Rupaliparda.com
হিমাংশু প্ৰসাদ দাসৰ প্ৰশ্নঃ উত্তৰলৈ অপেক্ষা- 1

হিমাংশু প্ৰসাদ দাসৰ প্ৰশ্নঃ উত্তৰলৈ অপেক্ষা-

প্ৰায় ৬-৭ মাহ ধৰি ক’ৰোণা মহামাৰীয়ে সৃষ্টি কৰা আতংকৰ পৰা যেন অব্যাহতি পোৱা নাই কোনোৱে। দেশৰ লাখ লাখ কৰ্মচাৰীক আঁতৰাই দিয়া হৈছে নিজ কৰ্মসংস্থাপনৰ পৰা। মুঠতে, কেওঁদিশে হাঁহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিবলৈ আৰম্ভ কৰিছে। মনোৰঞ্জন ক্ষেত্ৰখনো ইয়াৰ ব্যতিক্ৰম নহয়; শিল্পী সমাজৰ কোনো অইন জীৱিকা নথকাত এতিয়া তেওঁলোক চিন্তিত হৈছে। এনেবোৰ কাৰণতে, বৰ্তমান একাংশই কৰা প্ৰশ্নৰ মাজত চৰকাৰলৈ উমৈহতীয়াকৈ নিজ প্ৰশ্নৰ উত্থাপন কৰিছে পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাসে। চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা এইগৰাকী শিল্পীয়ে নিজৰ স্থিতি বাখ্যা কৰি প্ৰায়ে ঠায়ে ঠায়ে অনুষ্ঠিত ৰাজনৈতিক আৰু নিৰ্বাচনী সভাসমূূহক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে। বিধায়িকা আঙুৰলতা আৰু মন্ত্ৰী পীয়ূস হাজৰিকাই শেহতীয়াকৈ এখন সভাত উপস্থিত হৈছিল; য’ত তেওঁলোকৰ মুখত মাস্ক নাছিল লগতে সভাত উপস্থিত জনসমাগমৰ মাজত সামাজিক দূৰত্ব নাছিল। ক’ৰোণা মহামাৰীৰ পৰা হাত সাৰিবলৈ গ্ৰহণ কৰা সজাগ আৰু সচেতনতাৰ ক্ষেত্ৰত মূখ্য আছিল সামাজিক দূৰত্ব তথা মাস্ক পৰিধান কৰা।

হিমাংশু প্ৰসাদ দাসৰ প্ৰশ্নঃ উত্তৰলৈ অপেক্ষা- 2
হিমাংশু প্ৰসাদ দাসৰ প্ৰশ্নঃ উত্তৰলৈ অপেক্ষা- 3


কিন্তু, ৰাজনৈতিক সভাসমূহত এনে ধৰণৰ কোনো নিয়মাৱলী প্ৰযোজ্য নকৰাত এতিয়া নিজ ক্ষোভ ব্যক্ত কৰি চৰকাৰলৈ প্ৰশ্ন কৰিছে হিমাংশু প্ৰসাদ দাসে। তেওঁৰ এটাই প্ৰশ্ন “যদিহে এনেদৰে জনসমাগমৰ চৰকাৰী মিটিং-আলোচনা সমূহত সম্ভৱপৰ; তেনেহ’লে প্ৰেক্ষাগৃহবোৰ মুকলি কৰা হ’ব কেতিয়াকৈ?” কিছুদিন পূৰ্বে তেওঁ কৰা এই প্ৰশ্নত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে পৰিচালক তথা অভিনেতাগৰাকীৰ অনুৰাগীয়ে। মহামাৰীয়ে সৃষ্টি কৰা আতংকৰ মাজত এনেদৰে চৰকাৰে কৰা ভেকো-ভাওঁনাৰ পৰা ক্ষোভিত হৈ হিমাংশ প্ৰসাদ দাসৰ লগতে আন কেইবাগৰাকীও শিল্পীয়ে এনেধৰণৰ প্ৰশ্নৰ উত্থাপন কৰিছিল।

হিমাংশু প্ৰসাদ দাসৰ প্ৰশ্নঃ উত্তৰলৈ অপেক্ষা- 4


উল্লেখ্য যে, এই ক’ৰোণা মহামাৰীৰ ফলত আচলতে বহু অসমীয়া ভাল ছবিৰ মুক্তি ৰৈ গৈছে। প্ৰেক্ষাগৃহ কেতিয়াকৈ খোলা হ’ব অথবা কেতিয়াকৈ এনে পৰিস্থিতিৰ সাম কাটিব সেয়াও বৰ্তমান এক উত্তৰহীন প্ৰশ্ন।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform