Rupaliparda.com
ঘনিষ্ঠ আছিল দিশা তথা সুশান্ত সিং ৰাজপুতঃ শেষৰ পোষ্টতো আছিল দিশা- 1

ঘনিষ্ঠ আছিল দিশা তথা সুশান্ত সিং ৰাজপুতঃ শেষৰ পোষ্টতো আছিল দিশা-

সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ প্ৰতিদিনাই নতুন নতুন তথ্য বাহিৰলৈ অহা দেখিবলৈ পোৱা গৈছে। ৪ মাহ পিছতো অনুৰাগীয়ে যেন যাবলৈ দিয়া তেওঁক অথবা তেওঁৰ স্মৃতিক; প্ৰতিদিনাই ন-ন বিষয়ক লৈ ভাইৰেল হৈছে তথ্য। অভিনেতা গৰাকীৰ শেষৰটো সময়ৰ ফটো অথবা পোষ্ট সমূহে বহুল ৰূপত প্ৰভাৱ বিস্তাৰ কৰিছে অনুৰাগী সকলৰ ওপৰত। ১৪ জুন তাৰিখে য’ত সুশান্তক নিজ বাসগৃহত মৃত অৱস্থাত পোৱা গৈছিল তাতেই আকৌ তেওঁৰ মেনেজাৰ গৰাকীয়ে ৮ জুন তাৰিখে আত্মহত্যা কৰিছিল। উল্লেখ্য যে, দিশাৰ মৃত্যুৰ পূৰ্বে সুশান্তক ফোন কৰা অথবা মৃত্যুৰ পিছত তেওঁক নগ্ন অৱস্থাত উদ্ধাৰ কৰা আদি কথাক নাকচ কৰিছিল মুম্বাই পুলিচে। আচলতে, খবৰ আহিছিল যে সুশান্ত সিং ৰাজপুতৰ পূৰ্ব মেনেজাৰ দিশা সালিয়নে তেওঁৰ শেষৰটো ফোন সুশান্তক কৰিছিল।

ঘনিষ্ঠ আছিল দিশা তথা সুশান্ত সিং ৰাজপুতঃ শেষৰ পোষ্টতো আছিল দিশা- 2
ঘনিষ্ঠ আছিল দিশা তথা সুশান্ত সিং ৰাজপুতঃ শেষৰ পোষ্টতো আছিল দিশা- 3


কিন্তু, এই আটাইবোৰ কথাক উৰা বাতৰিৰ নাম দিছিল মুম্বাই পুলিচে। পুলিচৰ মতে, দিশাই নিজৰ শেষৰটো ফোন সুশান্তক নহয় অংকিতা নামৰ এগৰাকী তেওঁৰেই বান্ধৱীক কৰিছিল। দিশাৰ সৈতে ঘনিষ্ঠ আছিল সুশান্ত; সুশান্তে ইনষ্টাগ্ৰামৰ শেষৰটো ষ্টৰীতো আছিল দিশাৰ নাম। তেওঁ লিখে যে, “এয়া এক বহু দুখ লগা খবৰ। দিশাৰ পৰিয়াল তথা তেওঁৰ প্ৰতিজন বন্ধুলৈ সমবেদনা। শ্ৰদ্ধাঞ্জলি।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.