এখন নতুন মুখ আৰু অনুৰাগীৰ এক দীঘলীয়া শাৰী; মুঠতে নৱপ্ৰজন্মৰ লানি-নিছিগা প্ৰতিভাৰ বৰ্তমান সোঁত বৈছে এই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত। শেহতীয়াকৈ জনসাধাৰণৰ সমুখলৈ অহা লগতে ক্ৰমশ চিনাকী হৈ পৰা এখন মুখ হৈছে অভিনেত্ৰী পাঞ্চী প্ৰিয়াৰ। কেইবাটাও অসমীয়া মিউজিক ভিডিঅ’ৰ লগতে মডেলিং ক্ষেত্ৰখনৰ সৈতও জড়িত পাঞ্চী। ইখনৰ পিছত সিখন নতুন মুখ জনসাধাৰণৰ সমুখলৈ আহি তেওঁলোকক উৎসাহিত কৰি তোলাত সক্ষম হৈছে। সদ্যমুক্তি প্ৰাপ্ত কেইবাটাও গীতৰ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে এই অভিনেত্ৰী গৰাকীক। ৰূপালীপৰ্দাৰ জৰিয়তে ইতিমধ্যে আপোনালোক পঢ়ুৱৈ খিনিয়ে বহুখিনি ন-ন প্ৰতিভাৰ বিষয়ে জানিবলৈ পাৰিছে। গতিকে, এনেক্ষেত্ৰতে বৰ্তমান আমি আপোনালোকক জনাবলৈ বিচাৰিছো পাঞ্চী প্ৰিয়াৰ বিষয়ে কিছু কথা; ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে অভিনেত্ৰীগৰাকীক তেওঁৰ অভিনয়ৰ ক্ষেত্ৰত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে,

“মই অভিনয়ক শ্ৰদ্ধা কৰিছিলো সৰুৰ পৰাই কিন্তু পেছাগতভাৱে ২০১৯ ৰ পৰাহে মই অভিনয় ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছো; অভিনয়ৰ সমান্তৰালকৈ মডেলিং কৰিও মই যথেষ্ট ভাল পাওঁ।” অভিনেত্ৰী গৰাকীৰ মতে “শিল্পী” ৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “এগৰাকী “শিল্পী” আচলতে বহুল সংজ্ঞাৰে আবৃত; ইয়াত সংজ্ঞা বুলি ক’লে বহুখিনি কথাই সোমাই পৰে । এগৰাকী শিল্পীৰ শ্ৰম,অধ্যৱসায়,আৰু পৰিশ্ৰমৰ বলতহে প্ৰতিষ্ঠিত হয়; কিন্তু সঁচা কথা ক’বলৈ হ’লে মই এতিয়াও এগৰাকী ভাল প্ৰতিষ্ঠিত শিল্পী হ’বলৈ বহুখিনি বাকী আছে , সেয়েহে বৰ্তমান সময়ত মই এগৰাকী “শিল্পী” ৰ পুংখানুপুংখ সংজ্ঞা দিবলৈ অসমৰ্থ ।” পাঞ্চী প্ৰিয়াৰ পৰা তেওঁৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক প্ৰকল্পৰ বিষয়ে ক’ব গ’লে মই বৰ্তমান নতুন অসমীয়া ছবি এখনৰ কাম কৰি আছো আৰু লগতে অসমীয়া “মিউজিক ভিডিঅ” কিছুমানৰো কাম কৰি আছোঁ। ৰাইজৰ মৰম আৰু আৰ্শীবাদবোৰ সদায় মোৰ ওপৰত থাকিলে নিশ্চয় এই অভিনয় ক্ষেত্ৰখনত আৰু বহুখিনি কাম কৰি যাবলৈ সক্ষম হ’ম ।”


আগলৈ তেওঁ কয় যে, “শেষত এটাই কথা ক’ম যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰো’ণা মহামাৰীক প্ৰতিহত কৰিবলৈ সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি নিজ নিজ কৰ্তব্য সমূহ পালন কৰি যাওঁক । সকলোৱে সুস্থ থাকক; সুৰক্ষিত থাকক । সমান্তৰালকৈ মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছো ৰূপালীপৰ্দাক যে মোক তেওঁলোকে এইখিনি সুবিধা দিছে।” অভিনেত্ৰী গৰাকীৰ বৰ্তমানৰ অনুৰাগী আচলতে লেখত ল’বলগীয়া। বহু কম সময়তে জনসাধাৰণক আপ্লুত কৰিবলৈ সক্ষম হৈছে পাঞ্চী প্ৰিয়া।
Add comment