Rupaliparda.com
ৰাজনীতিত যোগদান কৰা পিছতেই বাবু বৰুৱাৰ ন-গীতঃ 1

ৰাজনীতিত যোগদান কৰা পিছতেই বাবু বৰুৱাৰ ন-গীতঃ

ৰাজনীতিত যোগদান কৰা পিছতেই বাবু বৰুৱাৰ আন এক নতুন গীতৰ মুক্তি পাবলৈ গৈ আছে। শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰা এই কন্ঠশিল্পী গৰাকীক কিছুদিন পূৰ্বে বহুল ৰূপত সমালোচনা কৰা হৈছিল চচিয়েল মিডিয়াত। কন্ঠশিল্পী গৰাকীৰ ৰাজনীতিত যোগদান কৰা কাৰ্যই আচলতে হতাশো কৰি তুলিছিল তেওঁৰ অনুৰাগীক। কিন্তু বৰ্তমান কন্ঠশিল্পী গৰাকী ব্যস্ত তেওঁৰ আগন্তুক গীতৰ পৰিকল্পনাক লৈ। এম মা প্ৰডাকচনৰ বেনাৰত “জনমে জনমে” শীৰ্ষক এই গীতটিৰ ভিডিঅ’ৰ শ্বুটিঙো কৰি থকা হৈছে। উল্লেখ্য যে, “কা” আন্দোলনৰ সময়তে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ’বলৈ ওলোৱা কন্ঠশিল্পী বাবু আগন্তুক সময়ত ২১ৰ নিৰ্বাচনত দলৰ মতনুসৰি সকলো ঠিক হ’লে পশ্চিম গুৱাহাটী অঞ্চলৰ প্ৰাৰ্থী হ’ব।

ৰাজনীতিত যোগদান কৰা পিছতেই বাবু বৰুৱাৰ ন-গীতঃ 2


চচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা এই কন্ঠশিল্পী গৰাকীয়ে বানপানীৰ সময়ছোৱাত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা বুলি স্বীকৃতি নিদিয়াৰ বাবে পোষ্ট কৰিছিল। ১৯৭০ চনত জন্মগ্ৰহণ কৰা বাবুৰ প্ৰকৃত নাম হৈছে কুমুদ বৰুৱা। পাণ্ডু কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক লাভ কৰা বাবুয়ে “গীত” নামৰ এলবামটিৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল। উক্ত এলবামটিত বাবুৰ সৈতে কন্ঠদান কৰিছিল ভগৱান পাঠক আৰু শান্তা উজীৰে। ইয়াৰ পিছত, বাবুৰ এজন বন্ধুৱে তেওঁক আজাৰা বিহু ফাঞ্চনত গীত পৰিৱেশন কৰিবলৈ কয় আৰু তেতিয়াৰ পৰাই এই ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰে বাবু। ৰ’দ, লখিমী, ৰহেদৈ, বাবুৰ ঠিকনা আৰু পেডেল মাৰি মাৰি ইত্যাদি বিভিন্ন খন মিউজিক এলবামৰ নিৰ্মাণ কৰে বাবুয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform