনতে এটা আশা পুঁহি ৰাখিছো যে জুবিন দাৰ সৈতে এটা গীতত কন্ঠদান কৰিম। এই আশাটো ছাগে অসমীয়া নৱপ্ৰজন্মৰ প্ৰতিজন কন্ঠশিল্পীৰেই সপোন গতিকে ইয়াত মইও ব্যতিক্ৰম নহয়। আহিবলগীয়া সময়ত জুবিন দাৰ সৈতে একেটা গীততে কন্ঠদান কৰি ৰাইজৰ মাজত আগবঢ়াই দিয়াৰ যথেষ্ট ইচ্ছা মোৰ আছে।

"আশা কৰিছো যাতে আগন্তুক সময়তো সকলোৱে মোক গীতসমূহক এনেদৰেই মৰম দিয়ক"- দীপান্বিতা ডেকা 5

প্ৰশ্নঃ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

দীপান্বিতা ডেকাঃ আগন্তুক বহুকেইটা গীত মুক্তিৰ পৰিকল্পনা কৰি থৈছো। দেশত এনে পৰিৱেশৰ সৃষ্টি নোহোৱা হ’লে হয়টো মই মোৰ এটা গীত আকৌ শ্ৰোতা-দৰ্শকৰ মাজত আগবঢ়াই দিলোহেঁতেন কিন্তু ক’ৰোণা ত্ৰাসে গোটেইখন খেলি-মেলিহে কৰি পেলালে। তথাপিও, চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ আগতেই দুটাকৈ গীত ৰাইজৰ মাজত আগবঢ়াই দিম আৰু আশা কৰিছো ৰাইজে যাতে মোৰ “মিচাকৈ নক’বি” গীতটিৰ দৰেই আহিবলগীয়া প্ৰতিটো গীতকেই আদৰি ল’ব। শেষত, মই ৰূপালীপৰ্দাকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো; ইমান ধুনীয়া সাক্ষাৎকাৰৰ বাবে।

"আশা কৰিছো যাতে আগন্তুক সময়তো সকলোৱে মোক গীতসমূহক এনেদৰেই মৰম দিয়ক"- দীপান্বিতা ডেকা 6

ৰূপালীপৰ্দাঃ ধন্যবাদ দীপান্বিতা ডেকা। আপোনাৰ আগন্তুক প্ৰতিটো পৰিকল্পনাৰ শুভকামনা যাঁচিলো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform