Rupaliparda.com
"ক'ক গেইছা? অহাই আহ" বুলি মতাৰ পিছত কোন আহিল দিগন্ত ভাৰতীৰ ওচৰত??ঃ 1

“ক’ক গেইছা? অহাই আহ” বুলি মতাৰ পিছত কোন আহিল দিগন্ত ভাৰতীৰ ওচৰত??ঃ

“ক’ক গেইছা? অহাই আহ”; সাম্প্ৰতিক সময়ৰ এখন প্ৰতিচ্ছবি। য’ত আছে ফুটুকাৰ ফেন সদৃশ কিছু জ্ঞানী-মূৰ্খৰ আচাৰ-ব্যৱহাৰ, নীতি-নিৰ্দেশনা। গীতটিয়ে মুক্তি লাভ কৰা পিছতেই সংগীত প্ৰেমী শ্ৰোতাৰ হৃদয় চুবলৈ সক্ষম হৈছে। আজিৰ নৱপ্ৰজন্মৰ সুন্দৰ সৃষ্টি এফালে আৰু আনফালে থকা তেওঁলোকৰ টুলুঙা মানসিক স্থিতি তথা দৃষ্টিভংগীও নুই কৰিব নোৱাৰি। এই আটাইবোৰকেই ভিত্তি কৰি জনপ্ৰিয় অসমীয়া গীতিকাৰ, পৰিচালক তথা কন্ঠশিল্পী দিগন্ত ভাৰতীয়ে প্ৰস্তুত কৰি উলিয়ায় এই গীতটি। গীতটিয়ে শ্ৰোতাক ইমানেই অধিক আকৰ্ষণ কৰিছিল যে চচিয়েল মিডিয়াত গীতটোক ভিন্ন জনে শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ ভাইৰেল কৰি তুলিবলৈও আৰম্ভ কৰিছিল। চলিত বৰ্ষত দিগন্ত ভাৰতীয়ে সম্পূৰ্ণ কৰিলে তেওঁৰ সংগীত জীৱনৰ মুঠ ৩০ টা বৰ্ষ। সেই উপলক্ষে, বিগত ৯ জানুৱাৰী তাৰিখে গুৱাহাটীস্থিত ৰাজ্যিক পুথিভঁৰালত অনুষ্ঠিত কৰা হৈছিল “গানৰ দিন” শীৰ্ষক এক সংগীতানুষ্ঠানৰ। উক্ত অনুষ্ঠানত জুবিন গাৰ্গকে আদি কৰি উপস্থিত আছিল নৱপ্ৰজন্মৰ কেইবাগৰাকীও শিল্পী, কলা-কুশলী।


শেহতীয়াকৈ নিৰ্মিত এই গীতটিত সংগীত প্ৰযোজনা পলাশ সূৰ্য্য গগৈৰ, গীতাৰ ৰূপমৰ লগতে নাগাৰা-খোল বজাইছে কল্প আৰু দীপজ্যোতিয়ে। গীতটিত দিগন্ত ভাৰতীৰ সৈতে কন্ঠদান কৰিছে হিৰন্ময়ী কলিতা আৰু বিদ্যুৎ বিকাশে। ডিজাইন তথা এনিমেশ্বন বিকি কলিতাৰ। গীতটিৰ জৰিয়তে তথাকথিত সমাজ খনত চলি থকা একাংশৰ সস্তীয়া জনপ্ৰিয়তাৰ কথা বহিঃপ্ৰকাশ কৰাৰ ক্ষেত্ৰত সফল হৈছে শিল্পী দিগন্ত ভাৰতী। গীতটি উপভোগ কৰি অধিকাংশই মুখত হাঁহি বিৰিঙাইছে, কিন্তু গীতটিৰ অন্তনিৰ্হিত গম্ভীৰ ভাৱধাৰাক নুই কৰিব পৰা নাযায়। দিগন্ত ভাৰতী; এনে এজন ব্যক্তি যাৰ প্ৰতিটো গীতৰ চৰ্চা নোহোৱাকৈ নাথাকে; তেওঁৰ শিষ্যসকলেও প্ৰতিটো সময়ত তেওঁৰ সান্নিধ্যত থাকি গীতৰ চৰ্চা কৰি একোটা গীতৰ মুক্তি দিয়া দেখিবলৈ পোৱা যায়।

"ক'ক গেইছা? অহাই আহ" বুলি মতাৰ পিছত কোন আহিল দিগন্ত ভাৰতীৰ ওচৰত??ঃ 2


“ক’ক গেইছা, অহাই আহ” শীৰ্ষক এই গীতটিত শিৰোনাম দেখিয়ে হয়টো আপোনালোকে ধৰিব পাৰিছে যে গীতটি নামনি অসমৰ কথা কোৱা ধৰণটোক ব্যৱহাৰ কৰিয়ে প্ৰস্তুত কৰি উলিওৱা হৈছে। আগন্তুক সময়ত আন বহুকেইটা ন-ন প্ৰকল্পৰ সৈতে থাকিব শিল্পী দিগন্ত ভাৰতী।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.