Rupaliparda.com
এটা কাহিনী আৰু এটা সুন্দৰ গীত "ধেমালি"- 1

এটা কাহিনী আৰু এটা সুন্দৰ গীত “ধেমালি”-

এটা গীতেৰে এটা কাহিনীক উপস্থাপন কৰা আমি প্ৰায় দেখো। আজি-কালি প্ৰায় প্ৰতিটো গীতৰ সৈতে খাপ খোৱাকৈ একোটা কাহিনী থাকে যিয়ে জনসাধাৰণক আৰু অধিক সংযোগ কৰে; গতিকে এনেক্ষেত্ৰতেই মুক্তি লাভ কৰিবলৈ গৈ আছে এনে এটি গীত “ধেমালি”; গৌৰৱ মাৰ্ভেলৰ কন্ঠৰে মুক্তি লাভ কৰিবলগীয়া এই গীতটিত কথা ডানিশৰ লগতে ইয়াত সংগীত প্ৰযোজনা আৰু শব্দ সংমিশ্ৰণ টাইফুন মিউজিকৰ। গীতটিত বাঁহী দিলীপ হিৰাৰ আৰু “ধেমালি” ত সহকাৰী কন্ঠশিল্পী জোনাকী মন। গীতটিত থকা কাহিনী আৰু ইয়াৰ পৰিচালনা প্ৰাঞ্জল গৈয়াৰীৰ। গীতটিৰ ভিডিঅ’ দৃশ্যগ্ৰহণ তিৰাপ সীমান্ত মেধিৰ; মুঠতে যদি এক কথাত ক’বলৈ যাওঁ তেনেহ’লে পূৰ্ণৰূপত ই এক নৱপ্ৰজন্মৰ দ্বাৰা সৃষ্ট শেহতীয়া প্ৰকল্প। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক কথা-বতৰা যোগে পৰিচালক প্ৰাঞ্জল গৈয়াৰীৰ পৰা সংগীতৰ দ্বাৰা কাহিনীক ব্যক্ত কৰিবলগীয়া এই গীতটিৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “এগৰাকী পৰিচালক ৰূপে মই ড্ৰামাহে পৰিচালনা কৰিবলৈ বিচাৰো। গতিকে মোৰ ইচ্ছাটোক লগতে এই সংগীতটোক লগ লগাই মই কিবা এটা নতুন ৰাইজৰ মাজলৈ অনাৰ প্ৰয়াস কৰিছো।”

এটা কাহিনী আৰু এটা সুন্দৰ গীত "ধেমালি"- 2


আগলৈ তেওঁ কয় যে, “এই গীতটোত থকা কাহিনীভাগত মই এজনী সৰু ছোৱালীক জনসাধাৰণৰ মাজলৈ লৈ আনিছো; তেওঁ হয়টো এই গীতটিক আৰু অধিক জীৱন্ত কৰি তুলিছে। লগতে, গৌৰৱ মাৰ্ভেলৰ এই গীতটি খুবেই সুন্দৰ। ইয়াক উপভোগ কৰি শ্ৰোতা-দৰ্শকে সমানেই আকোঁৱালি ল’ব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আৰু লগতে মই আশাবাদী।” এই গীতটিত অভিনয় কৰিছে কুহু ৰয়, পাঞ্চী, গৌৰৱ মাৰ্ভেল আৰু চিমি ভূঞাই। চলিত মাহৰ দুই-এদিনৰ ভিতৰতেই গীতটিয়ে মুক্তি লাভ কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে।

এটা কাহিনী আৰু এটা সুন্দৰ গীত "ধেমালি"- 3


গীতটিৰ মুক্তিক লৈ বৰ্তমান উৎসাহিত প্ৰতিজন অনুৰাগী। নৱপ্ৰজন্মৰ ন-প্ৰকল্প আৰু তেওঁলোকৰ প্ৰতিভাই আচলতে ইতিমধ্যে জনসাধাৰণক এক সোঁৱাদ প্ৰদান কৰিবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.