Rupaliparda.com
ভগৱান "শ্ৰী ৰাম" ৰ ৰূপত এইবাৰ থাকিব প্ৰভাস! 1

ভগৱান “শ্ৰী ৰাম” ৰ ৰূপত এইবাৰ থাকিব প্ৰভাস!

“বাহুৱলী” ৰ পিছত এইবাৰ অন্য এক ৰূপত দেখিবলৈ পোৱা যাব দক্ষিণ ছবি ক্ষেত্ৰৰ চুপাৰষ্টাৰ প্ৰভাসক। “আদিপুৰুষ” শীৰ্ষক এখন ছবিত দেখিবলৈ পোৱা যাব এই গৰাকী অভিনেতাক। কিছুদিন পূৰ্বে প্ৰভাসে ছবিখনত তেওঁৰ স্থিতি বিষয়ে বুজাই দিয়ে আৰু তাৰ পিছতেই ছবিখনক উদ্দেশ্যি বিভিন্ন খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে। “বাহুৱলী” ৰ দৰেই এইবাৰো অন্য এক ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা যাব প্ৰভাসক। অনুৰাগীও এই ছবিখনৰ বিভিন্ন খবৰৰ বিষয়ে জানিবলৈ পাই বৰ্তমান উৎসাহিত হৈ পৰিছে। খবৰনুসৰি, এনে চৰ্চা সমুখলৈ আহিছে যে এইবাৰ প্ৰভাসক “শ্ৰী ৰাম” ৰ অৱতাৰত দেখিবলৈ পোৱা যাব। আৰু, সমান্তৰালকৈ এই চৰ্চিত কথাৰেই বৰ্তমান প্ৰভাসৰ একাংশ অনুৰাগীয়ে চচিয়েল মিডিয়াত ভাইৰেল কৰিছে বিভিন্ন ফটো। “শ্ৰী ৰাম” ৰ অৱতাৰৰ সৈতে প্ৰভাসৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। ছবিখনক লৈ সম্পূৰ্ণ কোনো তথ্য এতিয়ালৈ জনসাধাৰণক দিয়া হোৱা নাই যদিও জানিব পৰা গৈছে যে ছবিখনত প্ৰভাসৰ সৈতে থাকিব অভিনেত্ৰী অনুষ্কা শৰ্মা।

ভগৱান "শ্ৰী ৰাম" ৰ ৰূপত এইবাৰ থাকিব প্ৰভাস! 2
ভগৱান "শ্ৰী ৰাম" ৰ ৰূপত এইবাৰ থাকিব প্ৰভাস! 3


ইতিমধ্যে ছবিখনৰ টিজাৰ মুকলি কৰা হৈছে যদিও ছবিখনত অইন কোনে অভিনয় কৰিব সেই বিষয়ে ছবিখনৰ নিৰ্মাতাই কোনো বিতং তথ্য সম্প্ৰতি জনসাধাৰণক দিবলৈ বিচৰা নাই। অনুষ্কা শৰ্মা বৰ্তমান ব্যস্ত হৈ পৰিছে তেওঁলোকৰ জীৱনলৈ আহিবলগীয়া এক নতুন জীৱনক লৈ। তেওঁ প্ৰায়ে একোখন চচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিছে। কিন্তু, “আদিপুৰুষ’ ৰ সৈতে জড়িত হোৱাৰ কোনো খবৰ তেওঁ অনুৰাগীক জানিবলৈ দিয়া নাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.