Rupaliparda.com
চচিয়েল মিডিয়াত এইবাৰ অনুৰাগ কাশ্যপৰ "চাপোৰ্ট চিষ্টেম"- 1

চচিয়েল মিডিয়াত এইবাৰ অনুৰাগ কাশ্যপৰ “চাপোৰ্ট চিষ্টেম”-

দক্ষিণৰ অভিনেত্ৰী পায়েল ঘোষে বলীউড পৰিচালক অনুৰাগ কাশ্যপৰ ওপৰত শোষণৰ আৰোপ লগোৱাৰ পিছতেই এইবাৰ চচিয়েল মিডিয়া যোগে আন কেইবাগৰাকীও অভিনেত্ৰীয়ে তেওঁৰ হকে থিয় দিছে। পায়েল ঘোষে আৰোপ লগাইছিল যে অনুৰাগ কাশ্যপে অভিনেত্ৰী গৰাকীক বাসগৃহলৈ মতাই তেওঁৰ ওপৰত শোষণৰ চেষ্টা চলাইছিল। এই আৰোপক কেন্দ্ৰ কৰি ইতিমধ্যে অনুৰাগ শইকীয়া আৰু তেওঁৰ অধিবক্তাই নিজাববীয়াকৈ মন্তব্য প্ৰদান কৰিছে। এইখিনিতে আকৌ অনুৰাগ কাশ্যপৰ “চাপোৰ্ট চিষ্টমে” হৈ চচিয়েল মিডিয়াত বিভিন্ন পোষ্ট আপলোড কৰা দেখিবলৈ পোৱা গৈছিল। ৰাধিকা আপটে এক টুইটৰ দ্বাৰা অনুৰাগক কয় যে, “অনুৰাগ কাশ্যপ আপুনি মোৰ ঘনিষ্ঠ বন্ধুৰ মাজৰ এজন; আপুনি প্ৰতিদিনেই মোক প্ৰেৰণা অথবা মোৰ সৈতে থিয় দি আহিছে। আপুনি সদায় মোক সমান স্থান দিছে; আপোনাৰ আৰু মোৰ মাজত থকা সন্মান আৰু মৰম বেলেগ। যিটো দিনৰ পৰা মই আপোনাক জানিবলৈ পাৰিছো সেইটো দিনাৰ পৰাই মই আপোনাৰ লগত থাকিলে সুৰক্ষিত অনুভৱ কৰো। বহুত ভালপোৱা।”


আনহাতে আন এগৰাকী অভিনেত্ৰীয়ে লিখে যে, “আপোনাৰ জীৱন অথবা আপোনাৰ কাম…আৰু, এগৰাকী নাৰীক আপুনি যেনেদৰে উপস্থাপন কৰে সেইটোৱে আপোনাৰ বিষয়ে সকলোকে কৈ যায়। আপোনাৰ ভিতৰত যি নাৰীবাদ আছে; সেইটো জনাৰ মই সুবিধা পাইছিলো। আপোনাৰ ওচৰত থিয় হোৱাটো মই নিজৰ বাবে সন্মান হিচাপে গ্ৰহণ কৰো।” ইয়াৰ উপৰিও আন কেইবাগৰাকীও অভিনেত্ৰীয়ে অনুৰাগ কাশ্যপৰ হকে মাত মাতে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.