Rupaliparda.com
জীৱন যাত্ৰাৰ টাৰ্ণিং পইন্টে হেৰুৱাই জানো "সম্পৰ্কৰ আৱেগ"! উপভোগ কৰক "কেঁকুৰি"- 1

জীৱন যাত্ৰাৰ টাৰ্ণিং পইন্টে হেৰুৱাই জানো “সম্পৰ্কৰ আৱেগ”! উপভোগ কৰক “কেঁকুৰি”-

সম্পৰ্ক; সম্পৰ্কবোৰ ঠুনুকা। ই গঢ় লৈ উঠে মৰম, আৱেগ তথা আদৰৰ ভেঁটিত। দৃঢ় সম্পৰ্কবোৰ ভাঙিবলৈ কঠিন; ই সদায় পৰস্পৰে পৰস্পৰক আঁকোৱালি ৰাখে। ইয়াত আমি প্ৰেমাস্পদৰ মাজত ৰখা সম্পৰ্কৰ কথা ব্যক্ত কৰা নাই; মাত্ৰ ইয়াত উল্লেখ কৰা হৈছে সম্পৰ্কৰ মধুৰতাক। সন্তান তথা অভিভাৱকৰ মাজত থকা সম্পৰ্কৰ সংজ্ঞাও লেখত ল’বলগীয়া; মাতৃহীন এগৰাকী পিতৃৰ নিজ সন্তানৰ সৰু কালৰ পৰা থকা দায়বদ্ধতা আমি সকলোৱে অনুভৱ কৰিব পাৰো। তেনে সময়ত সেই পিতৃ গৰাকী নিজ সন্তানৰ বাবে তেওঁৰ পিতৃ-মাতৃ দুয়ো হৈ পৰে; সন্তানৰ সৈতে ঘনিষ্ঠতা অব্যাহত ৰাখি সময় তথা পৰিস্থিতিৰ ভাল-বেয়া প্ৰতিটো কথাৰ বুজনি দিয়াটো জৰুৰী হৈ পৰে। একোখন চুটি ছবি; য’ত বৰ্তমান প্ৰজন্মই ঢালিছে নতুনত্বৰ সোঁৱাদ। উপস্থাপন কৰিছে ন-ন বিষয়বস্তুৰ। Zeroth Drama ৰ নিবেদনত শেহতীয়াকৈ পোনপ্ৰথমবাৰৰ বাবে মুক্তি লাভ কৰিছিল এখন চুটি ছবি “কেঁকুৰি”; মুক্তিৰ পিছতেই চুটি ছবিখনে বহুল হাৰত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।


“কেঁকুৰি” শীৰ্ষক এই চুটি ছবিখন হৃদয়স্পৰ্শী; ইয়াৰ ভাৱধাৰা অথবা ইয়াৰ উপস্থাপনে দৰ্শকৰ হৃদয়ত যে ঠাই বনাইছে সেয়া একাষাৰে কৈ দিব পৰা যায়। সমান্তৰালভাৱে চলি থকা জীৱন যাত্ৰাত অহা টাৰ্ণিং পইন্টে কেতিয়াবা কোনো ব্যক্তিক নিজৰ জীৱনৰ মূখ্য উদ্দেশ্যত উপনীত কৰে আনহাতে কাৰোবাৰ জীৱনলৈ অহা এনে টাৰ্ণিং পইন্টে গোটেইবোৰ আউল লগাই পেলায়; এয়াই নিয়ম আৰু এনে নিয়মৰ বশৱৰ্তী আমিবোৰ। “কেঁকুৰি” শীৰ্ষক এই চুটি ছবিখনত অভিনয় কৰিছে অন্বেষা মহন্ত, মুনিন শৰ্মা, কাৰ্ষিতা সুভাংগী কাশ্যপ আৰু নয়ন জ্যোতি শইকীয়াই। চুটি ছবিখনত অন্তৰ্ভূক্ত সংগীতটোৰ কথা ৰাজীৱ ভূঞাৰ লগতে কন্ঠদান আৰু পৰিচালনা সান্নিধ্য ভূঞাৰ; ইয়াত সংগীত ৰিয়ান শইকীয়াৰ।

জীৱন যাত্ৰাৰ টাৰ্ণিং পইন্টে হেৰুৱাই জানো "সম্পৰ্কৰ আৱেগ"! উপভোগ কৰক "কেঁকুৰি"- 2


ডি.অ.পি কৌশিক শৰ্মাৰ লগতে ইয়াত দৃশ্যগ্ৰহণ কৰিছে মাধুৰ্য্য বৰাই। সহঃ দৃশ্যগ্ৰহণ সুমন দাসৰ। সম্পাদনা কৌশিক শৰ্মা আৰু মাধুৰ্য্য বৰাৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.