Rupaliparda.com
জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ খেলি-মেলি বাখ্যাৰে চুটি ছবি "ৰাম"- 1

জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ খেলি-মেলি বাখ্যাৰে চুটি ছবি “ৰাম”-

জীৱন; এই জীৱনটোক লৈয়ে প্ৰতিজন ব্যক্তি বিশেষভাৱে ব্যস্ত। কোনোৱে যদি ইয়াক কেনেদৰে উন্নত কৰো তাৰ পৰিকল্পনা কৰিছে আনহাতে এই জীৱন যাত্ৰাত কোনোৱে সংগ্ৰামৰ মাজেৰে পাৰ কৰিছে দিন। সঁচা অৰ্থত “জীৱনৰ মূল্য” নুবুজা আৰু “জীৱনৰ লক্ষ্য” নথকা ব্যক্তি সমূহ বঠা নোহোৱা নাওঁৰ দৰে। তেওঁলোকে এই যাত্ৰা কোনদিশে লৈ যাব তাৰ কোনোধৰণৰ নিশ্চয়তা নাথাকে; ফলত এই ক্ষেত্ৰতে বহুলোক হতাশাৰ মাজলৈ গুচি যায় আৰু কোনো কোনো লোক হয় পৰে মানসিক বিকাৰগ্ৰস্ত। লক্ষ্য, উদ্দেশ্য আদিৰ সন্ধান কৰি কৰি তেওঁলোকে নকৰিবলগীয়া কিছু কাম কৰিবলৈ বাধ্য হৈ পৰে। আপোনজনক হেৰুৱায় অথবা আপোনাজনে তেওঁক হেৰুৱাবলগীয়াত পৰে। সেইবাবেই হয়টো এই জীৱনৰ মোহ প্ৰত্যেকজন ব্যক্তিৰ তাতেই দেখিবলৈ পোৱা যায়। ঈশ্বৰ এই আটাইবোৰৰ উৰ্দ্ধত যদিও ভাল-বেয়া অথবা ঋণাত্মক-ধনাত্মকৰ চিন্তা এই জীৱনটোতেই সুস্থ মানসিকতাৰে কৰিবলগীয়া হয়।


“লক-ডাউন” আৰু চুটি ছবিৰ এক সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠিছে। একোখনকৈ সুন্দৰ চুটি ছবিয়ে প্ৰশংসা লাভ কৰাৰ উপৰিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে বঁটা। বিগত ৭-৮ মাহ মানৰ পৰাই চুটি ছবিসমূহে এক অন্য দৃষ্টিভংগীৰ সৃষ্টি কৰিছে জনসাধাৰণ সমূহৰ মাজত। প্ৰেম, বিদ্ৰোহ, ৰাজনৈতিক, থ্ৰীলাৰ অথবা চাচপেন্স আদি ভিন্ন বিষয়বস্তুৰে নিৰ্মিত একোখন চুটি ছবি আপোনালোকে ইতিমধ্যে উপভোগ কৰিছে বিগত “লক-ডাউন” ৰ সময়ছোৱাত। এনেদৰেই এখন মানসিক থ্ৰীলাৰ ধৰ্মী “ৰাম” য়ে বৰ্তমান লাভ কৰিছে দৰ্শকৰ সমাদৰ। এগৰাকী ব্যক্তিৰ মনস্তাত্বিক স্থিতি তথা জীৱনক লৈ থকা তেওঁৰ প্ৰশ্ন সমূহক কেন্দ্ৰ কৰিয়েই এই চুটি ছবিখন নিৰ্মাণ কৰি উলিওৱা হৈছিল।

জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ খেলি-মেলি বাখ্যাৰে চুটি ছবি "ৰাম"- 2


পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰিছে মৃগাংক পাৰ্তিক পৰাশৰে আৰু ইয়াত অভিনয় কৰিছে আকাশ চামালাগাইনে। ছবিখনৰ বেকগ্ৰাউণ্ড স্কৰ ত্ৰিদীব কাকতিৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform