Rupaliparda.com
"গীত এটিৰে জনসাধাৰণৰ কাষ চপা যিমান সহজ; সিমান কঠিনো"- পিংকুল আহমেদ 1

“গীত এটিৰে জনসাধাৰণৰ কাষ চপা যিমান সহজ; সিমান কঠিনো”- পিংকুল আহমেদ

সংগীতৰ ন-ন সংস্কৰণে বৰ্তমান আকৰ্ষণ কৰিছে জনসাধাৰণক। বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ থলুৱা প্ৰতিটো সংগীতৰ সংস্কৰণক লৈ অসমীয়া শ্ৰোতাৰ বিশেষ মৰম আমি দেখিবলৈ পাওঁ। সংগীতত কন্ঠদান কৰাৰ উপৰিও সংগীতটোৰ সৃষ্টি কৰাৰ আঁৰত বহুখিনি আন যাৱতীয় কথাও সন্নিৱিষ্ট হৈ থাকে। যেনে ধৰক ইয়াৰ কথা, ইয়াত দিয়া সংগীত, সুৰ তথা পৰিচালনা-প্ৰযোজনা ইত্যাদি; শ্ৰোতাকো নতুনে আকৰ্ষণ কৰে। পৰিৱৰ্তন যিহেটো প্ৰকৃতিৰ নিয়ম গতিকে এনে নিয়মৰে বশৱৰ্তী আমিবোৰ। পিংকুল আহমেদ; জনসাধাৰণৰ বাবে হয়টো এক চিনাকী নাম। সংগীতৰ প্ৰতি আকৰ্ষিত এই যুৱকজনে কৰা সৃষ্টি সমূহৰ বৃদ্ধি পোৱা জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়। আগন্তুক সময়তো কেইবাটাও সংগীত প্ৰকল্পৰ সৈতে জড়িত এই সংগীত পৰিচালক গৰাকী। ৰূপালীপৰ্দাই ইতিমধ্যে বহুকেইজন নৱপ্ৰজন্মৰ যুৱকৰ তেওঁলোকৰ প্ৰতিভা তথা সংগীতৰ এনে যাত্ৰাৰ বিষয়ে পঢ়ুৱৈ সকলক জনাই আহিছে। গতিকে, আজিও দেওবৰীয়া বিশেষত আমাৰ সৈতে আছে পিংকুল আহমেদ; চাওঁ চোন আহকঃ

"গীত এটিৰে জনসাধাৰণৰ কাষ চপা যিমান সহজ; সিমান কঠিনো"- পিংকুল আহমেদ 2

প্ৰশ্নঃ বৰ্তমান সময়ৰ এক জনপ্ৰিয় নাম হৈ পৰিছে পিংকুল; এক বেলেগ সোঁৱাদ দিবলৈ চেষ্টা অব্যাহত ৰাখিছা। সংগীতৰ প্ৰতি কেতিয়াৰ পৰা আকৰ্ষিত? অনুপ্ৰেৰণা কোন?

পিংকুল আহমেদঃ সংগীতৰ সৈতে ঘনিষ্ঠতা বহু পূৰণি। অংকুৰ শ্ৰেণী মানৰ পৰাই সংগীতৰ প্ৰতি এক বিশেষ আকৰ্ষণ অনুভৱ কৰিছিলো। আপুনি সংগীতৰ ক্ষেত্ৰত অনুপ্ৰেৰণা কোন বুলি কৰা প্ৰশ্নৰ উত্তৰত মই প্ৰধানকৈ কোনো এজন ব্যক্তিৰ নাম ল’ব নোৱাৰো। যদিও সংগীত প্ৰযোজনাৰ ক্ষেত্ৰত মোৰ অনুপ্ৰেৰণা আছিল Skrillex আৰু প্ৰয়াত Avicii।

"গীত এটিৰে জনসাধাৰণৰ কাষ চপা যিমান সহজ; সিমান কঠিনো"- পিংকুল আহমেদ 3

প্ৰশ্নঃ এগৰাকী “শিল্পী” ৰ সংজ্ঞা আপোনাৰ মতে কি?

