Rupaliparda.com
" শিল্পী সদায় সমাজৰ বাবেহে"- অন্বেষা মহন্ত 1

” শিল্পী সদায় সমাজৰ বাবেহে”- অন্বেষা মহন্ত

“Zeroth Drama” ৰ দ্বাৰা শিল্পী সদায় সমাজৰ বাবেহে নিৰ্মাণ হৈ থকা প্ৰকল্প সমূহে আমোদ দিয়া কথা হয়টো নক’লেও আপোনালোকে জানে! ব্যংগ, হাস্য অথবা কোনো ধৰণৰ বিষয়ক লৈ এই ইউটিউব চেনেলটোৰ নিবেদনত নিৰ্মিত প্ৰকল্প সমূহে মনোৰঞ্জন প্ৰদান কৰিছে অসমীয়া দৰ্শকক। উক্ত চেনেলটোৰ সৈতে জড়িত হৈ আছে নৱপ্ৰজন্মৰে একাংশ কলা-কুশলী; ইয়াৰ মাজৰ এগৰাকী হৈছে অন্বেষা মহন্ত। নিজ পিতৃৰ দ্বাৰা মনোৰঞ্জন ক্ষেত্ৰখনত চিনাকী হোৱা অন্বেষাই কেমেৰাৰ সমুখত অভিনয় কৰাৰ সমান্তৰালকৈ কেইবাখনো নাটতো অভিনয় কৰি দৰ্শকৰ মাজত নিজৰ পৰিচয় দাঙি ধৰিছে। ৰূপালীপৰ্দাৰ সৈতে এইগৰাকী অভিনেত্ৰীৰ হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া তেওঁৰ অভিনয় ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কয় যে, “মই প্ৰথম তিনি বছৰ বয়সতে মঞ্চত অভিনয়ৰ সুবিধা লাভ কৰিছিলোঁ; মোৰ দেউতা শ্ৰী দ্বিজেন মহন্ত এজন শিক্ষকৰ লগতে এজন নাট্যকৰ্মীও। দেউতাৰ পৰিচালনাতে মই পোন প্ৰথমবাৰৰ বাবে “মূৰ্চ্ছনা” নাট্যগোষ্ঠীৰ সৌজন্যত নাট্যকৰ্মশালাত সেই তিনি বছৰ বয়সতে যোগদান কৰিছিলোঁ আৰু সেই বছৰেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ “লভিতা” নাটকত এটি সৰু নিৰ্বাক চৰিত্ৰত অভিনয় কৰিছিলো। পৰৱৰ্তী সময়ত, উক্ত মূৰ্চ্ছনা নাট্যগোষ্ঠীৰ অধীনত প্ৰায় দহ বছৰ পৰ্যন্ত প্ৰশিক্ষণৰ সমান্তৰালকৈ নাট্যাভিনয় কৰি আহিছিলো।

" শিল্পী সদায় সমাজৰ বাবেহে"- অন্বেষা মহন্ত 2


তেওঁ আগলৈ কয় যে, “ৰূপালী পৰ্দাত মই ভূমুকি মাৰিবলৈ সুযোগ পাইছিলো শ্ৰদ্ধেয় মুন্না আহমেদৰ দ্বাৰা পৰিচালিত “প্ৰিয়া-মিলন” ছবিখনত; তেতিয়া মোৰ বয়স আছিল ৬ বছৰ। দূৰদৰ্শনৰ ধাৰাবাহিকত প্ৰথম অভিনয় কৰিছিলো হেমন্ত দাসৰ দ্বাৰা পৰিচালিত “যাত্ৰা” ত। ইয়াৰ পিছতে কেইবাখনো ভিডিঅ চিডিত শিশু শিল্পী হিচাপে অভিনয় কৰিছিলো মই। আৰু, এনেদৰেই অভিনয়ৰ বিভিন্ন ক্ষেত্ৰৰ লগত মোৰ পৰিচয় ঘটিছিল। এগৰাকী “শিল্পী” ৰ বৈশিষ্ট্য তেওঁৰ মতে কি বুলি কৰা প্ৰশ্নৰ উত্তৰত অন্বেষাই কয় যে, ” মোৰ ধাৰণাত এজন পৰিৱেশনকাৰী (Performer) আৰু শিল্পী(Artist) ৰ মাজত যথেষ্ট পাৰ্থক্য আছে ; চৌষষ্ঠী কলাৰ যি কোনো এক কলা সাধনাৰে নৈপূণ্য আহৰণ কৰি সমাজত যোগাত্মক প্ৰভাৱ পেলাই যিয়ে সমাজ পৰিৱৰ্তনৰ ক্ষমতা ৰাখে, মই ভাবো তেয়েই এজন শিল্পী। শিল্পী সদায় সমাজৰ বাবেহে; শিল্পীৰ সদায় এক সামাজিক দায়বদ্ধতা থাকে বুলি মই অনুভৱ কৰো। যেতিয়াই এজন শিল্পীৰ এই দায়বদ্ধতা হেৰাই যায়, তেতিয়াই তেও শিল্পীৰ পৰা পৰিৱেশনকাৰীলৈ সলনি হয়।অৱশ্যে এয়া মোৰ সম্পূৰ্ণ ব্যক্তিগত অনুভৱহে।”

" শিল্পী সদায় সমাজৰ বাবেহে"- অন্বেষা মহন্ত 3


আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “যিহেতু মোৰ বন্ধু বেদব্ৰত বৰা আৰু অৰ্পিতা শৰ্মাৰ লগত “Zeroth Drama” নামৰ আমাৰ এটা নিজা ইউটিবচেনেল আছে গতিকে তাৰ নিয়মীয়া কাম সমূহতো থাকিবই। নতুন ভিডিঅ’য়ো ৰাইজে অতি সোনকালেই দেখিবলৈ পাব। ইয়াৰোপৰি আন এটি নতুন ইউটিউব চেনেল “Assam Senti” ৰ লগত শেহতীয়াকৈ জড়িত হৈ এখন ৱেব চিৰিজ নিৰ্মাণৰ পৰিকল্পনা কৰি আছো। “80 killos of obsession” নামৰ এই ৱেব চিৰিজৰ ইতিমধ্যে চিত্ৰনাট্য সম্পূৰ্ণ হৈ কাষ্টিং আৰু সংগীতৰ কাম চলি আছে। ইয়াৰোপৰি, এখন ছবিত অভিনয়ৰ সুযোগ পাইছিলো।আগষ্টৰ পৰা কাম আৰম্ভ হোৱাৰ কথা আছিল যদিও বৰ্তমান ক’ৰোণা অতিমাৰীৰ বাবে কাম আৰম্ভ কৰিব পৰা হোৱা নাই। আশা কৰিছো অতি সোনকালে কাম আৰম্ভ হ’ব।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform