Rupaliparda.com
বিয়েৰ গ্ৰীল্সৰ সৈ অক্ষয় কুমাৰ বহুল চৰ্চিত খণ্ডঃ 1

বিয়েৰ গ্ৰীল্সৰ সৈ অক্ষয় কুমাৰ বহুল চৰ্চিত খণ্ডঃ

শেহতীয়াকৈ অক্ষয় কুমাৰক “ইন টু দা ৱাইল্ড ৱিথ বিয়েৰ গ্ৰীল্স” ত দেখিবলৈ পোৱা গৈছিল। এই শ্ব’টো বৰ্তমানৰ আটাইতকৈ জনপ্ৰিয় টিভি শ্ব’ ৰূপে ওলাই আহিছে। ইয়াক চলিত মাহৰ ১৪ চেপ্তেম্বৰ তাৰিখেই সম্প্ৰচাৰিত কৰা হৈছিল; আৰু তাৰ পিছতেই খণ্ডটো এইটো বৰ্ষৰ আটাইতকৈ অধিক দৰ্শকে উপভোগ কৰা খণ্ডৰ মাজৰ এটা হৈ পৰিছে। এই শ্ব’টোৰ বাবে শ্বুটিং কৰা হৈছিল এইটো বৰ্ষৰে কৰ্ণাটক বান্দীপুৰৰ টাইগাৰ ৰিজাৰ্ভত। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অভিনেতা ৰজনীকান্তৰ পিছত অক্ষয় কুমাৰ হৈছে তৃতীয় জন ভাৰতীয় যিয়ে এই শ্ব’টোলৈ আহিছিল আৰু এই খণ্ডটোক বৰ্তমান অধিকতম লোকে পচন্দ কৰি ইয়াক উপভোগ কৰিছে। ডিস্কভাৰীত প্ৰিমিয়াৰ হোৱাৰ লগে লগে ইয়াক ১.১ কোটি লোকে উপভোগ কৰা লগতে এই সপ্তাহটোত এই খণ্ডটোক ২.৬ কোটি লোকে উপভোগ কৰে।

বিয়েৰ গ্ৰীল্সৰ সৈ অক্ষয় কুমাৰ বহুল চৰ্চিত খণ্ডঃ 2


এই শ্ব’টো #KhiladiOnDiscovery ক লৈ ১.৩১ বিলিয়নৰ কাষ চাপে আৰু ইয়াত ইম্প্ৰচেন প্ৰদান কৰে ২.৯ বিলিয়নে; গতিকে বৃহৎ সংখ্যাৰে এই শ্ব’টো আটাইতকৈ চৰ্চিত শ্ব’ ৰূপে পৰিগণিত হ’ল। অক্ষয় কুমাৰে ডিস্কভাৰীত সম্প্ৰচাৰিত এই শ্ব’টোত ৰচীৰে ষ্টন্ট কৰে আৰু তেওঁ নিজৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰা বুলিও ব্যক্ত কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.