পিংকুল আহমেদঃ “শিল্পী” ৰ সংজ্ঞা পুংখানুপুংখ দিব পৰাকৈ মই ইমান পৈণত নহয়; তথাপিও “প্ৰকৃত শিল্পী” মোৰ মতে সেইজনেই যিয়ে নিজৰ প্ৰতিভাক নিতৌ উন্নত কৰি গৈ থাকিবলৈ চেষ্টা কৰে আৰু আন এজন শিল্পীক সন্মান কৰে, তেওঁৰ প্ৰতিভাক সন্মান দিয়ে। ইউটিউবৰ ভিউচ তথা জনপ্ৰিয়তা আদি দুদিনীয়া আৰু খস্তীয়া জনপ্ৰিয়তাৰ ওপৰত বৰ বেছিকৈ ধ্যান নিদিয়াকৈ প্ৰকৃত “শিল্প” ক জনসাধাৰণৰ মাজত উলিয়াই দিয়াটোৱে হৈছে “প্ৰকৃত শিল্পী”।

"গীত এটিৰে জনসাধাৰণৰ কাষ চপা যিমান সহজ; সিমান কঠিনো"- পিংকুল আহমেদ 4

প্ৰশ্নঃ এটা গীতত থকা কি উপাদানে দৰ্শকক আকৰ্ষণ কৰিব বুলি আপুনি ভাৱে?

পিংকুল আহমেদঃ এটি গীতত থকা এটা নিৰ্দ্দিষ্ট উপাদানেৰে দৰ্শকক আকৰ্ষণ কৰাটো সম্ভৱপৰ নহয়। কথা, সুৰ, সংগীত আদিৰ সকলো উপাদানৰ পুংখানুপুংখ সংমিশ্ৰণ থাকিলেহে এটি গীতক দৰ্শকে আকোঁৱালি ল’ব পাৰে। গীত এটিৰে জনসাধাৰণৰ কাষ চপা যিমান সহজ; সিমান কঠিনো।

"গীত এটিৰে জনসাধাৰণৰ কাষ চপা যিমান সহজ; সিমান কঠিনো"- পিংকুল আহমেদ 5

প্ৰশ্নঃ ভৱিষ্যত কোন গৰাকী কন্ঠশিল্পীৰ সৈতে কাম কৰিবলৈ মন?

পিংকুল আহমেদঃ মই যদি এই প্ৰশ্নৰ উত্তৰ দিবলৈ হয় মই ভাগৰি যাম; এখন দীঘলীয়া তালিকা ওলাব মই যদি ইয়াৰ বিষয়ে ক’বলৈ যাওঁ। ভিন্ন প্ৰকাৰৰ সংগীতৰ সংস্কৰণৰ প্ৰতিজন কন্ঠশিল্পী তথা গীতিকাৰৰ সৈতে মোৰ কাম কৰা ইচ্ছা আছে। তেওঁলোকৰ সৈতে কাম কৰিলে হয়টো মইও কিবা নতুন শিকিবলৈ পাম আৰু শ্ৰোতা-দৰ্শকেও মোৰ পৰা কিবা এটা নতুনৰ সোঁৱাদ লাভ কৰিব।

"গীত এটিৰে জনসাধাৰণৰ কাষ চপা যিমান সহজ; সিমান কঠিনো"- পিংকুল আহমেদ 6

প্ৰশ্নঃ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।

পিংকুল আহমেদঃ আগন্তুক পৰিকল্পনা ৰূপে মোৰ ৰাজনিশ শইকীয়াৰ সৈতে “মনে বিচাৰে” শীৰ্ষক এটি গীতে মুক্তি লাভ কৰিব। লগতে, মই ইলেকট্ৰনিক চাউণ্ডৰ সৈতে অসমৰ থলুৱা সংগীত সমূহ সংমিশ্ৰণ কৰি কিবা এটা নতুনৰ প্ৰস্তুত কৰি ৰাইজৰ মাজত উলিয়াই দিয়াৰ প্ৰচেষ্টা চলাইছো।
লগতে ধন্যবাদ ৰূপালীপৰ্দা আৰু ৰীমা বা আপোনাক। আপোনাৰ সৈতে মনৰ কথাবোৰ এনেদৰে ক’বলৈ পাই ভাল লাগিল; এনেদৰে সাক্ষাৎকাৰ দিবলৈ আচলতে বৰ্তমান যোগ্য হৈ উঠা নাই।

"গীত এটিৰে জনসাধাৰণৰ কাষ চপা যিমান সহজ; সিমান কঠিনো"- পিংকুল আহমেদ 7

ৰূপালীপৰ্দাঃ ধন্যবাদ পিংকুল। আগন্তুক সকলো পৰিকল্পনা তোমাৰ সফল হওঁক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform