Rupaliparda.com
হতাশ মানস ৰৱীনঃ চিকিৎসাধীন জি এম চি এইচত- 1

হতাশ মানস ৰৱীনঃ চিকিৎসাধীন জি এম চি এইচত-

ক’ৰোণা মহামাৰীৰ এই কালছোৱা সোনকালে শেষ হোৱাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছে সংগীতশিল্পী মানস ৰৱীনে। শেহতীয়াকৈ তেওঁৰ লগতে তেওঁৰ মাতৃ আৰু পিতৃৰ দেহত ক’ৰোণাৰ লক্ষণ দেখা পোৱা পিছতেই তেওঁলোকক জিএম চি এইচলৈ লৈ যোৱা হৈছিল। বৰ্তমানেও চিকিৎসাধীন হৈ আছে সংগীত শিল্পী লগতে তেওঁৰ পিতৃ-মাতৃ। কিন্তু, হতাশ হৈছে মানস ৰৱীন; কিয়নো তেওঁৰ পত্নীৰ লগতে ভগ্নী আৰু সন্তানে অকলশৰীয়া হয় থাকিবলগীয়া হৈছে বাসগৃহত। তেওঁ কয় যে, “চৌপাশৰ মৃত্যুৰ কিৰীলি , নিতৌ ডেও দি পাৰহৈছোঁ । এতিয়া আমাৰ পৃথিৱীত ধুমুহাৰ পাছৰ নিজানৰ গান আৰু বুকুৰ মাজত মাত্ৰ এটাই প্ৰাৰ্থনা– কৰ’না কাল , সোনকালে শেষ হ’লেই ভাল ।” সমাজত সংঘটিত প্ৰতিটো কথাৰ সৈতে জড়িত মানস ৰৱীনে সদায় নিজৰ দায়ৱদ্ধতাক আগত ৰাখি কাম কৰা দেখিবলৈ পোৱা যায়। য’ত একাংশ শিল্পীয়ে ৰাজনৈতিক দল সমূহলৈ ধাৱমান হৈছিল তেনে সময়তে মানস ৰৱীনে সক্ৰিয়তাৰে নিজ মন্তব্য প্ৰকাশ কৰাৰ লগতে শিল্পী গৰাকীয়ে অখিল গগৈৰ বাবে প্ৰদান কৰে মুঠ ২ লাখ টকাৰ সাহাৰ্য্য। বিগত সময়ত চলি থকা অখিল গগৈৰ প্ৰসংগটোক লৈ সৰৱো হৈ আছিল শিল্পী মানস ৰৱীন।

হতাশ মানস ৰৱীনঃ চিকিৎসাধীন জি এম চি এইচত- 2
হতাশ মানস ৰৱীনঃ চিকিৎসাধীন জি এম চি এইচত- 3


বান সমস্যাত জৰ্জৰিত হোৱা একাংশ জনসাধাৰণক সহায় আগবঢ়োৱাৰ উপৰিও ক’ৰোণা ভাইৰাছৰ ফলত যিখিনি শিল্পী আৰ্থিকভাৱে পিছপৰি ৰৈছিল তেওঁলোককো সহায় আগবঢ়াবলৈ আগবাঢ়ি আহে কন্ঠশিল্পী মানস ৰৱীন। ১৯৯৫ চনত “নিহাৰিকা” এলবামটিৰে সংগীত ক্ষেত্ৰখনত খোজ দিয়া মানস ৰৱীন বৰ্তমানৰ এগৰাকী গীতিকাৰ, সুৰকাৰ,সংগীত পৰিচালক ও কন্ঠশিল্পী। “য়ংগগেষ্ট মিউজিক ডাইৰেক্টৰ অৱ ফিছাৰ ফিল্ম এৱাৰ্ড” লাভ কৰিছিল মানস ৰৱীনে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.