Rupaliparda.com
অহা মাহৰ পৰা খুলিব চিত্ৰগৃহ! কিন্তু ক'ত? 1

অহা মাহৰ পৰা খুলিব চিত্ৰগৃহ! কিন্তু ক’ত?

ক’ৰোণা কালৰ আৰম্ভণি অৰ্থাৎ বিগত মাৰ্চ মাহৰ মাজৰ সময়ছোৱাৰ পৰা বৰ্তমানলৈ দেশত চিত্ৰগৃহ সমূহ বন্ধ হৈ আছে। বহু সময়ৰ পৰা বন্ধ হৈ থকা এই চিত্ৰগৃহ সমূহ খোলাৰ বাবে এতিয়া যো-জা চলাইছে এখন ৰাজ্যই; দেশত আৰম্ভ হোৱা আনলক ৪.০ ত বিভিন্ন বন্ধ হৈ থকা প্ৰক্ৰিয়া সমূহো চলিবলৈ আৰম্ভ কৰিছে। আৰু, এনেক্ষেত্ৰতে এইবাৰ পশ্চিমবংগত খুলি দিয়া হ’ব ছবিগৃহ সমূহ। পশ্চিম বংগ চৰকাৰ-প্ৰশাসনে আগন্তুক মাহৰ পৰা অৰ্থাৎ অক্টোবৰৰ ১ তাৰিখৰ পৰাই চিত্ৰগৃহ সমূহ খোলাৰ বাবে প্ৰস্তুতি চলাইছে। এই কথাৰ জাননী পশ্চিমবংগৰ মূখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক টুইট যোগে জনসাধাৰণক জানিবলৈ দিয়ে। তেওঁ কয় যে, “সামান্য পৰিস্থিতিলৈ গতি কৰাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰা, খেল, চিনেমা, মিউজিকেল ডান্স প্ৰগ্ৰাম আদি ৫০ শতাংশ অথবা তাতোকৈ কম সংখ্যাৰ লোকক লগত লৈ খোলাৰ অনুমতি দিয়া হৈছে। আৰু, ইয়াৰ লগতে সামাজিক দূৰত্বৰ নিয়ম সমূহো জনসাধাৰণে পুংখানুপুংখ পালন কৰিব লাগিব।” মূখ্যমন্ত্ৰী গৰাকীয়ে মুখত মাস্ক পৰিধান কৰিহে যে এই অনুষ্ঠান সমূহলৈ প্ৰৱেশ কৰিব পাৰিব তাৰ কথাও ব্যক্ত কৰে।

অহা মাহৰ পৰা খুলিব চিত্ৰগৃহ! কিন্তু ক'ত? 2


আচলতে, বিগত বহু দিনৰ পৰাই চিনেমাঘৰৰ মালিক আৰু ছবি নিৰ্মাতা সকলে ছবিগৃহ সমূহ খোলাৰ বাবে আবেদন কৰি আহিছিল। উল্লেখ্য যে, ছবিগৃহ সমূহ খোলাৰ পিছতেই কেইবাজনো জনপ্ৰিয় তাৰকাৰ ছবি মুক্তি লাভ কৰিব; তাৰ ভিতৰত সূৰ্য়ৱংশী অথবা ৮৩ হৈছে লেখত ল’বলগীয়া। পশ্চিমবংগৰ বাহিৰে কিন্তু বৰ্তমান দেশৰ কোনো ঠাইতেই চৰকাৰে ছবিগৃহ খোলাৰ আদেশ প্ৰদান কৰা হোৱা নাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.