Rupaliparda.com
"তেওঁলোকে নিজৰ মাজত কাজিয়া কৰি আছে"- কৃতি সেনন 1

“তেওঁলোকে নিজৰ মাজত কাজিয়া কৰি আছে”- কৃতি সেনন

চচিয়েল মিডিয়াত সুশান্ত সিং ৰাজপুতৰ বিষয়টোত একাংশ অনুৰাগী তথা কেইবাগৰাকীও তাৰকা-চিলেব্ৰেটীয়ে ন্যায় বিচৰা কথাটো শেষত গৈ ফুটুকাৰ ফেনত পৰিণত হোৱা কথাটোত কাম্যা পাঞ্জাৱীৰ লগতে নিজ ক্ষোভ ব্যক্ত কৰিছে অভিনেত্ৰী কৃতি সেননেও। কৃতি সেননে নিজ এক পোষ্টত কাৰো নাম উল্লেখ নকৰাকৈয়ে বহুখিনি কথা ব্যক্ত কৰি গৈছে। অভিনেত্ৰী গৰাকীয়ে লিখে যে, “তেওঁলোকে তোমাৰ কাৰণে কাজিয়া কৰিছিলে আৰু শেষলৈ তেওঁলোকে নিজৰ মাজত কাজিয়া কৰি আছে। এয়া এনে এক দূৰ্ভাগ্যজনক সময়; যাক ৰখাব পৰা নাযায়। এতিয়া এয়া কেৱল তোমাৰ বাবে নহয়; এয়া তেওঁলোকৰ বাবেই হৈ পৰিছে আৰু সম্ভৱত আগতেও হয়টো এয়া তেওঁলোকৰ বাবেই আছিল।” কৃতি সেননে এই পোষ্টটো কৰা পিছতেই তলত নিজৰ নাম পৰ্যন্ত লিখি দিয়ে। যদিও তেওঁৰ পোষ্টটোত কাৰো বিশেষভাৱে নাম উল্লেখ কৰা হোৱা নাই তৎস্বত্বেও এয়া কাৰ বাবে সেয়া জানিব পৰা গৈছে।

"তেওঁলোকে নিজৰ মাজত কাজিয়া কৰি আছে"- কৃতি সেনন 2


কৃতি সেননৰ এই পোষ্টৰ পিছতেই তাত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। য’ত এফালে একাংশই কৈছে যে “কাজিয়া কৰা সকলে সেয়া কৰিছেটো; কিন্তু আপুনিটো মনে মনে আছে।” আনহাতে আন একাংশই তেওঁৰ এই কথাৰ লগো দিছে। ২০১৭ চনত মুক্তিপ্ৰাপ্ত “ৰাবটা” ছবিখনৰ পিছতেই সুশান্ত আৰু কৃতিৰ মাজৰ বন্ধুত্ব দেখিবলৈ পোৱা গৈছিল। সুশান্তৰ মৃত্যুৰ সময়তো অভিনেত্ৰী গৰাকী ভাগি পৰিছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform