সমুখত নিৰ্বাচন; প্ৰস্তুত ভিন্ন ৰাজনৈতিক দল সংগঠনৰ লগতে প্ৰস্তুত ৰাইজক মোহাচ্ছন্ন কৰাৰ অৰ্থে চৰকাৰৰ ভিন্ন খন আঁচনি। মুঠতে, নিৰ্বাচনৰ প্ৰাকক্ষণত ইয়াৰ প্ৰস্তুতি তুংগত। শেহতীয়াকৈ ৰাজ্য চৰকাৰে চলচিত্ৰ উদ্যোগক কিছু সকাহ প্ৰদানৰ অৰ্থে সাহায্য প্ৰদান কৰে। ইয়াৰ ফলস্বৰূপে যোৱা ১৬ চেপ্তেম্বৰ তাৰিখেই ভিন্ন চিনেমাগৃহৰ কৰ্তৃপক্ষৰ হাতত চেক প্ৰদান কৰা হয়। ৰাজ্য চৰকাৰৰ এই আঁচনিত গুৱাহাটীৰ কেলভিন চিনেমাৰ দৰে “বি-গ্ৰেড” ছবি প্ৰদৰ্শনৰ বাবেও কথাছবিগৃহৰ নাম অন্তৰ্ভূক্ত কৰা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে দিবলগীয়া ৭৫ লাখ টকাৰ ৩০ লাখ টকা ইতিমধ্যে ১৬ চেপ্তেম্বৰত প্ৰদান কৰিছে। কিন্তু তথাপিও এই আঁচনিত সাঙুৰ নাখালে একাংশ ঐতিহ্যমণ্ডিত ছবিগৃহৰ নাম। বিগত দিনৰ পৰা আবেদন-নিবেদন জনাইও এই আঁচনিত স্থান নাপালে চহৰৰ একাংশ ছবিগৃহই। নগাঁৱৰ অদ্বিতি, কৃষ্ণা চিনেমা হ’লকে আৰম্ভ কৰি জয়শ্ৰী চিনেমা হ’ল আৰু যোৰহাটৰ কেইবাটাও ছবিগৃহক যেন চকু মেলি নাচালে ৰাজ্য চৰকাৰে।


বিগত ৬-৭ মাহৰ পৰা বন্ধ হৈ থকা ছবিগৃহসমূহৰ অধিকাংশই বৰ্তমান একোটা গুদামত পৰিণত হৈছে। তেনেস্থলত একাংশ ছবিগৃহই চৰকাৰী আঁচনিৰ তালিকাত স্থান নোপোৱা কথাটোৱে এতিয়া হতাশ কৰিছে স্থানীয় বাসিন্দাক। আৰু, ৰাজ্য চৰকাৰৰ এই আঁচনিত উক্ত ছবিগৃহসমূহৰ নাম কি কাৰণত অন্তৰ্ভূক্ত কৰা নহ’ল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।
Add comment