Rupaliparda.com
পৰিচালক ৱঁৱেচিচ তালুকদাৰৰ ন-প্ৰচেষ্টাঃ 1

পৰিচালক ৱঁৱেচিচ তালুকদাৰৰ ন-প্ৰচেষ্টাঃ

দেশত ক’ৰোণা ভাইৰাছে বিভীষিকাৰ সৃষ্টি কৰিলেও মনোৰঞ্জন ক্ষেত্ৰখনত কাহানিও স্তব্ধতা আহি নপৰে। প্ৰায় প্ৰতিটো ক্ষণত ইয়াত থকা শিল্পী, কলা-কুশলীয়ে প্ৰচেষ্টা চলাই থাকে নিজ অনুৰাগী অথবা দৰ্শক সকলক মনোৰঞ্জন প্ৰদান কৰাৰ। ঘৰতে বহি নহ’লে নিজে থকা ঠাইখিনিতে কিবা এটা কৰি দৰ্শকক আপ্লুত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে এতিয়া প্ৰত্যেকেই। শেহতীয়াকৈ নৱপ্ৰজন্মৰ পৰিচালক ৱঁৱেচিচ তালুকদাৰে দৰ্শকৰ মনোৰঞ্জনৰ অৰ্থে মুকলি কৰিছে ইউটিউবত এক মনোৰঞ্জন ধৰ্মী অনুষ্ঠানৰ; Oasis Motion Films ৰ নিবেদনত “অযান্ত্ৰিক” শীৰ্ষক এটি অনুষ্ঠানৰ দ্বাৰা এতিয়া মনোৰঞ্জন প্ৰদান কৰাৰ চেষ্টা কৰিছে পৰিচালক গৰাকীয়ে। ইতিমধ্যে উক্ত অনুষ্ঠানটোৱে জনপ্ৰিয়তাও লাভ কৰিছে জনসাধাৰণৰ মাজত; কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীক মাতি অনা হৈছে এই অনুষ্ঠানৰ মাজলৈ য’ত তেওঁলোকৰ নিজৰ ব্যক্তিগত কিছু কথা প্ৰকাশৰ লগতে আহিবলগীয়া সময়ত কৰা তেওঁলোকৰ পৰিকল্পনাৰ বিষয়েও অনুষ্ঠানটোৰ জৰিয়তেই ৰাইজৰ মাজত প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে, অনুষ্ঠানটোত ঘোষক ৰূপে আছে অসমীয়া অভিনয় ক্ষেত্ৰৰ এগৰাকী জনপ্ৰিয় অভিনেতা উদয়ন দুৱৰা।


উল্লেখ্য যে, আগন্তুক সময়ত পৰিচালক ৱঁৱেচিচ তালুকদাৰৰ পৰিচালনাৰে এখন নতুন অসমীয়া ছবি “পৰিক্ৰমা” মুক্তি পাব। “লক-ডাউন” অথবা ক’ৰোণা ভাইৰাছে সমাজত মাধমাৰ নোসোধোৱা হ’লে হয়টো বৰ্তমানলৈ ছবিখন উপভোগ কৰিব পাৰিলেহেঁতেন অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকে ।ভূত-বৰ্তমান-ভৱিষ্যতৰ সংলগ্নতাৰে তথা এটি সুন্দৰ প্ৰেম কাহিনীৰ পটভূমিত নিৰ্মিত কৰা হৈছে ছবি “পৰিক্ৰমা”। সৰল অথচ এক ব্যতিক্ৰমী প্ৰেম কাহিনীৰে নিৰ্মিত এই ছবিখনত অভিনয়ো কৰিছে কেইবাগৰাকীও সুদক্ষ অভিনেতা- অভিনেত্ৰীয়ে।

পৰিচালক ৱঁৱেচিচ তালুকদাৰৰ ন-প্ৰচেষ্টাঃ 2


ৱঁৱেচিচ তালুকদাৰৰ এই ছবিখনত অভিনয় কৰিছে কপিল বৰা, আলিস্মিতা গোস্বামী, বিষ্ণু খাৰঘৰীয়া, প্ৰতিভা চৌধুৰী, উপকূল বৰদলৈ, অৰুণ নাথ আৰু আভা দিহিঙীয়াই। ছবি পৰিচালনাৰ সমান্তৰালকৈ দৰ্শকক মনোৰঞ্জন কৰাৰ বাবে কৰা এনে প্ৰচেষ্টা লেখত ল’বলগীয়া।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform